ৰাজনীতি হ’ল অংক, ভালকৈ অংক কৰিব জানিলে বিজয় নিশ্চিত : বিশ্বজিৎ দৈমাৰী

বিশ্বজিত দৈমাৰী

বিশ্বজিত দৈমাৰীৰ ফাইল ফটো

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কালি বাক্সা জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ সৌজন্যত মুছলপুৰত কৃষকৰ মাজত ৩১৭খন ট্ৰেক্টৰ বিতৰণ কৰে। মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত বাগছা জিলাৰ কৃষি বিষয়া কৈলাশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লয় সাংসদ বিশ্বজিৎ দৈমাৰী ।

ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত সাংসদ দৈমাৰীয়ে উপস্থিত থকা ৰাইজ আৰু ট্ৰেক্টৰ হিতাধিকাৰীসকলক কয় যে অধিক উৎপাদনশীল হৈ কৃষি কাৰ্যত আত্মনিয়োগ কৰিলেহে কৃষিক্ষেত্ৰৰ লগতে কৃষক সমাজ সমৃদ্ধিশালী হ’ব। আৰু কৃষক সমাজ সমৃদ্ধিশালী হ’লে দেশৰ অৰ্থনীতিও টনকিয়াল হ’ব।

ইফালে বিতৰণ কাৰ্যসূচীৰ অন্তত সাংসদ গৰাকীক সাংবাদিকে ৰাজ্যসভাত দাঙি ধৰা বলিষ্ঠ পদক্ষেপ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে অসমৰ সমস্যাৰাজি সঠিকভাৱে ৰাজ্যসভাত উত্থাপন কৰিবলৈ পাই মই যথেষ্ট সুখী। অসমবাসীয়ে এই ক্ষেত্ৰত তেওঁক সহযোগিতা কৰাৰ বাবেও ধন্যবাদ জনায়।

আনহাতে আগন্তুক লোকসভা প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজনীতি হ’ল অংকৰ খেল। যিসকলে অংকত পাকৈত তেওঁলোকৰ বিজয় নিশ্চিত। যোৱাবাৰৰ কথা সুকীয়া আছিল কিন্তু এইবাৰ কোকৰাঝাৰ সমষ্টি পুনৰ বিপিএফৰ দখলত আহিব।

উল্লেখ্য যে কালিৰ উক্ত ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানত বিধায়ক থানেশ্বৰ বসুমতাৰী, মনেশ্বৰ ব্ৰহ্ম, ইমানুৱেল মুছাহাৰীৰ লগতে বিপিএফৰ বিভিন্ন শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত আছিল।