NORTHEAST NOW (Assamese)

খাকী পোচাকত দাগ : আৰক্ষী কনিষ্টবলে কৰিলে ধৰ্ষণ, ৰেকৰ্ড কৰিলে ঘটনাৰ ভিডিঅ’

June 28, 2024 8:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 27, 2024 7:17 pm

পোহৰলৈ আহিছে হায়দৰাবাদত এজন আৰক্ষী কনিষ্টবলৰ বৰ্বৰতা। ৰাজ্যখনৰ চাইবেৰাবাদ অঞ্চলত এজন আৰক্ষী কনিষ্টবলে এগৰাকী যুৱতীক ধৰ্ষণ কৰে। কেৱল ধৰ্ষণ কৰাই নহয় ধৰ্ষণ কৰাৰ সময়ত ভিডিঅ’ও ৰেকৰ্ড কৰিছিল কলংকিত কনিষ্টবলগৰাকীয়ে।

তাৰপিছত সেই ভিডিঅ’ দেখুৱাই ব্লেকমেইল কৰি আহিছিল নিৰ্যাতিতা যুৱকীগৰাকীক।

ইপিনে এই তথ্য লাভ কৰাৰ পিছতে এই সন্দৰ্ভত আৰক্ষীৰ উৰ্ধতন বিষয়াৰ ওচৰত আবেদন জনায় ভুক্তভোগী যুৱতীৰ পিতৃয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, ভুক্তভোগী যুৱতীৰ পিতৃয়ে জনোৱা মতে, অভিযুক্তই প্ৰায় ছমাহ ধৰি যুৱতীগৰাকীক যৌন শোষণ কৰি আছিল। অভিযুক্তই প্ৰথমবাৰৰ বাবে কন্যাক ভাবুকি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। একে সময়তে তেওঁ এটা ভিডিঅ’ও বনাইছিল।

সেই ঘটনাৰ পিছত অভিযুক্তই ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল যুৱতীগৰাকীক।

ছমাহ ধৰি এনেদৰেই চলিছিল যৌন নিৰ্যাতন।

ভুক্তভোগীৰ পিতৃৰ অভিযোগৰ ভিত্তিত ৰাজেন্দ্ৰ নগৰ থানাই অভিযুক্ত কনিষ্টবলজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ মোবাইলৰ পৰা উক্ত ভিডিঅ’টো উদ্ধাৰ কৰিছে

Related News