খবৰৰ অপমৃত্যু! ‘মই জীৱিত’, ছ’চিয়েল মিডিয়াত স্বয়ং পুনম পাণ্ডেই জনালে এই খবৰ

পুনম পাণ্ডে। ফাইল ফটোঃ সংগ্ৰহীত।

শুকুৰবাৰে পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল। অৱশ্যে শনিবাৰে তেওঁ নিজেই ছ’চিয়েল মিডিয়ালৈ আহি প্ৰমাণ দিলে -‘মই জীয়াই আছো।’ এই ঘটনাৰ পিছত নেট জগতত সমালোচনাৰ ধুমুহা বৈছে। সকলোৰে মুখত এটাই কথা – “কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ এটাক লৈ ধেমালি?” মডেল অভিনেত্ৰীগৰাকীয়ে এই কটুক্তিৰ প্ৰতি সঁহাৰিও জনাইছে।

পুনম পাণ্ডেৰ মতে, জৰায়ুৰ কৰ্কট ৰোগৰ বিষয়ে বিশেষ সজাগতা নাই। এই বিষয়ে সকলোকে অধিক সচেতন কৰিবলৈ তেওঁ ছাৰ্ভাইকেল কেন্সাৰত মৃত্যুৰ খবৰ বিয়পাই দিলে। কিন্তু পুনমক জীয়াই থকা দেখি অনুৰাগীয়ে সকলো আনন্দ আৰু উল্লাস পাহৰি তাৰ পৰিৱৰ্তে তেওঁক অশ্লীল মন্তব্যৰে বৰষুণ দিলে। কোনেও তেওঁক ৰেহাই দি কথা কোৱা নাই।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াত পুনম পাণ্ডেৰ মৃত্যুত চৰ্চা চলিছিল। মুনাৱাৰ ফাৰুকী, কৰণ কুন্দ্ৰা, কৰণবীৰ বৰা, পূজা ভাটৰ পৰা আৰম্ভ কৰি অভিনেত্ৰী  কংগনা ৰানাৱটলৈকে সকলোকে পুনমৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে।

লগতে পঢ়কঃ পাঁচ ফুল এক মালী, যুৱৰাজৰ প্ৰেম কাহিনী! তালিকাত দীপিকা, নেহা, ৰিয়া আৰু…

পুনমৰ মৃত্যুৰ খবৰ কোনেও বিশ্বাস কৰিব বিচৰা নাছিল। ২৪ ঘণ্টাৰ পিছতে জোলোঙাৰ মেকুৰী ওলাই পৰিল! জীৱন্ত পুনম পাণ্ডেই নিজেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰি জনালে–“মই জীয়াই আছো।” অৱশ্যে এই কীৰ্তিৰ বাবে তেওঁ ক্ষমা খুজিলে।

শুকুৰবাৰে বিয়লিৰ পৰা সমগ্ৰ পৰিয়ালৰ ফোন চুইচ অফ হৈ থকাৰ সময়তে পুনম পাণ্ডেৰ ‘প্ৰচাৰ কীৰ্তি’ চৰ্চালৈ আহে। শুকুৰবাৰে পুৱা পুনম পাণ্ডেৰ ভগ্নীয়ে পৰিয়ালৰ হৈ মৃত্যুৰ খবৰ নিশ্চিত কৰে। কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা পৰিয়ালৰ কোনো সদস্যই সংবাদ মাধ্যমৰ সৈতে কথা পতা নাই, আনকি তেওঁলোকৰ ফোনো উপলব্ধ নাছিল বুলি দাবী কৰিছে সংবাদ মাধ্যমে।

লগতে পঢ়কঃ IND vs ENG 2nd Test Day 2: যশস্বী জয়ছোৱালৰ দুৰ্দান্ত ডাবল চেঞ্চুৰী; অকলেই ভাৰতৰ কাণ্ডাৰী!

আজি পুৱা জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ পুনমৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাত সকলো স্তম্ভিত হৈ পৰে। যোৱা সোমবাৰেও বলীউদত পাৰ্টি কৰি গৈছে। পাপাৰাজী কেমেৰাৰ সন্মুখত হাঁহি মাৰি পোজ দিছিল। তেওঁ আৰু নাই! কোনেও যেন বিশ্বাস কৰিব পৰা নাই।

এই খবৰ মানি ল’ব পৰা নাছিল পুনমৰ উদ্যোগৰ সহযোগী মুনাৱাৰ ফাৰুকী, আদিল খান দুৰানী, ৰাখী সাৱন্তেও। বহু অনুৰাগীয়েও সন্দেহ প্ৰকাশ কৰিছে যে পুনম পাণ্ডেই নিজেও কেইবাবাৰো প্ৰচাৰৰ বাবে যিকোনো কাম কৰিব পাৰে বুলি কৈছিল। সেয়াই এইবাৰ সঁচা! পুনম পাণ্ডে জীয়াই আছে। মাথোঁ সংবাদ মাধ্যমৰ এটা খবৰৰ অপমৃত্যু ঘটিল।