ভক্ষকৰ ৰূপত ৰক্ষক: আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

Police Inspector accused of rape

জনসাধাৰণৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বাহিনী জনসাধাৰণৰ সুৰক্ষাৰ পৰিৱৰ্তে নিৰ্যাতনৰ কাৰক হৈ পৰা কোনো নতুন কথা নহয়। আৰক্ষীৰ এনে জঘন্য নিৰ্যাতনৰ শেহতীয়া এক কাণ্ডই সম্প্ৰতি তীব্ৰ চৰ্চা লাভ কৰিছে। হাইদৰাবাদত সংঘটিত হোৱা এই কাণ্ডত এগৰাকী আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ।

প্ৰকাশিত খবৰ অনুসৰি আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে ২০১৮ চনত এটা গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৰ তদন্তৰ দায়িত্বত আছিল স্থানীয় মৰেডপল্লী আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক নাগেশ্বৰ ৰাও।

এই গোচৰ সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীয়ে মানুহজনক ২০২১ চনলৈকে তেওঁৰ ফাৰ্মহাউচত কাম কৰিবলৈ নিয়োগ কৰিছিল।

ইয়াৰ পিছতে পৰিয়ালটোৰ সৈতে হোৱা চিনাকি সূত্ৰে যোৱা ৭ জুলাইত মহিলাগৰাকীৰ স্বামী ঘৰত নথকাৰ সুযোগ লৈ পৰিদৰ্শকগৰাকী তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু অকলশৰে থকা মহিলাগৰাকীক ধৰ্ষণ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

মহিলাগৰাকীয়ে লগতে দাবী কৰিছে যে ধৰ্ষণৰ পিছত আৰক্ষী পৰিদৰ্শক গৰাকীয়ে দম্পতীহালক তেওঁৰ চৰকাৰী ৰিভলভাৰেৰে মৃত্যুৰ ভাবুকি দিয়ে আৰু তেওঁলোকক চহৰ এৰি যাবলৈ ধমকি দিয়ে।

মহিলাগৰাকীয়ে লগতে উল্লেখ কৰা মতে ৰাৱে শেহতীয়াকৈ স্বামী-স্ত্ৰী দুয়োকে বলপূৰ্বক কোনো অজ্ঞাত স্থানলৈ লৈ গৈছিল। কিন্তু যাত্ৰা পথতে তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু সুযোগ বুজি দম্পতীহালে দুৰ্ঘটনাস্থলীৰ পৰা পলাই আৰক্ষীৰ কাষ চাপে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰাওৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰে আৰু অভিযুক্ত আৰক্ষী পৰিদৰ্শক গৰাকীক আটক কৰিবলৈ বিশেষ দল গঠন কৰে। তেওঁক ইতিমধ্যে নিলম্বিত কৰা হৈছে আৰু বৰ্তমান পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।