• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটৰ পৰা পলাতক বিলকিছ বানোৰ ধৰ্ষণকাৰী; ক’লৈ গ’ল বিচাৰি পোৱা নাই আৰক্ষীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2024 12:26 pm
বিলকিছ বানোৰ ধৰ্ষণত অভিযুক্তসকল। ফটোঃ সংগ্ৰহীত।

বিলকিছ বানোৰ ধৰ্ষণত অভিযুক্তসকল। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচচতম ন্যায়ালয়ে পুনৰ কাৰাগাৰত ভৰোৱাৰ নিৰ্দেশ দিয়া বিলকিছ বানো ধৰ্ষণ কাণ্ডৰ ১১ জন দোষীয়ে এতিয়াও আত্মসমৰ্পণ কৰা নাই। ইয়াৰে ৯ জন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে চৰম বিতৰ্কত সোমাই পৰিছে গুজৰাটৰ বিজেপি চৰকাৰ। কাৰণ, এই ধৰ্ষণকাৰীসকলক গুজৰাট চৰকাৰে মুকলি কৰি দিছিল।

সেয়াই নহয়, তাৰ পিছতে বিজেপি নেতাসকলে ধৰ্ষণকাৰীসকলক আদৰণি জনাই মিঠাই খুৱাইছিল। সেই অপৰাধীসকল ৪৮ ঘণ্টাৰো অধিক সময় পলাতক হৈ আছে। বিচাৰি পোৱা নাই আৰক্ষীয়ে!

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত পুনৰ জেললৈ যাব লগা এঘাৰজন দোষীয়ে এতিয়াও আত্মসমৰ্পণ কৰা নাই। নিৰ্দেশনা অনুসৰি তেওঁলোকে থানাত ৰিপৰ্ট দিব লগা আছিল। অৱশ্যে গুজৰাটৰ দহোদৰ আৰক্ষী অধীক্ষকে ১১জন অভিযুক্তৰ আত্মসমৰ্পণৰ কোনো তথ্য এতিয়াও পোৱা নাই বুলি জানিবলৈ দিয়ে।

Apply Now

লগতে পঢ়কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত `কংগ্ৰেছক আমন্ত্ৰণ জনাই পাপ হ্ৰাস কৰাৰ সুযোগ দিছিল বিশ্ব হিন্দু পৰিষদে’: হিমন্ত বিশ্ব শৰ্মা

শান্তি অক্ষুণ্ণ ৰাখিবলৈ দোষীক বাস কৰা অঞ্চলটোত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বুলিও তেওঁ কয়। দহোদৰ আৰক্ষী অধীক্ষক বলৰাম মীনাই লগতে উল্লেখ কৰে যে এঘাৰজন দোষীয়ে মুকলিকৈ ঘূৰি ফুৰিছে। কিছুমানে আত্মীয়ক লগ কৰিবলৈ গৈ আছে।

দোষী সাব্যস্তসকল ৰন্ধিকপুৰ আৰু সিংবাদ গাঁৱৰ বাসিন্দা। ২০০২ চনত সংঘটিত ‘গোধৰা সংঘৰ্ষ’ৰ পূৰ্বে বিলকিছ আৰু তেওঁৰ পৰিয়ালেও ৰন্ধিকপুৰত বাস কৰিছিল। ২০০২ চনত গোধৰা ৰে’ল জ্বলোৱাৰ পিছত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিছত পলায়ন কৰাৰ সময়তে ধৰ্ষণ কৰা হৈছিল তেতিয়া ২১ বছৰীয়া আৰু পাঁচ মাহৰ গৰ্ভৱতী বিলকিছ বানোক। তেওঁৰ তিনি বছৰীয়া কন্যা আৰু পৰিয়ালৰ ছয়জন সদস্যক হত্যা কৰা হয়।

২০০৮ চনৰ ২১ জানুৱাৰীত চিবিআইৰ বিশেষ আদালতে ১১জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এই আটাইকেইজনকে ২০২২ চনৰ ১৫ আগষ্টত গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিছিল।

লগতে পঢ়কঃ ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিচানেক ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি

ৰাজ্য চৰকাৰে তেওঁলোকক ৰেহাই দিবলৈ নিৰ্দেশ দিয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক বিবেচনাৰ অপব্যৱহাৰৰ বাবে ককৰ্থনা কৰিছে। দুসপ্তাহৰ ভিতৰত ১১ জন দোষীক পুনৰ জেললৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd