• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শূন্য সহনশীলতা! হাওৰাঘাটত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ৫০ হেজাৰ টকা দাবী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

NE NOW NEWS এন ই নাও নিউজ
হাওৰাঘাট , December 21, 2020 7:46 pm

2 min read

police corruption

বৰবিল উপ আৰক্ষী চকী। ফটো: নৰ্থইষ্ট নাও।

186
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দক্ষ আৰু ক্ষমতাশালী বুলি পৰিচিত বিত্ত দপ্তৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সভাই সমিতিয়ে ফুলজাৰি মৰা দুৰ্নীতিমুক্ত অসম আৰু শূন্য শহনশীল নীতিৰ কথা এতিয়া ধোঁৱাচাঙত উঠিছে।

সাধাৰণ ৰাইজক উন্নয়নৰ সপোন দেখুৱাই অহাৰ সময়তে কালি কাৰ্বি আংলঙৰ হাওৰাঘাটত খোদ আৰক্ষীয়ে ৰক্ষকৰ ভূমিকাৰ পৰিবৰ্তে ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ পৰিছে।

উত্তৰ বৰবিল উপ -আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেণ শৰ্মাই১ নং ৰংকুট গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী ধনঞ্জয় মজুমদাৰৰ পৰা মুকুলিকৈ পেট্ৰল বিক্ৰী কৰাৰ অপৰাধত দোকানৰ পৰাই গ্ৰেপ্তাৰ কৰি থানালৈ নি মুক্তিৰ বিনিময়ত পৰিয়ালৰ পৰা ৫০ হেজাৰ টকা দাবী কৰে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেণ শৰ্মাই দাবী কৰা বৃহৎ পৰিমাণৰ ৫০ হেজাৰ টকা দিবলৈ অমান্তি হোৱাত ক্ষুদ্ৰ ব্যৱসায়ী ধনঞ্জয় মজুমদাৰক গোটেই নিশাটো থানাৰ লকাপতে আৱদ্ধ কৰি ৰাখি আৰক্ষী বিষয়াজনে শাৰীৰিকভাৱে নিৰ্যাতন চলায়।

নিৰ্যাতনৰ ফলত বকলীয়াঘাট অসামৰিক চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগীয়া হৈছে বুলি সংবাদ মাধ্যমক জনায় ধনঞ্জয় মজুমদাৰে ।

ইপিনে, উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে কালি বিয়লি চাৰি বজাত ১ নং ৰংকুট গাঁৱত দোকান দি থকা অৱস্থাতে ক্ষুদ্ৰ ব্যৱসায়ী ধনঞ্জয় মজুমদাৰক গ্ৰেপ্তাৰ কৰি নি থানাত আৱদ্ধ কৰি ৰখাৰ পিছতে নিশাৰ ভাগত আৰক্ষী বিষয়া বীৰেণ শৰ্মাই পৰিয়ালটোৰ পৰা ফোনত হোৱা বাৰ্তালাপত ৫০ হেজাৰ টকা দাবী কৰে ।

৫০ হেজাৰ টকা দিলে নিশাৰ ভিতৰতে এৰি দিয়া হ’ব অন্যথা অন্য কেচত ফচাই জেললৈ পঠোৱাৰ ভাবুকি দিয়াৰ তথ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

এই সন্দৰ্ভত উচিত ন্যায় বিচাৰি ধনঞ্জয় মজুমদাৰৰ পৰিয়ালে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকক জনাই এখন এজাৰ দাখিল কৰে ।

কিন্তু জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ ওপৰত এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd