DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাৰ পদুম শিল্পী দূৰ্গ বায়েন; ৯০ দশকৰ পৰাই টোকাৰী গীতৰ একান্ত সাধনাত ব্ৰতী অনাতাঁৰ শিল্পী

কেনেদৰে চলিছে ছ'চিয়েল মিডিয়াত ভাইৰেল নোহোৱা এগৰাকী প্ৰকৃত শিল্পীৰ জীৱন?

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
May 24, 2020 9:24 am
Screenshot_2020-05-23-15-43-02_1

দূৰ্গ বায়েন হিচাপে পৰিচিত টোকাৰী গীতৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়া। ফটো: নৰ্থইষ্ট নাও

571
VIEWS
Share on FacebookShare on Twitter

সচৰাচৰৰ দৰে ছ’চিয়েল মিডিয়াত ভাইৰেল নোহোৱা যোৰহাট জিলাৰ টীয়কৰ এগৰাকী শিল্পী তেওঁ।

টোকাৰী গীতৰ মূৰ্ছনাৰে সৰ্বসাধাৰণৰ বুকুত মচিব নোৱাৰা সাঁচ বহুৱাবলৈ সক্ষম হোৱা দূৰ্গ বায়েন হিচাপে পৰিচিত এই অনাতাঁৰ শিল্পীগৰাকীৰ প্ৰকৃত নাম দূৰ্গেশ্বৰ শইকীয়া।

টীয়কৰ শিমলুগুৰি মৌজাৰ ঘোঁৰাচোৱা গাঁৱত তেওঁৰ ঘৰ।

উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত বিভিন্নজনে নিজৰ নিজৰ সৃষ্টি, প্ৰতিভা ছ’চিয়েল মিডিয়াৰ যোগেদি প্ৰচাৰ চলাইছে।

কিন্তু প্ৰচাৰ বিমুখ এই গৰাকী অনাতাঁৰ শিল্পী দূৰ্গেশ্বৰ শইকীয়া ছ’চিয়েল মিডিয়াৰ পৰা বহু যোজন আঁতৰত।

কিশোৰ কালৰ পৰা টোকাৰী গীতৰ চৰ্চা কৰি অনাতাঁৰ শিল্পী হিচাপে ১৯৯০ চনতে স্বীকৃতি লাভ কৰা দূৰ্গেশ্বৰ শইকীয়াই যোৰহাট আৰু ডিব্ৰুগড় ৰেডিঅ’ চেন্টাৰত বৰ্তমানলৈকে একুৰিতকৈও অধিক টোকাৰী গীত পৰিবেশন কৰিছে।

পুৱা ভক্তিগীত অনুষ্ঠানত এতিয়াও শুনিবলৈ পোৱা যায় শিল্পী গৰাকীৰ টোকাৰী গীত। আৰ্থিক অনাটনৰ বাবে এই গৰাকী শিল্পীয়ে গৰু-মহ পোহপাল কৰি জীৱিকা নিৰ্বাহ কৰে।

সমগ্ৰ অঞ্চলত দূৰ্গ বায়েন হিচাপে পৰিচিত শিল্পী গৰাকীয়ে মিচিং,নেপালী আদি স্থানীয় জাতি জনগোষ্ঠীৰ মাজত মহাপুৰুষীয়া ভাওঁনাৰ প্ৰচাৰ আৰু প্ৰসাৰত আহোপুৰুষাৰ্থ কৰি আহিছে।

এগৰাকী প্ৰকৃতি প্ৰেমী হিচাপেও পৰিচিত শিল্পী দূৰ্গেশ্বৰ শইকীয়া।শিল্পী দূৰ্গেশ্বৰ শইকীয়াৰ শুভাকাঙ্খীসকলে তেওঁৰ উত্তৰোত্তৰ কামনা কৰিছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd