NORTHEAST NOW (Assamese)

Jorhat lynching case: প্ৰকৃততে ক’লা ল’ৰাৰ মৃত্যু হ’ল কিদৰে! গাড়ীৰ চেপাত নে আৰক্ষীৰ গুলীত!

December 1, 2021 2:10 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্য কঁপাই যোৱা যোৰহাটৰ কাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ আজি মৃত্যু হয়। আৰক্ষীৰ ভাষ্য অনুসৰি আৰক্ষীৰ গাড়ীৰ পৰা পলাব খোজোঁতেই আন এখন বাহনৰ খুন্দাত ক’লা ল’ৰাৰ মৃত্যু হয়।

পিছে ক’লা ল’ৰাৰ মৃত্যু এতিয়া অন্য এক পাকচক্ৰত সোমাই পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত প্ৰকাশিত হৈছে আৰক্ষীৰ ভাষ্যৰ বিপৰীতে মৃত্যুৰ আন এটা কাৰণ।

প্ৰধান অভিযুক্তজনৰ মৃত্যুসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে আৰক্ষীৰ গুলীত ক’লা ল’ৰাৰ মৃত্যু হয়।

“মই এতিয়ালৈকে সম্পূৰ্ণ প্ৰতিবেদন পোৱা নাই। কিন্তু যিমান দূৰ মই জানিব পাৰিছো, অভিযুক্তজনে পলাই যাবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে তেওঁক বাধা দিবলৈ গুলী চালনা কৰিব লগা হৈছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল।” মুখ্যমন্ত্ৰী শৰ্মাই কয়।

আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ দুই বিপৰীত ভাষ্যৰ পিছত এতিয়া প্ৰশ্ন হয়, ক’লা ল’ৰাৰ কিদৰে মৃত্যু হ’ল ? আৰক্ষীৰ গুলীত নে গাড়ীৰ চেপাত !

দুই বিপৰীত ভাষ্যৰ পিছত এতিয়া এইয়া প্ৰকৃততেই দুৰ্ঘটনা নে ফেক্ এনকাউণ্টাৰ, এই লৈ প্ৰশ্ন উত্থাপন হৈছে।

Related News