• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী! কিয় প্ৰধানমন্ত্ৰিত্বৰ দৌৰৰ পৰা আঁতৰিল নৱাজ শ্বৰীফ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2024 1:28 pm
বৈঠকত আছিফ আলী জাৰ্দাৰী আৰু শ্বাবাজ শ্বৰীফ। ফটোঃ সংগ্ৰহীত।

বৈঠকত আছিফ আলী জাৰ্দাৰী আৰু শ্বাবাজ শ্বৰীফ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জাৰ্দাৰীয়ে কয় যে তেওঁৰ পিতৃ আছিফ আলী জাৰ্দাৰীক ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিযুক্তি দিয়াটো তেওঁ বিচাৰে। পিপিপিৰ অধ্যক্ষ জাৰ্দাৰীয়ে ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰধানমন্ত্ৰিত্বৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি বিলোৱাল ভুট্টোৱে কয় যে তেওঁৰ দলে চৰকাৰৰ অংশ হোৱাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী পদৰ বাবে পাকিস্তান মুছলিম লীগ-নৱাজৰ প্ৰাৰ্থীক সমৰ্থন কৰিব।

বিলাৱালে লগতে কয় যে তেওঁ পিতৃ জৰ্দাৰী পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো বিচাৰে। বিলোৱালে কয় যে মই তেওঁ মোৰ পিতৃ হোৱাৰ বাবে এই কথা কৈছো তেনে নহয়, মই এই কথা কৈছো কাৰণ এই সময়ত দেশখন ডাঙৰ সংকটত পৰিছে আৰু যদি কোনোবাই দেশক এই সংকটৰ পৰা উলিয়াই আনিব পাৰে তেন্তে তেওঁ হ’ল আছিফ আলী জাৰ্দাৰী। পাকিস্তানৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডঃ আৰিফ আলভিয়ে অহা মাহতে পদৰ পৰা পদত্যাগ কৰিব।

Apply Now

লগতে পঢ়কঃ মোডী চৰকাৰৰ বাবে মোক্ষম আঘাত! নিৰ্বাচনী বণ্ড আঁচনি অসাংবিধানিক, উচ্চতম ন্যায়ালয়ৰ ৰায়; পোহৰলৈ আহিব দাতা সংস্থাৰ নাম

ইপিনে, পাকিস্তান মুছলিম লীগ নৱাজ ( পি এম এল-এন)ৰ সভাপতি শ্বাহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰা হৈছে। পি এম এল-এনৰ মুখপাত্ৰমৰিয়ম ঔৰংজেবে টুইটাৰত কয় যে দলৰ মুৰব্বী নৱাজ শ্বৰীফে (৭২) কনিষ্ঠ ভাতৃ শ্বাহবাজ শ্বৰীফ (৭২)ক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে আৰু কন্যা মৰিয়াম নৱাজ (৫০)ক পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে।

তেওঁ কয় যে নৱাজ শ্বৰীফে পিএমএল-এনক (পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে) সমৰ্থন কৰা ৰাজনৈতিক দলসমূহক ধন্যবাদ জনাইছে আৰু এনে সিদ্ধান্তই পাকিস্তানক সংকটৰ পৰা উলিয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। জানিব পৰা মতে, পিএমএল-এন আৰু পিপিপি এমকিউএম-পি, পিএমএল-কিউ, আইপিপি আৰু বিএপিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

যোৱা বছৰ নৱাজ শ্বৰীফ লণ্ডনৰ পৰা পাকিস্তানলৈ উভতি অহাৰ পিছত সকলোৱে ধৰি লৈছিল যে তেওঁ প্ৰধানমন্ত্ৰী হ’বলৈ দেশলৈ উভতি আহিছে। তেওঁৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ নিষ্পত্তি হ’ল আৰু তেওঁ সেনাবাহিনীৰ সমৰ্থন লাভ কৰিলে। এই সকলোবোৰৰ মাজতো তেওঁৰ দলটোৱে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা নাপালে। সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত যদিও নৱাজ শ্বৰীফৰ পিএমএলএনে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। কিন্তু তেওঁ নিজে প্ৰধানমন্ত্ৰী হোৱা নাই। ভাতৃ শ্বাহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰী কৰাৰ সিদ্ধান্ত লয়। শ্বাহবাজে ৰাজহুৱাভাৱে কয় যে তেওঁ নৱাজ শ্বৰীফক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে কিন্তু নৱাজে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়।

লগতে পঢ়কঃ জীৱনে মৰণে সংগী পত্নী! হাতত হাত থৈ স্বেচ্ছাই মৃত্যু সাৱটিলে নেদাৰলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

তেওঁৰ এই সিদ্ধান্তৰ মূল কাৰণ দুটা। নৱাজ শ্বৰীফ প্ৰধানমন্ত্ৰী নোহোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল তেওঁৰ দলটোৱে সংখ্যাগৰিষ্ঠতা নাপালে। নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁ সংখ্যাগৰিষ্ঠতা পোৱাৰ আশা কৰা বুলিও কয়। আনহাতে, ফলাফলৰ পূৰ্বে মিত্ৰজোঁটৰ চৰকাৰ গঠন নকৰাৰ ইচ্ছা প্ৰকাশ কৰে। নিৰ্বাচনৰ দিনটোত ভোটদানৰ অন্তত তেওঁ সাংবাদিকৰ আগত কয় যে সংখ্যাগৰিষ্ঠ চৰকাৰেহে ৰাইজৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দায়িত্ব লৈ বৰ্তমানৰ সংকটৰ পৰা দেশখনক উলিয়াই আনিব পাৰে। এনে পৰিস্থিতিত তেওঁ সংখ্যাগৰিষ্ঠতা নোপোৱাকৈয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয়।

পিএমএলএনৰ জ্যেষ্ঠ নেতা ৰানা ছানাউল্লাই কয় যে তেওঁৰ দলে চতুৰ্থবাৰৰ বাবে নৱাজ শ্বৰীফক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছিল যদিও যিহেতু দলটোৱে চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে, সেয়েহে দলটোৱে এই সিদ্ধান্তৰ পৰা পিছুৱাই গ’ল।

ৰাণা ছানাউল্লাই কয়, আমি এই চৰকাৰ চলাবলৈ ‘মিত্ৰজোঁটৰ কাৰিকৰ’ শ্বাহবাজ শ্বৰীফক আগবঢ়াই দিছো। ইমৰাণ খানৰ চৰকাৰ পতনৰ পিছত ১৬ মাহ ধৰি ১৩টা দলৰ মিত্ৰজোঁটৰ চৰকাৰ সফলভাৱে চলাইছিল। শ্বাহবাজ শ্বৰীফক তেওঁৰ অভিজ্ঞতা বিবেচনা কৰি প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত সকলো দলৰ নেতাই একমত হৈছিল। তেওঁ কয় যে নৱাজ শ্বৰীফ আৰু দলৰ বাকীসকলে বিশ্বাস কৰে যে শ্বাহবাজে মিত্ৰজোঁটৰ চৰকাৰখন অধিক ফলপ্ৰসূভাৱে চলাব।

লগতে পঢ়কঃ কৃষকৰ প্ৰতিবাদৰ সন্মুখত বেৰিকেড-কন্দুৱা গেছ ব্যৰ্থ; কেন্দ্ৰৰ সৈতে আজি পুনৰ বৈঠক

অৱশ্যে নৱাজ শ্বৰীফে ৰাজনীতি এৰি দিয়াৰ জল্পনা-কল্পনাক ভিত্তিহীন বুলি অভিহিত কৰে পিএমএলএনে। দলৰ নেতাসকলে কয় যে যদিও তেওঁ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰা নাই, তথাপিও তেওঁ পৰৱৰ্তী প্ৰধানমন্ত্ৰী আৰু পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক সহায় কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd