• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ উদ্বিগ্ন দেশৰ ৰাজনৈতিক বিশ্লেষকসকল; ক’লে- বিপদত দেশৰ গণতন্ত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2024 9:35 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষকসকলে নিৰ্বাচন আয়োগৰ ভূমিকাক তীব্ৰ গৰিহণা দিছে। নিৰ্বাচন আয়োগৰ প্ৰথম কাম হ’ল নিৰ্বাচনী প্ৰক্ৰিয়াৰ ন্যায্যতাৰ প্ৰতি জনসাধাৰণৰ আস্থা সৃষ্টি কৰা, কিন্তু যোৱা এবছৰ ধৰি নিৰ্বাচন আয়োগৰ স্বায়ত্তশাসন আৰু নিৰপেক্ষ কাম-কাজক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে।

সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ কেইদিনমান পূৰ্বে হঠাৎ পদত্যাগ কৰে প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে, যিটো নিৰ্বাচনী বণ্ড বিষয়ক লৈ তেওঁৰ মৌন প্ৰতিক্ৰিয়া হিচাপে গণ্য কৰা হৈছিল। ইয়াৰ পাছত ২০২৩ চনৰ ২ মে’ তাৰিখৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি দুজন নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়া হয়।

নিৰ্বাচন ঘোষণাৰ পাছতো নিৰ্বাচন আয়োগৰ বিভিন্ন কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, যেনে নিৰ্বাচনৰ দীঘলীয়া সময়সূচী আৰু অনন্তনাগৰ স্থগিত নিৰ্বাচন। ইয়াৰ উপৰিও নিৰ্বাচন আয়োগে ভোটৰ সংখ্যা প্ৰকাশ কৰি প্ৰতিটো পৰ্যায়ৰ ভোটদানৰ পাছত সংবাদ মাধ্যমক সাক্ষাৎ কৰাৰ প্ৰথাও ত্যাগ কৰিছে। ঘৃণা আৰু ভুল তথ্যৰে ভৰা প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ নিৰ্বাচন আয়োগৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

Apply Now

বিৰোধীৰ প্ৰশ্নৰ পৰা নিৰ্বাচন আয়োগ কেনেকৈ আঁতৰি গ’ল?

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰথম তিনিটা পৰ্যায়ত ভোটদানৰ সংখ্যা সন্দৰ্ভত নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছিল। ১০ মে’ত কংগ্ৰেছ নেতাৰ পত্ৰৰ উত্তৰ দিলে নিৰ্বাচন আয়োগে। কিন্তু আয়োগে উত্তৰত ব্যৱহাৰ কৰা সুৰক এতিয়া সমালোচনা আৰম্ভ হৈছে।

নিৰ্বাচন আয়োগে ভুল ব্যৱস্থাপনা আৰু ভোটদানৰ তথ্য প্ৰকাশত পলম হোৱাৰ অভিযোগ নাকচ কৰাই নহয়, বিৰোধীৰ অভিযোগক অতি অবাঞ্চিত বুলিও অভিহিত কৰিছে। নিৰ্বাচনত বিভ্ৰান্তি আৰু বাধাৰ সৃষ্টি কৰিবলৈ এনে প্ৰশ্ন উত্থাপন কৰা হৈছে বুলিও কোৱা হৈছে।

নিৰ্বাচন আয়োগৰ স্বাধীনতাক লৈ ৰাজনৈতিক বিশ্লেষকসকলে কি প্ৰশ্ন উত্থাপন কৰিছে?

ইতিমধ্যে নির্বাচন আয়োগ স্থিতিৰ সন্দর্ভত ৰাজনৈতিক বিশেষজ্ঞ সুহাস পালশিকৰে কয়– ‘কংগ্রেছৰ সভাপতিক উত্তৰ দিয়াত ব্যস্ত হৈ পৰাৰ বাবে নির্বাচন আয়োগৰ মুছলমান বিৰোধী প্রচাৰৰ প্রতি মনোযোগ দিবলৈ সময় নাই৷ তেওঁলোকৰ কণ্ঠ ইয়াৰ বিৰুদ্ধে ওলাই অহা নাই।’ উল্লেখ্য যে সুহাস পালশিকৰ পুনেৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ অধ্যাপনা কৰি আহিছে আৰু ভাৰতীয় ৰাজনীতি অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদকো।

ৰাজনৈতিক বিষয়ৰ বিশেষজ্ঞ জোয়া হাছানে দ্য ৱায়াৰৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে, ‘ভাৰতীয় নিৰ্বাচন আয়োগ দেশৰ অন্যতম সন্মানীয় আৰু বিশ্বাসযোগ্য প্ৰতিষ্ঠান। এইটো এনে এক প্ৰতিষ্ঠান যিটো কেৱল নিৰপেক্ষই নহয় বৰঞ্চ স্বচ্ছও হ’ব লাগিব।

নিজৰ ভাষণত হাছানে লগতে কয়, ‘বিগত দশকত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ গুৰুতৰ সন্দেহৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ সময়সূচী আৰু আচৰণ বিধি বাৰে বাৰে উলংঘা কৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে, প্ৰধানমন্ত্ৰী বা বিজেপিৰ জ্যেষ্ঠ নেতাসকলে যেতিয়া আইন উলংঘা কৰে বা ধৰ্ম বা জাতিৰ নামত ভোট বিচাৰে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ নিৰ্বাচন আয়োগৰ নিযুক্তি ব্যৱস্থাই ইয়াৰ স্বাধীনতা হ্ৰাস কৰে। ইয়াৰ পূৰ্বেও এই কাম কৰা হৈছিল যদিও আয়োগৰ ওপৰত কোনো অনাস্থা হোৱা নাছিল কাৰণ নিৰ্বাচন আয়ুক্তই স্বতন্ত্ৰভাৱে সিদ্ধান্ত লৈছিল আৰু অধিক বিবেচনাৰে কাম কৰিছিল।

হাছানে লগতে কয়, ‘বৰ্তমানৰ নিৰ্বাচন আয়োগে বিশ্বাসযোগ্যতা হেৰুৱাইছে কাৰণ ইয়াৰ আচৰণক পক্ষপাতমূলক বুলি গণ্য কৰা হৈছে। আয়োগৰ স্বাধীনতা ৰক্ষা নকৰাকৈ ভাৰতৰ গণতন্ত্ৰ বিপদত পৰিছে।’

প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই দ্য ৱায়াৰত ‘চেণ্ট্ৰেল হল’ত কপিল ছিবালৰ সৈতে হোৱা এক আলোচনাত কয় যে, ‘নিৰ্বাচন আয়োগে বিৰোধীৰ সৈতে নহয়, চৰকাৰৰ সৈতে কেনে আচৰণ কৰে তাৰ দ্বাৰাহে মূল্যায়ন কৰা হ’ব।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd