• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপমান কৰিছিল উৰ্ধতম বিষয়াই : তাৰপিছত UPSC ত উৰ্ত্তীণ হৈ দেখুৱালে আৰক্ষী কনিষ্টবলে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 20, 2024 8:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়া এজন প্ৰাক্তন আৰক্ষী কনিষ্টবলৰ কাহিনী। কনিষ্টবল হিচাপে আৰক্ষীত সেৱা আগবঢ়াই থকাৰ সময়তে উৰ্ধতন বিষয়াই অপমান কৰিছিল তেওঁক। তাৰপিছত চাকৰি এৰি দিছিল কনিষ্টবলগৰাকীয়ে। কনিষ্টবলৰ চাকৰি এৰি লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল তেওঁ। লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এতিয়া চৰ্চালৈ আহিছে যুৱকজনৰ সংগ্ৰামৰ কাহিনী। 

তেওঁৰ নাম উদয়কৃষ্ণ ৰেড্ডী।   উদয়কৃষ্ণ ৰেড্ডীয়ে ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত ৭৮০ নং স্থান লাভ কৰি এগৰাকী IAS বিষয়া হিচাপে উত্তীৰ্ণ হৈছে। 

Apply Now

২০১৮ চনৰ কথা। তেতিয়া আৰক্ষী কনিষ্টবল হিচাপে কৰ্মৰত হৈ আছিল ৰেড্ডী। সেইদিনা আৰক্ষী সকলৰ এটা ড্ৰিল চলি আছিল। সেই  ড্ৰিলত নিৰ্দ্ধাৰিত সময়তকৈ পলমকৈ উপস্থিত হৈছিল উদয়কৃষ্ণ ৰেড্ডী। যাৰ বাবে এগৰাকী বিষয়াই প্ৰায় ৬০ গৰাকী আৰক্ষীৰ সমুখত বেয়াকৈ তিৰস্কাৰ কৰিছিল কনিষ্টবল উদয়কৃষ্ণ ৰেড্ডীক। 

সৰুতেই মৃত্যু হৈছিল উদয়কৃষ্ণৰ পিতৃ-মাতৃৰ। আইতাকৰ লগত ডাঙৰ হৈছিল তেওঁ। চৰকাৰী তেলেগু মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। যদিও তেওঁ IAS হ’ব বিচাৰিছিল, তেওঁৰ সামৰ্থ্য নাছিল। ২০১৩ চনত তেওঁ অন্ধ্ৰ প্ৰদেশ আৰক্ষীত কনিষ্টবল হিচাপে যোগদান কৰে। তেতিয়া তেওঁৰ বয়স ১৯ বছৰ। তেওঁৰ বেটচত তেওঁ আছিল আটাইতকৈ সৰু।

আৰক্ষীত  চাকৰি কৰি থকাৰ সময়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল উদয়কৃষ্ণই। সেই কথাটো গ’ম পাই এগৰাকী চক্ৰ পৰিদৰ্শকে তেওঁক বিভিন্ন ধৰণে গালি-গালাজ কৰিছিল। ঠাট্টা-মস্কৰা কৰিছিল।

উদয়কৃষ্ণ এবাৰ পৰীক্ষাৰ বাবে ৰাজহমুন্দ্ৰীলৈ যোৱাৰ কথা আছিল। সেই কথা জানি এগৰাকী বিষয়াই ইচ্ছাকৃতভাৱে তেওঁক চেণ্ট্ৰি ডিউটিত নিযুক্তি দিছিল। এনে ক্ষেত্ৰত আৰক্ষীয়ে গোটেই ৰাতি থানাৰ বাহিৰৰ পহৰা দি থাকিব লগা হয়। সেই কৰ্তব্যৰ বাবে পৰীক্ষাত উপস্থিত থাকিব পৰা নাছিল তেওঁ।

যেতিয়াই কোনো সুযোগ বা পৰীক্ষা আহিছিল, তেতিয়াই বিষয়াগৰাকীয়ে বিভিন্ন ধৰণে ভৎসনা কৰিবলৈ চেষ্টা কৰিছিল, আত্মবিশ্বাস ধ্বংস কৰিছিল। 

২০১৮ চনৰ ১০ আগষ্টত আৰক্ষীৰ ড্ৰিল চলি থকাৰ সময়ত ড্ৰিলত উপস্থিত হোৱাত ক্ষন্তেক পলম হোৱাৰ বাবে গালি গালাজ কৰিছিল বিষয়া গৰাকীয়ে। লগতে পলম হোৱাৰ বাবে কঠোৰ শাস্তি বিহিছিল উদয়কৃষ্ণক।

বিষয়াগৰাকীয়ে উদয়কৃষ্ণক কৈছিল, “ইমান সপোন নেদেখিবা। তুমি মাত্ৰ এজন কনিষ্টবল।”

এই কথা মানি ল’ব পৰা নাছিল উদয়কৃষ্ণই। সেইদিনাই চাকৰিৰ পদত্যাগ পত্ৰ দাখিল কৰি পূৰ্ণগতিত UPSC ৰ প্ৰস্তুতি চলোৱাৰ কথা ভাবিছিল তেওঁ। কিন্তু বিষয়াগৰাকীয়ে গ্ৰহণ কৰা নাছিল উদয়কৃষ্ণৰ পদত্যাগ পত্ৰ। 

পদত্যাগ পত্ৰখন দলিয়াই দি বিষয়া গৰাকীয়ে কৈছিল, “তুমি মোক ভয় খুৱাইছা নেকি?”

অৱশেষত চাকৰিৰ পৰা আঁতৰি তেওঁ ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। কোচিং চেণ্টাৰত এডমিচন ল’লে উদয়কৃষ্ণই। 

চাকৰি এৰি দিয়াৰ এবছৰৰ পাছত উদয়কৃষ্ণক আৰক্ষীয়ে ডিচাৰ্টেচনৰ জাননী প্ৰেৰণ কৰে। পলায়নকাৰী আখ্যা দিয়া হয় উদয়কৃষ্ণক। 

সকলো বাধাৰ মাজতো তেওঁ ২০১৯ চনত ইউ পি এছ চি প্ৰিলিমছত উত্তীৰ্ণ হয়। কিন্তু মেইনছত বহাৰ আগতে এন অ’ চি জমা দিব লগা হয় উদয়কৃষ্ণই। অৱশেষত গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলক ফোন কৰি বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হয়।

ইয়াৰ পিছত উদয়কৃষ্ণৰ পদত্যাগ গ্ৰহণ কৰা হয়। কিন্তু সেইবাৰ মেইনছত সফল নহ’ল তেওঁ। ইয়াৰ পিছত উদয়কৃষ্ণ আৰু দুবাৰ ব্যৰ্থ হয়। চতুৰ্থ চেষ্টাত তেওঁ সফলতা লাভ কৰে। UPSC পৰীক্ষাত IAS বিষয়া হিচাপে উত্তীৰ্ণ হয় তেওঁ। অতি সোনকালে IAS হিচাপে চাকৰিত যোগদান কৰিব উদয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd