• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থলুৱাক উচ্ছেদ কৰি পুঁজিপতিক ভূমি হস্তান্তৰৰ ষড়যন্ত্ৰ; মহিলাৰ ওপৰত জপিয়াই পৰিল আৰক্ষী

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
December 30, 2020 7:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গাঁৱত পুনৰ আজি থলুৱা লোকৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ যোগ্য যে, মিকিৰ বামুণী গ্ৰান্টৰ কৃষক সকলৰ কৃষি ভূমি আৰ্জু কোম্পানীক পাৱাৰ প্ৰকল্প স্থাপনৰ বাবে অসম চৰকাৰৰ নিৰ্দেশনাত নগাঁও জিলা প্ৰশাসনে ভূমি আবন্তন দিয়াক কেন্দ্ৰ কৰি আজি কিছু দিনৰ পৰা অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে।

Apply Now

আজি পুৱাৰ ভাগত পুৰণিগুদাম পাৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ দলে অতৰ্কিতে ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলৰ জেওৰা ভাঙিবলৈ আৰম্ভ কৰে।

আৰক্ষীৰ এনে কাৰ্যত মিকিৰ বামুণী গ্ৰান্টৰ মহিলা সকলে প্ৰতিবাদ কৰাত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে মহিলা সকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলায়।

গোৰ, লাঠি আদিৰে মহিলাক আক্ৰমণ কৰাত প্ৰায় ১৬ গৰাকী মহিলা আহত হয়। তদুপৰি পথেৰে গৈ থকা বুকু মাৰ্ডি নামৰ এজন কৃষকক গুৰুলা গুৰুলকৈ পিতি আহত কৰি লৈ যায়।

এনেদৰে মহিলা কৃষকক আৰক্ষীয়ে নিৰ্যাতন চলোৱাত বিভিন্ন মহলে গৰিহণা দিছে। নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে এই ঘটনাৰ তীব্ৰ গৰিহণা দি এই ঘটনাৰ লগত জড়িত আৰক্ষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

ইয়াৰ পূৰ্বেও আৰক্ষী প্ৰশাসনে কেইবাবাৰো অঞ্চলটোৰ কৃষক সকলক নিৰ্যাতন চলোৱাৰ লগতে ১৪ জনকৈ কৃষকক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ কৃষকক ১৯৭৯-৮০ চনত চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা দিয়া খতিয়ানৰ নথি আছে। কোনো ধৰণৰ ক্ষতি পূৰণ নিদিয়াকৈ কাঢ়ি নিয়া হৈছে কৃষকৰ মাটি।

আৰ্জু নামৰ চ’লাৰ পাৱাৰ কোম্পানীক এই মাটি গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে। কোম্পানীক মাটি গতাই দিবৰ বাবে আজি ১০ বছৰ ধৰি খেতি কৰা হোৱা নাই বুলি চৰকাৰে ভুৱা নথি-পত্ৰ  দিছে।

ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলে যুগ যুগ ধৰি এই ভূমিত খেতি কৰি আহিছে। জাতি-মাটি- ভেটি শ্ল’গানেৰে ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত এতিয়া থলুৱা কৃষকক উচ্ছেদ কৰি পুঁজিপতিক মাটি গতাব বিচৰা কাৰ্যক সকলোৱে ধিক্কাৰ দিছে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd