কোকৰাঝাৰৰ এখন আদালতে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক আজি জামিন দিয়ে যদিও তাৰ পাছতে বৰপেটাৰোড থানাত ৰুজু হোৱা আন এক গোচৰত পুনৰ বিধায়কগৰাকীক আটক কৰা হয়।
কোকৰাঝাৰ আৰক্ষীয়ে জিগনেশ মেৱানীক ১০ দিনৰ বাবে আৰক্ষী জিম্মাত বিচাৰি যি আবেদন দাখিল কৰিছিল সেয়া আদালতখনে নাকচ কৰিছিল l
জিগনেশ মেৱানীৰ অধিবক্তা অংশুমান বৰাই সাংবাদিকৰ আগত জামিন পালেও মেৱানীক আন গোচৰত অভিযুক্ত কৰিৱ পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল। সেইদৰে, আদালতৰ ভূমিকাতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল জিগনেশ মেৱানীৰ অধিবক্তাগৰাকীয়ে।
অধিবক্তাগৰাকীয়ে সন্দেহ কৰা ধৰণেই জিগনেশ মেৱানীক বৰপেটাৰোড থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আটক কৰি আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে বৰপেটাৰোড থানালৈ লৈ যায়।
বৰপেটাৰোড আৰক্ষী থানাত বিধায়ক মেৱানীৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰ নং নং- 81/2022 U/S-294/323/353/354 IPC ৰ অধীনত বিধায়কগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।
আনহাতে, গোৱালপাৰাতো মেৱানীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হোৱাৰ কথা জানিব পৰা গৈছে৷
উল্লেখ্য যে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়কগৰাকীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত ২০ এপ্ৰিলৰ নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
১৮ এপ্ৰিলত মেৱানীয়ে এটা টুইটত মোদীৰ বিৰুদ্ধে মন্তব্য কৰি কৈছিল—”ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘গডছে’ক ঈশ্বৰ হিচাপে উপাসনা কৰে আৰু ২০ এপ্ৰিলত কৰিবলগীয়া গুজৰাট ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক আবেদন জনাইছো যে হিম্মতনগৰ, খাম্বাট আৰু ভেৰাভালৰ দৰে সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱা অঞ্চলসমূহত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে তেওঁ ৰাইজক আবেদন জনোৱা উচিত।”
জিগনেশ মেৱানী এজন অধিবক্তাৰ লগতে মানৱাধিকাৰ কৰ্মীও। তেওঁ গুজৰাট বিধানসভাৰ ভাদগাম সমষ্টিৰ পৰা ২০১৭ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে বিজয়ী হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংবাদিকো। ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চৰ আহ্বায়ক পদতো তেওঁ অধিষ্ঠিত হৈ আছে।