পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জাৰ্দাৰীয়ে কয় যে তেওঁৰ পিতৃ আছিফ আলী জাৰ্দাৰীক ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিযুক্তি দিয়াটো তেওঁ বিচাৰে। পিপিপিৰ অধ্যক্ষ জাৰ্দাৰীয়ে ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰধানমন্ত্ৰিত্বৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি বিলোৱাল ভুট্টোৱে কয় যে তেওঁৰ দলে চৰকাৰৰ অংশ হোৱাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী পদৰ বাবে পাকিস্তান মুছলিম লীগ-নৱাজৰ প্ৰাৰ্থীক সমৰ্থন কৰিব।
বিলাৱালে লগতে কয় যে তেওঁ পিতৃ জৰ্দাৰী পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো বিচাৰে। বিলোৱালে কয় যে মই তেওঁ মোৰ পিতৃ হোৱাৰ বাবে এই কথা কৈছো তেনে নহয়, মই এই কথা কৈছো কাৰণ এই সময়ত দেশখন ডাঙৰ সংকটত পৰিছে আৰু যদি কোনোবাই দেশক এই সংকটৰ পৰা উলিয়াই আনিব পাৰে তেন্তে তেওঁ হ’ল আছিফ আলী জাৰ্দাৰী। পাকিস্তানৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডঃ আৰিফ আলভিয়ে অহা মাহতে পদৰ পৰা পদত্যাগ কৰিব।
ইপিনে, পাকিস্তান মুছলিম লীগ নৱাজ ( পি এম এল-এন)ৰ সভাপতি শ্বাহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰা হৈছে। পি এম এল-এনৰ মুখপাত্ৰমৰিয়ম ঔৰংজেবে টুইটাৰত কয় যে দলৰ মুৰব্বী নৱাজ শ্বৰীফে (৭২) কনিষ্ঠ ভাতৃ শ্বাহবাজ শ্বৰীফ (৭২)ক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে আৰু কন্যা মৰিয়াম নৱাজ (৫০)ক পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে।
তেওঁ কয় যে নৱাজ শ্বৰীফে পিএমএল-এনক (পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে) সমৰ্থন কৰা ৰাজনৈতিক দলসমূহক ধন্যবাদ জনাইছে আৰু এনে সিদ্ধান্তই পাকিস্তানক সংকটৰ পৰা উলিয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। জানিব পৰা মতে, পিএমএল-এন আৰু পিপিপি এমকিউএম-পি, পিএমএল-কিউ, আইপিপি আৰু বিএপিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
যোৱা বছৰ নৱাজ শ্বৰীফ লণ্ডনৰ পৰা পাকিস্তানলৈ উভতি অহাৰ পিছত সকলোৱে ধৰি লৈছিল যে তেওঁ প্ৰধানমন্ত্ৰী হ’বলৈ দেশলৈ উভতি আহিছে। তেওঁৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ নিষ্পত্তি হ’ল আৰু তেওঁ সেনাবাহিনীৰ সমৰ্থন লাভ কৰিলে। এই সকলোবোৰৰ মাজতো তেওঁৰ দলটোৱে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা নাপালে। সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত যদিও নৱাজ শ্বৰীফৰ পিএমএলএনে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। কিন্তু তেওঁ নিজে প্ৰধানমন্ত্ৰী হোৱা নাই। ভাতৃ শ্বাহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰী কৰাৰ সিদ্ধান্ত লয়। শ্বাহবাজে ৰাজহুৱাভাৱে কয় যে তেওঁ নৱাজ শ্বৰীফক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে কিন্তু নৱাজে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়।
লগতে পঢ়কঃ জীৱনে মৰণে সংগী পত্নী! হাতত হাত থৈ স্বেচ্ছাই মৃত্যু সাৱটিলে নেদাৰলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে
তেওঁৰ এই সিদ্ধান্তৰ মূল কাৰণ দুটা। নৱাজ শ্বৰীফ প্ৰধানমন্ত্ৰী নোহোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল তেওঁৰ দলটোৱে সংখ্যাগৰিষ্ঠতা নাপালে। নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁ সংখ্যাগৰিষ্ঠতা পোৱাৰ আশা কৰা বুলিও কয়। আনহাতে, ফলাফলৰ পূৰ্বে মিত্ৰজোঁটৰ চৰকাৰ গঠন নকৰাৰ ইচ্ছা প্ৰকাশ কৰে। নিৰ্বাচনৰ দিনটোত ভোটদানৰ অন্তত তেওঁ সাংবাদিকৰ আগত কয় যে সংখ্যাগৰিষ্ঠ চৰকাৰেহে ৰাইজৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দায়িত্ব লৈ বৰ্তমানৰ সংকটৰ পৰা দেশখনক উলিয়াই আনিব পাৰে। এনে পৰিস্থিতিত তেওঁ সংখ্যাগৰিষ্ঠতা নোপোৱাকৈয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয়।
পিএমএলএনৰ জ্যেষ্ঠ নেতা ৰানা ছানাউল্লাই কয় যে তেওঁৰ দলে চতুৰ্থবাৰৰ বাবে নৱাজ শ্বৰীফক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছিল যদিও যিহেতু দলটোৱে চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে, সেয়েহে দলটোৱে এই সিদ্ধান্তৰ পৰা পিছুৱাই গ’ল।
ৰাণা ছানাউল্লাই কয়, আমি এই চৰকাৰ চলাবলৈ ‘মিত্ৰজোঁটৰ কাৰিকৰ’ শ্বাহবাজ শ্বৰীফক আগবঢ়াই দিছো। ইমৰাণ খানৰ চৰকাৰ পতনৰ পিছত ১৬ মাহ ধৰি ১৩টা দলৰ মিত্ৰজোঁটৰ চৰকাৰ সফলভাৱে চলাইছিল। শ্বাহবাজ শ্বৰীফক তেওঁৰ অভিজ্ঞতা বিবেচনা কৰি প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত সকলো দলৰ নেতাই একমত হৈছিল। তেওঁ কয় যে নৱাজ শ্বৰীফ আৰু দলৰ বাকীসকলে বিশ্বাস কৰে যে শ্বাহবাজে মিত্ৰজোঁটৰ চৰকাৰখন অধিক ফলপ্ৰসূভাৱে চলাব।
লগতে পঢ়কঃ কৃষকৰ প্ৰতিবাদৰ সন্মুখত বেৰিকেড-কন্দুৱা গেছ ব্যৰ্থ; কেন্দ্ৰৰ সৈতে আজি পুনৰ বৈঠক
অৱশ্যে নৱাজ শ্বৰীফে ৰাজনীতি এৰি দিয়াৰ জল্পনা-কল্পনাক ভিত্তিহীন বুলি অভিহিত কৰে পিএমএলএনে। দলৰ নেতাসকলে কয় যে যদিও তেওঁ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰা নাই, তথাপিও তেওঁ পৰৱৰ্তী প্ৰধানমন্ত্ৰী আৰু পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক সহায় কৰিব।