NEET অৰ্থাৎ নেশ্যনেল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্টত প্ৰতি বছৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছত বহু শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহে। সাধাৰণতে উচ্চতৰ মাধ্যমিকৰ পিছত চিকিৎসা ক্ষেত্ৰলৈ যাব বিচৰা শিক্ষাৰ্থীসকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।
উচ্চতৰ মাধ্যমিক আৰু NEET ৰ পাঠ্যক্ৰমৰ মাজত বৰ বেছি সাদৃশ্য নথকাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে একে সময়তে দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে। সেয়েহে বেছিভাগ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকৰ পিছত একাধিকবাৰ ড্ৰ’প দি এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ হোৱাৰ অধিক উদাহৰণ আছে।
সেয়েহে, অভিভাৱকসকলে বৰ্তমান তলৰ শ্ৰেণীৰ পৰাই এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছে। কিন্তু কথাটো তাতেই শেষ নহয়। যিহেতু পৰীক্ষাটো সমগ্ৰ ভাৰততে হয় ইয়াৰ প্ৰশিক্ষণ প্ৰণালী আৰু মাহিলী খৰচো অতি ব্যয়বহুল। ফলস্বৰূপে, বহুতো শিক্ষাৰ্থীৰ ইচ্ছা স্বত্বেও কোনো উপায় নাথাকে।
লগতে পঢ়ক: উৎসৱৰ আনন্দত বিঘিনি: গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ মৃত্যুক সাবটিলে সাতগৰাকীয়ে
অৱশ্যে, এই সকলোবোৰ বাধাক বুঢ়া আঙুলি দেখুৱাই বিজ্ঞানৰ লাইনত নথকাৰ পিছতো এগৰাকী প্ৰাৰ্থীয়ে মাত্ৰ ৬মাহৰ প্ৰস্তুতিৰে ৯৮.৯৮ শতাংশ নম্বৰ লাভ কৰিছে। আপুনি হয়তো তেওঁৰ বয়স জানিলে আৰু অধিক আচৰিত হ’ব। ৫২ বছৰ বয়সত এইগৰাকী ‘শিক্ষাৰ্থী’য়ে পৰীক্ষাটোত বহিছিল। কিন্তু চিকিৎসক হ’বলৈ নহয়। আপুনি তেওঁৰ উদ্দেশ্যটো জানি আৰু অধিক আচৰিত হ’ব। ৫২ বছৰীয়া NEET পৰীক্ষাৰ্থীগৰাকীয়ে আকৌ এবাৰ প্ৰমাণ কৰি দিছে যে এই পৃথিৱীত এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই।
১৯৮৭ চনত প্ৰদীপ কুমাৰ সিঙে দিল্লীৰ এখন প্ৰসিদ্ধ বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ৭১ শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী আৰু স্কুল অফ ইক’নমিকছৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ছাত্ৰ জীৱন সম্পূৰ্ণ কৰে।
তেওঁ এখন ব্যৱসায়িক আলোচনীত কাম কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ নিজেই ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ পুত্ৰ বিজিন স্নেহান্স এন এইচ এল চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। ২০১৯ চনত বিজিনে ৭০০ৰ ভিতৰত ৫৯৫ নম্বৰ লাভ কৰি এমবিবিএছ অধ্যয়ন কৰিবলৈ ভৰ্তি হয়।
লগতে পঢ়ক: বিলকিছ বানো গোচৰৰ সম্পূৰ্ণ ৰেকৰ্ড দাখিল কৰিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
প্ৰদীপ কুমাৰ সিঙে কয়, “প্ৰতিষ্ঠানসমূহে NEET ৰ প্ৰস্তুতিৰ বাবে বৃহৎ পৰিমাণৰ ধন আদায় কৰে যিটো নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সামৰ্থ্যৰ বাহিৰত।” সেয়েহে কোনো প্ৰশিক্ষণত নামভৰ্তি কৰাৰ পৰিৱৰ্তে তেওঁৰ পুত্ৰক ঘৰতে পঢ়ুৱাইছিল। কিন্তু অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বিষয়টো তেওঁৰ মনত বাৰে বাৰে খুন্দিয়াইছিল।
তেওঁ জানিবলৈ দি কয়, “মই পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ভাল। মোৰ ল’ৰা জীৱ বিজ্ঞানত ভাল। গতিকে আমি দৰিদ্ৰ শিশুসকলক একেলগে প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰো।‘’ আৰু সেইকাৰণে তেওঁ পৰীক্ষাত বহিছিল। তেওঁৰ মতে তেওঁ পৰীক্ষাত বহি ইয়াত সফল হৈ তেওঁৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ মনৰ ভয় আঁতৰাবলৈ সক্ষম হ’ব।
জুলাইত হ’বলগীয়া এই পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰস্তুতি পূৰ্ণ গতিত আৰম্ভ হৈছিল। অৱশেষত যেতিয়া ফলাফল প্ৰকাশ পালে, প্ৰদীপ কুমাৰ সিঙে ৭০০ ৰ ভিতৰত ৬০৯ নম্বৰ লাভ কৰি এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।
কিন্তু ইয়াৰ মাজতে বহুতৰ মনত হয়তো বাৰে বাৰে এটা প্ৰশ্ন আহি আছে। সেইটো হৈছে এনে পৰীক্ষাবোৰৰ নিজা কিছুমান নিয়ম আৰু বাধ্যবাধকতা থাকে। তাৰে এটা হৈছে বয়সৰ সীমা। পিচে, যিকোনো বয়সৰ মানুহে এই পৰীক্ষা দিব পাৰেনে?
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ২০২২ চনৰ মাৰ্চত জনায় যে এতিয়াৰ পৰা NEET-UG পৰীক্ষাৰ বাবে বয়সৰ কোনো উচ্চ সীমা নাথাকিব। অৰ্থাৎ যিকোনো বয়সৰ লোকে এতিয়াৰ পৰা এই প্ৰৱেশ পৰীক্ষা দিব পাৰে।