ছুপাৰ পাৱাৰ ৰাষ্ট্ৰৰ ফোঁপোলা ভেম ত্যাগ কৰি সংযুক্ত আৰব এমিৰে’টৰ দান গ্ৰহণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক পৰামৰ্শ দিছে চিপিআইএমৰ নেতা প্ৰকাশ কাৰাটে। চিপিআইএমৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰকাশ কাৰাটে আৰব ৰাষ্ট্ৰখনে কেৰালাৰ বানাক্ৰান্ত জনসাধাৰণৰ সাহায্যৰ বাবে দান কৰা ধনখিনি গ্ৰহণ কৰি তাৰে ৰাজ্যখনৰ জনসাধাৰণক সহায় কৰাৰ বাবে প্ৰকাশ কাৰাটে চৰকাৰক আহ্বান জনাই এইদৰে কয়।
উল্লেখ্য যে বানাক্ৰান্ত কেৰালালৈ অলপতে সংযুক্ত আৰব এমিৰে’টৰ তৰফৰ পৰা আগবঢ়োৱা ৭০০ কোটি টকাৰ দান গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰ চৰকাৰে।
চিপিআইএমৰ পলিটব্যুৰো সদস্যগৰাকীয়ে শুকুৰবাৰে আগৰতলাৰ চিপিএমৰ কাৰ্যালয়ত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে, ‘‘ভাৰতে নিজকে এখন ছুপাৰ পাৱাৰ ৰাষ্ট্ৰ বুলি ভেম দেখুৱাব নালাগে। আজি কেৰালাৰ জনসাধাৰণক সকলো ফালৰ পৰা সাহায্যৰ প্ৰয়োজন হৈ পৰিছে। কেন্দ্ৰ চৰকাৰলৈ আমাৰ আৱেদন হৈছে এই যে ফোঁপোলা ভেম নেদেখুৱাই কেৰালাৰ ৰাজ্য চৰকাৰৰ সৈতে পৰামৰ্শ কৰি এই বিষয়ত প্ৰয়জনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে।’’
কাৰাটৰ মতে সংযুক্ত আৰব এমিৰে’টৰ অৰ্থনৈতিক ভেটি মজবুট কৰাত হাত উজান দিয়া কৰ্মশক্তিৰ অধিকাংশই হৈছে ভাৰতীয় লোক আৰু সেইসকলৰ ৮০ শতাংশই হৈছে কেৰালাৰ নাগৰিক। গতিকে কেৰালাৰ এই দুৰ্দিনত সংযুক্ত আৰব এমিৰে’টৰ ফালৰ পৰা এইটো এটা স্বাভাৱিক পদক্ষেপ। কিন্তু ভাৰত চৰকাৰে এয়া অস্বীকাৰ কৰিছে।
মোদী চৰকাৰক অৰ্থনৈতিক দিশত অপশাসন চলোৱা বুলি দোষাৰোপ কৰি কাৰাটে কয় যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ দিনত কৃষক, দলিত আৰু নিবনুৱাসকল অধিক ক্ষতিগ্ৰস্ত হৈছে।
কাৰাটে আৰু কৈছে, ‘‘ মজদুৰ কিষান সংঘৰ্ষ ৰে’লী’য়ে ভৱিষ্যতে ভাৰতৰ খাটি-খোৱা জনসাধাৰণৰ সংগ্ৰামক নতুন ৰূপত তুলি ধৰিব।’’