সমাগত বিধান সভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতাই এতিয়া সমগ্র অসমৰ আকাশ-বতাহ গৰম কৰি তুলিছে। বিধান সভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ’বলৈ কেইটামান দিন বাকী। এনে সময়ত বিজেপি অগপৰ মিত্ৰজোঁট আৰু কংগ্ৰেছ এআইইউডিএফৰ মহাজোঁট প্ৰত্যেকেই এশখনৰো অধিক আসন পাম বুলি দৃঢ়তাৰে ঘোষণা কৰিছে।
এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই নৱ গঠিত অসম জাতীয় পৰিষদ তথা তেওঁলোকৰ মিত্ৰজোঁট। তেওঁলোকেও চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিয়েই কৈছে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে কোৱা এনেবোৰ কথা কোনো অস্বাভাৱিক কথা নহয়। কাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দহটা ভোট লাভ কৰা প্ৰাৰ্থীজনেও নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জিকিম বুলিয়েই কয়।
যিয়ে নহওক আজিৰ এই প্ৰতিবেদনত মধ্য অসমৰ নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিৰ এক প্ৰাক নিৰ্বাচনী পৰ্যালোচনা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। অসমৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত মধ্যে অসমৰ নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিত কোনে এইবাৰ বিজয়ী ধ্বজা উৰুৱাব তাক লৈ ৰাজনৈতিক মহলত ইতিমধ্যে আৰম্ভ হৈছে জল্পনা-কল্পনাৰ। উল্লেখযোগ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত যিবোৰ ইছ্যুক আগত ৰাখি বিজেপি দল জনসাধাৰণৰ কাষলৈ আহিছিল সেই ইছ্যু এইবাৰ নিৰ্বাচনত নাই। বিশেষকৈ বিজেপিয়ে কোৱা শৰাইঘাটৰ শেষ ৰণ খন দলটোৰ এক নিৰ্বাচনী শ্ল’গান হৈয়ে থাকিল।
একপ্ৰকাৰ ক’বলৈ গ’লে বিজেপি দলৰ সপক্ষে বিগত বিধান সভা নিৰ্বাচনত যি ঢৌ দেখিবলৈ পোৱা গৈছিল সেই উৎসাহ যঠেষ্ট খিনি কমি গৈছে জনসাধাৰণৰ মাজত। অভাৱনীয় মূল্যবৃদ্ধি, ‘কা’ আন্দোলন, বৰ্ধিত হাৰত সংগ্ৰহ কৰা ট’ল গেটৰ কৰ, বৃহৎ নদীবান্ধ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদিয়েই মুখ্য কাৰক ৰূপে বিবেচিত হৈছে ।
নগাঁও জিলাৰ আঠটা সমষ্টিৰ ভিতৰত ২০১৬ ৰ নিৰ্বাচনত বিজেপি অগপ মিত্ৰজোঁটে নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল পাঁচটা সমষ্টি । সেই সমষ্টি কেইটা আছিল ৰহা, নগাঁও সদৰ, বটদ্ৰবা বিজেপি দখলত আৰু বঢ়মপুৰ, কলিয়াবৰ অগপৰ দখলত। একমাত্ৰ ৰূপহী আৰু চামগুৰি কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে ধিং সমষ্টিত বিজয়ী হৈছিল এ আই ইউ ডি এফ প্ৰাৰ্থী। কিন্তু এইবাৰৰ ৰাজনৈতিক পৰিস্থিতি পৰিবেশে জিলাখনত বিজেপি দলৰ প্ৰতি সৃষ্টি কৰিব পাৰে বৃহৎ প্ৰত্যাহ্বান।
এই প্ৰসংগত প্ৰথমেই গুৰুজনাৰ পবিত্ৰ জন্মস্থান ৮৪ নং বটদ্ৰবা বিধান সভা সমষ্টিলৈ আহিব বিচাৰিছো। বৰ্তমান বিজেপিৰ দখলত থকা বটদ্ৰবা পুনৰ বিজেপিয়ে নিজৰ দখললৈ অনাটো কঠিন হ’ব। ২০১৬ ৰ বিধান সভা নিৰ্বাচনত বটদ্ৰবা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৪০২৮৪ গৰাকী।
ইয়াৰে ৫২°২২% মহিলা ভোটাৰ আৰু ৪৭°৭৮% পুৰুষ ভোটাৰ আছিল। ২০১৬ নিৰ্বাচনত সমষ্টিটোত ১২৩২২৬ জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। মুঠ ভোটাৰৰ ৮৭°৮৪% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৪৬৩৪৩ (৩৭°৬%) টা ভোট। সমষ্টিটোত কংগ্ৰেছ দলে লাভ কৰিছিল ৪০৪৫৮ (২৮°৮%) টা ভোট আৰু তৃতীয় স্থানত এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৩৩০২২ (২৬°৮%)টা ভোট।
বিগত বিধান সভা নিৰ্বাচনত বিজেপিৰ বাবে কোনো বিশেষ বাধা নাথকাৰ পাছতো বটদ্ৰবা সমষ্টিত তেনেই কম ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰি জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থীগৰাকী। কিন্তু এইবাৰৰ পৰিৱেশ সুকীয়া। বিগত নিৰ্বাচনৰ ফলাফল যদি চোৱা যায় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ভোট যোগ কৰিলে হয়গৈ ৭৩৪৮০ টা ভোট। বিগত নিৰ্বাচনত বিজেপিৰ সপক্ষে থকা প্ৰচণ্ড নিৰ্বাচনী ঢৌৰ পাছতো ৪৬ হাজাৰ ভোট লাভ কৰা বিজেপিয়ে এইবাৰ মহাজোটৰ সন্মুখত তিষ্ঠি থাকিব যে পাৰিব তাত সন্দেহ আছে।
ইয়াৰ উপৰি এইবাৰ নৱগঠিত অসম জাতীয় পৰিষদেও বিজেপিত যে কিছু খহনীয়া সৃষ্টি কৰিব সেয়া নিশ্চিত। মুঠতে বটদ্ৰবা সমষ্টি এইবাৰ বিজেপিৰ দখলত নথকাৰে ইংগিত বহন কৰিছে। নগাঁও জিলাৰ অন্যতম সংখ্যালঘু বসতি প্ৰধান এটা সমষ্টি হৈছে ৮৫ নং ৰূপহীহাট বিধান সভা সভা সমষ্টি। বৰ্তমান এই সমষ্টিটো কংগ্ৰেছৰ দখলত আছে।
বিগত বিধান সভা নিৰ্বাচনৰ সময়ত সমষ্টিটোত ভোটাৰৰ সংখ্যা আছিল ১৬৭৬৮৫ গৰাকী। ইয়াৰ ভিতৰত ২০১৬ ৰ নিৰ্বাচনত এই সমষ্টিত ভোটাধিকাৰ সাৱ্যস্ত কৰিছিল ১৫২১০৬ গৰাকী ভোটাৰে। জিলাখনৰ ভিতৰতেই সৰ্বাধিক ৯১°১৯% ভোটদানৰ হাৰ আছিল ৰূপহীত।সমষ্টিটোত জয়ী হোৱা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৭২৬২৭ (৪৭°৫%)টা ভোট। ঠিক তেনেকৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে দ্বিতীয় স্থানত থাকি ভোট লাভ কৰিছিল ৫০৭৮৩ (৩৩°২১)টা আৰু বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ১৫৯৬৩ (১০°৪৪)টা ভোট। বিগত নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁট নথকাৰ পাছতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অভিলেখ সংখ্যাক ভোট লাভ কৰি জয়ী হৈছিল।
সমষ্টিটোত বিশেষ কোনো গণভিত্তি নথকা বিজেপি দল কংগ্ৰেছ দলৰ বাবে কোনো ফেক্টৰ নহয়। বিজেপিৰ ঠাইত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও কংগ্ৰেছ বা এ আই ইউ ডি এফৰ সন্মুখত কোনো প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে। সেয়ে নিশ্চিতভাৱে ক’ব পৰি এই বাৰ এই সমষ্টিত নিৰ্বাচনী বতাহ সম্পূৰ্ণ ৰূপে মহাজোঁটৰ সপক্ষেই ব’বলৈ আৰম্ভ কৰিছে। সেয়ে এক বিশাল ভোটৰ ব্যৱধানত ৰূপহীহাট সমষ্টি মহাজোঁটৰ দখললৈ যোৱাৰে ইংগিত বহন কৰিছে। এনেবোৰ কাৰণতেই হয়তো বিশেষ নিৰ্বাচনী তৎপৰতা দেখুওৱা নাই বিজেপি দলে ৰূপহীহাট সমষ্টিত। সেয়ে নিজেই জয়ী হম বুলি নভবা এই সমষ্টিটো অগপক এৰি দিব পাৰে বিজেপিয়ে।
নগাঁও জিলাৰ একমাত্ৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিটো হৈছে ৮২নং ৰহা বিধান সভা সমষ্টি সমষ্টি। জিলাখনৰ আটাইবোৰ সমষ্টিৰ তুলনাত ৰহা সমষ্টিত ভোটাৰৰ সংখ্যা সৰ্বাধিক। বৰ্তমান এই সমষ্টিটো বিজেপিৰ দখলত আছে। ২০১৬ৰ পূৰ্বে সমষ্টিটো আছিল এ আই ইউ ডি এফৰ দখলত।
এই সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যাও যঠেষ্ট। ২০১৬ চনত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৮৯২৯৮ গৰাকী। ইয়াৰে ৫২°০৫% গৰাকী পুৰুষ ভোটাৰ আৰু ৪৭°৯৫% গৰাকী মহিলা ভোটাৰ। এই সংখ্যা এইবাৰ আৰু বৃদ্ধি হৈছে। বিগত নিৰ্বাচনত সমষ্টিটোত ১৬১৬৩৪ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল আৰু বিজেপিৰ জয়ী প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৭৬৯৪১ (৪৭°৬%) টা ভোট। দ্বিতীয় স্থানত থকা কংগ্ৰেছ দলে লাভ কৰিছিল ৪৩৮৬৭ টা ভোট আৰু তৃতীয় স্থানত থকা এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৩৮৭৬৭টা ভোট।
বিগত নিৰ্বাচনত বিজেপিৰ সপক্ষে প্ৰচণ্ড ঢৌ থকাৰ পাছতো বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ এ আই ইউ ডি এফৰ দুয়োটা দলৰ মুঠ ভোটতকৈ ৫৬৯৩টা ভোট কম পাইছিল। বিগত নিৰ্বাচনত কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা থকা হ’লে বিজেপি প্ৰাৰ্থী গৰাকী জয়ী হোৱাতো হয়তো সম্ভৱ নহ’লহেঁতেন। কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা নথকাৰ বাবেই বিগত নিৰ্বাচনত প্ৰথম বাৰৰ বাবে বিজেপি দলে সমষ্টিটো নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল।
এক প্ৰকাৰ ক’বলৈ গ’লে সম্পূৰ্ণ অনুকূল পৰিবেশ পৰিস্থিতিয়ে বিজেপি দলৰ জয় সাব্যস্ত কৰাত সহায় কৰিছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত সেই পৰিৱেশ বিজেপিৰ সপক্ষে একেবাৰে নাই। ৰহা সমষ্টিত বৰ্তমানৰ বিজেপিৰ বিধায়কগৰাকীৰ বিগত পাঁচটা বছৰৰ কাম-কাজক লৈ সন্তুষ্ট নহয় সমষ্টিবাসী। ইয়াৰ উপৰি ৰহাৰ জনসাধাৰণৰ লগতে নগাঁওবাসীয়ে বহু আন্দোলন আবেদন নিবেদন কৰাৰ পাছতো অন্তিম মুহূৰ্তত ৰহাত স্থাপন নহ’ল ‘এইমছ’। ৰহাত ‘এইমছ’ৰ বাবেই ৰক্তাক্ত হৈছিল ৰাজপথ। মৃত্যু হৈছিল এজনৰ। আহত হৈছিল বহুজনৰ।
কিন্তু ৰহাৰ বিজেপি বিধায়ক গৰাকীয়ে ‘এইমছ’ ৰহাত স্থাপন কৰাৰ সপক্ষে কোনো ধৰণৰ সবল স্থিতি গ্ৰহন কৰিব পৰা নাছিল। ৰহাত ‘এইমছ’ স্থাপন নহ’ল, স্থাপন হ’ল ট’ল গেট। এনেবোৰ কাৰণতেই একাংশ বিজেপি সমৰ্থকেও অসন্তুষ্ট ৰহাৰ বিজেপি বিধায়কগৰাকীৰ প্ৰতি। ইয়াৰ উপৰি বৰ্তমান বহু কেইগৰাকী বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ আশাত নিজৰ নিজৰ প্ৰচাৰ কেইবামাহমানৰ পূৰ্বৰ পৰা আৰম্ভ কৰি দিছে। সেয়ে ৰহাত এইবাৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে বিজেপি দলত এচাম বিসম্বাদীৰ যে সৃষ্টি কৰিব সেয়া নিশ্চিত। ইপিনে নৱগঠিত অসম জাতীয় পৰিষদৰ মিত্ৰজোতেও ৰহাৰ বিজেপিত কিছু খহনীয়া সৃষ্টি কৰিব। সেয়ে এই সকলোবোৰ সুযোগ ৰহা সমষ্টিত কংগ্ৰেছৰ মহাজোঁটে যে গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সেয়া নিশ্চিত।
নগাঁও জিলাৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰভাশালী মন্ত্ৰী ৰূপে পৰিচিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা ৮৮নং চামগুৰি বিধান সভা সমষ্টি। বিগত নিৰ্বাচনৰ সময়ত চামগুৰি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৪২৩০৩ গৰাকী আৰু তাৰে ১২৭৭৭৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। বিগত নিৰ্বাচনত বিজেপিৰ সপক্ষে থকা প্ৰচণ্ড ঢৌ আৰু সমষ্টিটোত বিজেপি দলে কংগ্ৰেছ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ পাছতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৬৬৩৬৪ (৫১°৯৫%)টা লাভ কৰি জয়ী হ’বলৈ সক্ষম হৈছিল ।
সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৫১৮৪৯ (৪০°৫১%)টা ভোট। এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৬৭২৫ (৫°২০%)টা ভোট। ২০১৬ নিৰ্বাচনত বিজেপি দলে চামগুৰি সমষ্টিটো নিজৰ দখললৈ আনিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু কংগ্ৰেছৰ বিৰুদ্ধে থকা প্ৰতিস্থান বিৰোধী ঢৌৰ পাছতো কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে অন্তিম মুহূৰ্তত জয়ী হ’বলৈ সক্ষম হৈছিল। ইয়াৰ মূল কাৰণটো আছিল জিলাখনৰ আটাইকেইটা সমষ্টিৰ ভিতৰত কংগ্ৰেছৰ শাসনকালত ৰকিবুল হুছেইনে চামগুৰি সমষ্টিক অধিক গুৰুত্ব দিছিল আৰু তুলনামূলকভাৱে সমষ্টিৰ যথেষ্ট উন্নয়নমূলক কাম-কাজ কৰিবলৈ সক্ষম হৈছিল।
এইবাৰ পূৰ্বৰ পৰিৱেশ নাই। সমষ্টিটোত নৱগঠিত এজেপি-ৰাইজৰ দলৰ মিত্ৰজোঁট কংগ্ৰেছতকৈ বেছিকৈ বিজেপিৰ মিত্ৰজোঁটকহে ক্ষতি কৰিব বুলি ধাৰণা কৰিব পাৰি। সমষ্টিটোত এ আই ইউ ডি এফ দলৰ বিশেষ প্ৰভাৱ নেথাকিলেও দলটোৱে যিখিনি ভোট লাভ কৰি আহিছিল সেইখিনিও মহাজোঁটত যোগ হ’ব। সেয়ে সমাগত বিধান সভা নিৰ্বাচনত বতাহ সমষ্টিটোত কংগ্ৰেছৰ সপক্ষেই থাকিব সেয়া একপ্ৰকাৰ নিশ্চিত।
জিলাখনত বিজেপিৰ মিত্ৰজোঁটৰ অগপৰ দখলত থকা এটা সমষ্টি হৈছে ৮৯নং কলিয়াবৰ বিধান সভা সমষ্টি। বৰ্তমান এই সমষ্টি মন্ত্ৰী কেশৱ মহন্তৰ দখলত আছে। বিগত বিধান সভা নিৰ্বাচনৰ সময়ত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা আছিল ১২১৪৬৭ গৰাকী। ২০১৬ নিৰ্বাচনত সমষ্টিটোত ১০৪৪০৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ৮৫°৯৬% ভোটাধিকাৰ সাৱ্যস্ত হোৱা সমষ্টিটোত পুৰুষ ভোটাৰ আছিল ৫১°৫% আৰু মহিলা ভোটাৰ আছিল ৪৮°৫%।
বিগত নিৰ্বাচনত সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৬৪৭৫৯ (৬২°০৩%)টা ভোট। ঠিক তেনেকৈ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ২৬২৬৯ (২৫°৬৪%)টা ভোট আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৩৬৮২ (৩°৫৩%)টা ভোট। সামগ্ৰিকভাবে সমগ্ৰ জিলাখনতে এইবাৰ ভোটাৰৰ সংখ্যা কিছু বৃদ্ধি পালেও কলিয়াবৰ সমষ্টিত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক প্ৰত্যাহ্বান জনাব পৰাকৈ মহাজোঁটে নিজৰ স্থিতি সবল কৰিব পৰা নাই। ইয়াৰ উপৰি সমষ্টিটোত বিশেষ গণভিত্তি নাই এ আই ইউ ডি এফ দলৰ। সেই কথা বিগত নিৰ্বাচনৰ ফলাফলতেই স্পষ্ট হৈ পৰিছে। অসম জাতীয় পৰিষদৰ মিত্ৰজোঁটে সমষ্টিটোত কিছু প্ৰভাৱ পেলালেও পুনৰ কলিয়াবৰ সমষ্টি বিজেপি-অগপ মিত্ৰজোঁটৰ দখলতেই থাকিব বুলি ধাৰণা কৰিব পাৰি। কিন্তু মিত্ৰজোঁটে লাভ কৰা ভোটৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু হয়তো হ্ৰাস পাব। নগাঁও জিলাৰ সংখ্যালঘু বসতি প্ৰধান আনটো সমষ্টি হৈছে ধিং সমষ্টি।
ধিং সমষ্টিৰ এটা অংশ মৰিগাঁও জিলাৰ লগতো সংলগ্ন হৈ আছে। বৰ্তমান এই সমষ্টিটো আছে এ আই ইউ ডি এফৰ দখলত। সমষ্টিটোত বিগত ২০১৬ নিৰ্বাচনৰ সময়ত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৮৮১৬৭ গৰাকী। এই সকল ভোটাৰৰ ভিতৰত বিগত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল ১৭৩২৫৯ গৰাকী ভোটাৰে। সমষ্টিটোত বিজেপি অগপৰ বিশেষ গণভিত্তি নাই। ২০১৬ চনৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৮২৭৮৬ (৪৭°৭৮%)টা ভোট। দ্বিতীয় স্থানত থকি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৫৮২৩৩ (৩৩°৬১%)টা ভোট আৰু বিজেপি দলে লাভ কৰিছিল ৮৯৫৮ (৫°১৭%) টা ভোট।এইবাৰো এই সমষ্টিটোত পূৰ্বৰ ধাৰাবাহিকতাই অক্ষুন্ন যে থাকিব সেয়া নিশ্চিত। সমষ্টিটোত এইবাৰ কংগ্ৰেছ এআইইউডিএফৰ মহাজোটে ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী হব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে।
নগাঁও জিলাৰ সমগ্র অসমবাসীৰে দৃষ্টি নিবদ্ধ হৈ থকা এটা সমষ্টি হৈছে বঢ়মপুৰ সমষ্টি। যিটো সমষ্টিত এক দীঘলীয়া সময় প্ৰতিনিধিত্ব কৰি আহিছে দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই। সমষ্টিটোত তেখেতৰ ৰাজনৈতিক জীৱনত কোনো দিনেই পৰাজয় বৰণ কৰিব লগা হোৱা নাই।
প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰিত্বৰ কালতেই সমষ্টিটোৱে যি উন্নয়নৰ মুখ দেখিছিল কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন ৰাজনৈতিক কাৰণত সেয়া নোহোৱা হৈ আহিবলৈ ধৰিলে। মুখ্যমন্ত্ৰিত্বৰ কালতেই সমষ্টিটোত যথেষ্ট সংখ্যকে লাভ কৰিছিল চাকৰি তথা সংস্থাপন। তাৰ বাবেই হয়তো বঢ়মপুৰৰ ৰাইজে এই গৰাকী ৰাজনৈতিক নেতাক বিধায়ক হিচাপে জয়ী হোৱাৰ ক্ষেত্ৰত তেখেতৰ সপক্ষে ভোট দি আহিছিল। শেহতীয়াকৈ কা বিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবেই অগপত এঘৰীয়া হোৱাৰ লগতে মিত্ৰজোঁটৰ বিজেপিত গুৰুত্বহীন হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। যাৰ পৰিণতিত বঢ়মপুৰ সমষ্টিত তেওঁ কাম কৰাৰ সুবিধা নেপালে। যাৰ বাবেই ক্ৰমান্বয়ে সমষ্টিটোত নতুন ভোটাৰসকলৰ মাজত গুৰুত্বহীন হৈ পৰিছে প্ৰফুল্ল কুমাৰ মহন্ত। ইয়াৰ উপৰি শেহতীয়াকৈ এইগৰাকী প্ৰবীণ ৰাজনৈতিক নেতাৰ শাৰিৰীক অসুস্থতাৰ বাবেও এইবাৰ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে নকৰে সেই সম্পৰ্কে চৰ্চা আৰম্ভ হোৱাৰ লগতে ‘কা’ বিৰোধী স্থিতিত অটল হৈ থকাৰ বাবে বঢ়মপুৰ সমষ্টি বিজেপি দলে অগপক এৰি নিদি বিজেপিৰ পৰাই প্ৰাৰ্থী দিয়াৰ কথাও চৰ্চালৈ আহিছে।
বিগত নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে তেনেই কম ভোটৰ ব্যৱধানতহে জয়ী হৈছিল। মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে লাভ কৰিছিল ৬৫৭৬৮( ৪৮°৪৩%)টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৬০৫৯৯ (৪৪°৬৩%) টা ভোট। বিগত নিৰ্বাচনৰ ভোটৰ এই সংখ্যাই সমষ্টিটোত কংগ্ৰেছৰ ভেটিও যে যথেষ্ট শক্তিশালী তাকেই প্ৰমাণ কৰিছে। সেয়ে সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী যিয়েই নহওক কিয় কংগ্ৰেছৰ মহাজোটেযে এইবাৰ তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব সেয়া নিশ্চিত।
উল্লেখযোগ্য যে, দীঘলীয়া সময় সমষ্টিটোত প্ৰতিনিধিত্ব কৰিলেও বঢ়মপুৰ সমষ্টিৰ স্থায়ী বাসিন্দা নাছিল প্ৰফুল্ল কুমাৰ মহন্ত। সেয়ে এইবাৰ বঢ়মপুৰৰ ৰাইজে এগৰাকী স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলিও চৰ্চা আৰম্ভ হৈছে। সেই সুযোগো মহাজোঁটে গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
এইবাৰ আহিছো, নগাঁও জিলাৰ ৮৬ নং সদৰ বিধান সভা নিৰ্বাচনৰ প্ৰসংগলৈ। বৰ্তমান এই সমষ্টিটো আছে বিজেপি দলৰ দখলত। যোৱা পাঁচটা বছৰত সমষ্টিটোত বাট-পথ-দলঙকে আদি কৰি বিজেপিৰ বিধায়কগৰাকীয়ে যঠেষ্ট উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে। ২০১৬ চনত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৬৬৭৯৬গৰাকী। তৰে ১৪০৬৫৬ (৮৪°৩৩%)গৰাকী ভোটাৰে সাব্যস্ত কৰিছিল ভোটাধিকাৰ। ৫০°৫১%পুৰুষ ভোটাৰ আৰু ৪৯°৪৯% মহিলা ভোটাৰ থকা সমষ্টিটোত বিগত নিৰ্বাচনত বিজয়ী বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ৬৬৭০৬ (৪৭°৪৩%)টা ভোট। দ্বিতীয় স্থানত থাকি তেতিয়াৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে লাভ কৰিছিল ৫৩৪৪২ (৩৮%)টা ভোট আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ১৮০৩৮ (১২°৮২%)টা ভোট।
২০১৬ নিৰ্বাচনত বিজেপি দলৰ সপক্ষে পূৰ্বতে উল্লেখ কৰি অহাৰ দৰে ব্যাপক ঢৌ আৰু শক্তিশালী নিৰ্বাচনী ইছ্যু থকাৰ পাছতো পৰাজিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ২০১১ নিৰ্বাচনত যিমান ভোট লাভ কৰি জয়ী হৈছিল তাতকৈ যথেষ্ট বেছি ভোট পোৱাৰ পাছতো পৰাজয়বৰণ কৰিছিল। ২০১৬ ৰ নিৰ্বাচনত যদি কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতা থকা হ’লে কোনো কাৰণতেই বিজেপি প্ৰাৰ্থীগৰাকীৰ জয়ৰ পথ সহজ নহলহেঁতেন।
কিন্তু এইবাৰ নগাঁও সদৰ সমষ্টিৰ নিৰ্বাচনী পৰিৱেশ সুকীয়া। উন্নয়ন যথেষ্ট হ’লেও ঐক্যবদ্ধ ধৰ্মীয় সংখ্যালঘু ভোটাৰে বিপদত পেলাব বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক। মুঠতে সমষ্টিটোত যদি ধৰ্মীয় সংখ্যালঘু ভোত বিভাজিত নহয় বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব মহাজোঁটে। ইপিনে অসম জাতীয় পৰিষদৰ মিত্ৰজোটেও বিজেপিৰ ভোট বেংকত আংশিক প্ৰভাৱ পেলাব। সেয়ে নগাঁও সদৰ সমষ্টিত বিজেপিৰ বাবে বিজয়ৰ পথ এইবাৰ একেবাৰে মসৃণ হৈ থকা নাই।
যিয়ে নহওক সময়ে কব বতাহ এইবাৰ কাৰ সপক্ষে আহে । কিন্তু এটা কথা ঠিক যে নিৰ্বাচনত ভোট দিবলৈ যোৱাৰ সময়ত এজন ভোটাৰে যি দৰে উন্নয়নৰ কথা মনত পেলাব ঠিক একেদৰে ব্যাপক মূল্যবৃদ্ধিয়ে দিয়া যন্ত্ৰণাখিনিৰ কথাও হয়তো পাহৰিব নোৱাৰিব ।
(মুৰুলী বৰুৱা, লক্ষীনগৰ, হয়বৰগাও, নগাঁও ৮৬৩৮৯৯২৫৬৮)