হিমাচল প্ৰদেশত আজি পুৱা ৮ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে। ৰাজ্যখনৰ ৬৮ খন বিধানসভা আসনত এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। প্ৰায় ৫৫ লাখ ভোটাৰৰ দ্বাৰা ৪১২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ভোটগণনা গুজৰাটৰ সৈতে ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব।
যোৱা ৩৭ বছৰত হিমাচল প্ৰদেশত কোনো দলে একেৰাহে দুবাৰকৈ জয়লাভ কৰা নাই আৰু ক্ষমতালৈ অহা নাই। শনিবাৰৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ দলে সেই পৰম্পৰা ভংগ কৰিবলৈ ব্যাকুল হৈ পৰিছে।
লগতে পঢ়ক: উত্তৰ প্ৰদেশত সন্ধিয়া ৭ বজাৰ পিছত সুৰক্ষিত নহয় ছোৱালী! যোগীৰ ৰাজ্যকলৈ বিস্ফোৰক প্ৰিয়ংকা
অৱশ্যে মূল্যবৃদ্ধি, নিবনুৱা, আপেলৰ বাবে উচিত মূল্য নোপোৱা, সাৰৰ অভাৱৰ সমস্যাৰ লগতে বিজেপিৰ বিদ্ৰোহী নেতাসকলে শাসকীয় শিবিৰক চিন্তিত কৰি তুলিছে। ৰাজ্যখনৰ ৬৮ খন আসনৰ কমেও ২০ খনত বিজেপি প্ৰাৰ্থীসকল বিদ্ৰোহী নেতাসকলৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছে।
হিমাচল প্ৰদেশত বিজেপিৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে তেওঁৰ পুৰণি আসন চেৰাজৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। শনিবাৰে ৰাতিপুৱা তেওঁ আৰু তেওঁৰ পৰিয়ালে ভোটদান কৰে। ভোটদান কৰাৰ পিছত ঠাকুৰে কয়, “মানুহে নিশ্চিতভাৱে আমাক দ্বিতীয়টো সুযোগ দিব।‘’
প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী প্ৰতিভা সিঙে কয়, “হিমাচল প্ৰদেশৰ সকলো লোক অতি উৎসাহিত। সকলোৱে ভোট দিয়ক আৰু ৰাজ্যখনত এখন নতুন চৰকাৰ গঠনত সহায় কৰক।‘’
লগতে পঢ়ক: ন্যায়াধীশ নিযুক্তিত কেন্দ্ৰৰ বিলম্বত অসন্তুষ্ট উচ্চতম ন্যায়ালয়; আইন সচিবলৈ জাননী জাৰি
ইপিনে, প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুখ ৰামৰ পুত্ৰ অনিল শৰ্মাক বিজেপিয়ে তেওঁৰ পুৰণি সমষ্টি মাণ্ডিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সতপাল সিং সতীক উনা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
বিৰোধী দলৰ নেতা মুকেশ অগ্নিহোত্ৰীক কংগ্ৰেছে হাৰোলী আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তালিকাত তিনিজন প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি সুখবিন্দৰ সিং চুফু (নাডুয়ান), কুলদীপ সিং ৰাঠোৰ (থিয়োগ) আৰু কাল সিং ঠাকুৰ (দাৰং)ৰ নাম আছে।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিং আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি প্ৰতিভাৰ পুত্ৰ বিক্ৰমাদিত্যই চিমলা (গ্ৰাম্য) সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।
লগতে পঢ়ক: সংসদতে সুৰক্ষিত নহয় ব্ৰিটিছ মহিলা! ৪০ জন ‘কামাতুৰ’ পুৰুষ সাংসদৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ
আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে হিমাচল প্ৰদেশৰ সকলো ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনায়।