NORTHEAST NOW (Assamese)

Poonam Pandey স্বামীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি হাস্পাতালত ভৰ্তি পুনম; গ্ৰেপ্তাৰ ছেম

November 9, 2021 12:14 pm · এন ই নাও নিউজ, গুৱাহাটী

Poonam Pandey পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ স্বামী ছেম বোম্বেক। পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছেমক।

বলীউদৰ বিতৰ্কিত মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেই স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পাছতেই হাস্পাতালত ভৰ্তি হয়।

পুনমৰ মূৰ, চকু আৰু মুখত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

মুম্বাই আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ছেমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত অভিযোগ দাখিল কৰা হৈছে।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে অভিনেত্ৰীগৰাকীয়ে মূৰ, চকু আৰু মুখত বেয়াকৈ আঘাত পাইছে।

উল্লেখ্য যে ছেম বোম্বেই এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁ অনুৰূপ ঘটনাৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল।  

গোৱাত হনিমুনলৈ গৈ পুনমে তেওঁৰ স্বামী ছেমৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অবিযোগ আনিছিল। তাৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

Also Read: পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং; ৰাজ্য চৰকাৰৰ সিদ্ধান্তত জাঙুৰ খাই উঠিছে ৰাভা জাতীয় সংগঠন

কিন্তু সেইবাৰ জামিন পোৱাৰ পাছতে ছেমৰ বিৰুদ্ধে পুনমৰ স্থিতি সলনি হৈ পৰিছিল।

সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি নিজেই জে’ললৈ পঠিওৱা ছেমৰ সপক্ষে ক’বলৈ আৰম্ভ কৰি পুনমে কৈছিল যে ছেমক তেওঁ অত্যন্ত ভাল পায়। ওলোটাই প্ৰশ্ন কৰিছিল যে কাৰ সংসাৰতনো কাজিয়া নাথাকে?

প্ৰায় দুবছৰ লিভ ইন কৰাৰ পাছত যোৱা বছৰ ছেপ্টেম্বৰত ছেম আৰু পুনমে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ এবছৰৰ ভিতৰতে দুয়োৰে সম্পৰ্কই একাধিকবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে।  

Related News