লোকসভা নিৰ্বাচন! আজি চতুৰ্থ পৰ্যায়ত ৯৬খন আসনৰ বাবে ভোটগ্ৰহণ; লাইমলাইটত কোন?

প্ৰতিনিধিত্বমূলক ফটো।

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আজি ৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। অন্ধ্ৰ প্ৰদেশত ২৫খন, তেলেংগানাত ১৭খন, উত্তৰ প্ৰদেশত ১৩খন, মহাৰাষ্ট্ৰত ১১খন, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত ৮খনকৈ আসন, বিহাৰত ৫খন আসন, ঝাৰখণ্ড আৰু ওড়িশাত ৪খনকৈ আসন আৰু জম্মু আৰু কাশ্মীৰত এখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

আজিৰ প্ৰতিদ্বন্দ্বিতাত উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ কনৌজৰ পৰা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, পশ্চিম বংগৰ কৃষ্ণনগৰৰ পৰা তৃণমূল নেত্ৰী মহুৱা মৈত্ৰ, বহৰমপুৰৰ পৰা ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা ইউছুফ পাঠান আৰু প্ৰবীণ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, বিহাৰৰ বেগুছৰাইৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু অন্ধ্ৰ প্ৰদেশৰ কাদাপাৰ পৰা ৱাই এছ শৰ্মিলা।

লগতে পঢ়কঃ ভুৱা স্বাক্ষৰৰ সহায়ত প্ৰত্যাহাৰ কৰা হ’ল নেকি প্ৰাৰ্থীৰ মনোনয়ন?ইন্দোৰৰ দুই নিৰ্দলীয় প্ৰাৰ্থীৰ অভিযোগ

২০১৯ চনত আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিৰ ভিতৰত ৪২ টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছিল। কংগ্ৰেছে মাত্ৰ ৬ খন আসনহে লাভ কৰিছিল। ইফালে বিজেপিৰ মিত্ৰ দল টিডিপি, জেডিইউ আৰু এলজেপিয়ে ২০১৯ চনত এই আসনসমূহৰ ৫খন আসনত জয়লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত এই ৯৬ টাৰ ভিতৰত ৩৮ টাত বিজেপিয়ে জয়লাভ কৰিছিল।

এই ৯৬খন আসনৰ ভিতৰত ২০১৯ চনত জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিয়ে ২২খন আসন লাভ কৰিছিল। কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছে তেলেংগানাত ৯খন আসন লাভ কৰিছিল। ইফালে ২০১৪ চনত এই ৯৬খন আসনৰ ভিতৰত কংগ্ৰেছে মাত্ৰ ৩খন আসনহে লাভ কৰিছিল। আৰু ২০০৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে এই ৯৬ খন আসনৰ ভিতৰত ৫০ খন আসন লাভ কৰিছিল।

লগতে পঢ়কঃ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ উদ্বিগ্ন দেশৰ ৰাজনৈতিক বিশ্লেষকসকল; ক’লে- বিপদত দেশৰ গণতন্ত্ৰ

ইপিনে, আজি পশ্চিমবংগত যি ৮টা সমষ্টিত ভোটদান চলি আছে তাৰ ভিতৰত ২০১৯ চনত কংগ্ৰেছে ১টা, বিজেপিয়ে ৩টা আৰু তৃণমূলে ৪টাত জয়লাভ কৰিছিল।