NORTHEAST NOW (Assamese)

হোৱাটছএপ গ্ৰুপত ‘পৰ্ণ ক্লিপ’ শ্বেয়াৰ কৰি ৰোষৰ মুখত গোৱাৰ উপ-মুখ্যমন্ত্ৰী

October 20, 2020 9:41 am · এন ই নাও নিউজ
গোৱাৰ উপ-মুখ্য মন্ত্ৰী চন্দ্ৰকান্ত কাভেলকৰ।

বিজেপি নেতা তথা গোৱাৰ উপ-মুখ্য মন্ত্ৰী চন্দ্ৰকান্ত কাভলেকৰে ভিলেজেছ অফ গোৱা নামৰ হোৱাটছএপ গ্ৰুপত পৰ্ণ ক্লিপ শ্বেয়াৰ কৰি ৰোষৰ মুখত পৰিছে।

কাভলেকৰে অৱশ্যে দাবী কৰে যে তেওঁৰ ফোনটো হেক হৈছিল নাইবা কোনোবাই তেওঁৰ ফোন টেম্পাৰ কৰিছে।

তেওঁ এই সন্দৰ্ভত আৰক্ষীৰ চাইবাৰ চেলত এটা অভিযোগো দাখিল কৰিছে।

বাতৰি অনুসৰি, দেওবাৰে মাজনিশা এই ক্লিপ নেতাগৰাকীৰ ফোনৰ পৰা শ্বেয়াৰ কৰা হৈছিল। কাভলেকৰৰ ফোনৰ পৰাই ভিলেজেছ অফ গোৱা নামৰ হোৱাটছএপ গ্ৰুপলৈ অশ্লীল ভিডিঅ’ প্ৰেৰণ কৰা হৈছিল।

কাভেলকৰে দাবী কৰা মতে, যিসময়ত তেওঁৰ ফোনৰ পৰা মেছেজটো গৈছিল, সেই সময়ত তেওঁ শুই আছিল আৰু ফোনটো তেওঁৰ কাষত নাছিল।

কোনোৱে তেওঁৰ বদনাম কৰাৰ উদ্দেশ্যে নিশা ১বজি ২০ মিনিটত এই মেছেজ প্ৰেৰণ কৰা বুলি নেতাগৰাকীয়ে অভিযোগ কৰে।

উল্লেখ্য যে যোৱা বছৰ কংগ্ৰেছৰ পৰা যি দহজন বিধায়কে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তাৰ ভিতৰত কাভেলকৰ আছিল অন্যতম।

বিজেপিয়ে তেওঁক পুৰষ্কাৰ হিচাপে উপ-মুখ্য মন্ত্ৰীৰ পদ অৰ্পণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল।

কাভেলকাৰে এই ঘটনাৰ দ্বাৰা তেওঁৰ বিৰুদ্ধে যিয়ে ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিছে।

আনহাতে, বিৰোধীসকলে ৰাজ্যখনৰ উপ-মুখ্য মন্ত্ৰীগৰাকীয়ে উচ্চ পদত থাকি ইয়াক কলংকিত কৰা বুলি দাবী কৰে।

গোৱা ফৰ’ৱাৰ্ড পাৰ্টিয়ে কাভেলকৰৰ বিৰুদ্ধে আই টি আইন তথা মহিলাসকলৰ সৈতে অশালীন আচৰণৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত ৰিপ’ৰ্ট দাখিল কৰিছে।

উক্ত হোৱাটছএপ গ্ৰুপত থকা মহিলাসকেল এই ক্লিপ দেখি ক্ষুব্ধ হৈ পৰিছে।

Related News