গুজৰাটৰ পৰা পলাতক বিলকিছ বানোৰ ধৰ্ষণকাৰী; ক’লৈ গ’ল বিচাৰি পোৱা নাই আৰক্ষীয়ে!

বিলকিছ বানোৰ ধৰ্ষণত অভিযুক্তসকল। ফটোঃ সংগ্ৰহীত।

উচচতম ন্যায়ালয়ে পুনৰ কাৰাগাৰত ভৰোৱাৰ নিৰ্দেশ দিয়া বিলকিছ বানো ধৰ্ষণ কাণ্ডৰ ১১ জন দোষীয়ে এতিয়াও আত্মসমৰ্পণ কৰা নাই। ইয়াৰে ৯ জন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে চৰম বিতৰ্কত সোমাই পৰিছে গুজৰাটৰ বিজেপি চৰকাৰ। কাৰণ, এই ধৰ্ষণকাৰীসকলক গুজৰাট চৰকাৰে মুকলি কৰি দিছিল।

সেয়াই নহয়, তাৰ পিছতে বিজেপি নেতাসকলে ধৰ্ষণকাৰীসকলক আদৰণি জনাই মিঠাই খুৱাইছিল। সেই অপৰাধীসকল ৪৮ ঘণ্টাৰো অধিক সময় পলাতক হৈ আছে। বিচাৰি পোৱা নাই আৰক্ষীয়ে!

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত পুনৰ জেললৈ যাব লগা এঘাৰজন দোষীয়ে এতিয়াও আত্মসমৰ্পণ কৰা নাই। নিৰ্দেশনা অনুসৰি তেওঁলোকে থানাত ৰিপৰ্ট দিব লগা আছিল। অৱশ্যে গুজৰাটৰ দহোদৰ আৰক্ষী অধীক্ষকে ১১জন অভিযুক্তৰ আত্মসমৰ্পণৰ কোনো তথ্য এতিয়াও পোৱা নাই বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত `কংগ্ৰেছক আমন্ত্ৰণ জনাই পাপ হ্ৰাস কৰাৰ সুযোগ দিছিল বিশ্ব হিন্দু পৰিষদে’: হিমন্ত বিশ্ব শৰ্মা

শান্তি অক্ষুণ্ণ ৰাখিবলৈ দোষীক বাস কৰা অঞ্চলটোত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বুলিও তেওঁ কয়। দহোদৰ আৰক্ষী অধীক্ষক বলৰাম মীনাই লগতে উল্লেখ কৰে যে এঘাৰজন দোষীয়ে মুকলিকৈ ঘূৰি ফুৰিছে। কিছুমানে আত্মীয়ক লগ কৰিবলৈ গৈ আছে।

দোষী সাব্যস্তসকল ৰন্ধিকপুৰ আৰু সিংবাদ গাঁৱৰ বাসিন্দা। ২০০২ চনত সংঘটিত ‘গোধৰা সংঘৰ্ষ’ৰ পূৰ্বে বিলকিছ আৰু তেওঁৰ পৰিয়ালেও ৰন্ধিকপুৰত বাস কৰিছিল। ২০০২ চনত গোধৰা ৰে’ল জ্বলোৱাৰ পিছত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিছত পলায়ন কৰাৰ সময়তে ধৰ্ষণ কৰা হৈছিল তেতিয়া ২১ বছৰীয়া আৰু পাঁচ মাহৰ গৰ্ভৱতী বিলকিছ বানোক। তেওঁৰ তিনি বছৰীয়া কন্যা আৰু পৰিয়ালৰ ছয়জন সদস্যক হত্যা কৰা হয়।

২০০৮ চনৰ ২১ জানুৱাৰীত চিবিআইৰ বিশেষ আদালতে ১১জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এই আটাইকেইজনকে ২০২২ চনৰ ১৫ আগষ্টত গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিছিল।

লগতে পঢ়কঃ ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিচানেক ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি

ৰাজ্য চৰকাৰে তেওঁলোকক ৰেহাই দিবলৈ নিৰ্দেশ দিয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক বিবেচনাৰ অপব্যৱহাৰৰ বাবে ককৰ্থনা কৰিছে। দুসপ্তাহৰ ভিতৰত ১১ জন দোষীক পুনৰ জেললৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।