ভংগ যুৱৰাজৰ অভিলেখ! ফাইনেলত ৪০০ ৰানৰ মাৰাথন ইনিংছ; দ্ৰাবিড়ৰ পুত্ৰৰ সতীৰ্থ `প্ৰখৰ’ৰ অনন্য অভিলেখ

প্ৰখৰ চতুৰ্বেদী।

কোচবিহাৰ ট্ৰফীত ইতিহাস ৰচনা হ’ল। তাকো ফাইনেলত! কৰ্ণাটক বনাম মুম্বাইৰ ফাইনেলত ৰচিত হ’ল এক অনন্য অভিলেখ! ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাখনত সকলোৰে দৃষ্টি কাঢ়িলে প্ৰখৰ চতুৰ্বেদীৰ অসাধাৰণ বেটিঙে। ইয়াৰ জৰিয়তে প্ৰখৰে যুৱৰাজ সিঙৰ ২৪ বছৰ পুৰণি এই টুৰ্ণামেন্টৰ ফাইনেলত খেলা ৩৫৮ ৰানৰ অভিলেখ ভংগ কৰে। এই তালিকাত তেওঁ দ্বিতীয় স্থান থাকে। ২০১১-১২ ছিজনত মহাৰাষ্ট্ৰৰ বিজয় জ’লে অসমৰ বিৰুদ্ধে খেলা ৪৫১ ৰানৰ ইনিংছটোৰ অভিলেখ অক্ষত থাকিল।

মাল্টি ডে ক্ৰিকেটত ধৈৰ্য্যৰ প্ৰয়োজন। ইয়াৰ লগত আগ্ৰাসন মিহলি হ’লে কি হ’ব পাৰে তাৰ এক অনন্য উদাহৰণ হ’ল প্ৰখৰ চতুৰ্বেদী। কৰ্ণাটকৰ এইগৰাকী বেটছমেনে কোচবিহাৰ ট্ৰফীৰ ফাইনেলত ৪০৪ ৰানৰ অপৰাজিত ইনিংছ খেলিলে। তেওঁৰ দলটোৱে ৮৯০-৮স্কোৰত ৰৈ গ’ল! আৰু সময় থাকিলে হয়তো দলটোৰ ১০০০ আৰু প্ৰখৰৰ ৫০০ ৰানো হ’লহেঁতেন।

লগতে পঢ়কঃ হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

বয়সভিত্তিক প্ৰতিযোগিতাত কোনো দলক শক্তিশালী বা দুৰ্বল বুলি ক’ব নোৱাৰি। সকলো সমান বুলি কোৱাই ভাল। কোচবিহাৰ ট্ৰফীৰ ফাইনেলত মুম্বাই আৰু কৰ্ণাটক মুখামুখি হয়। মুম্বাইয়ে প্ৰথমে বেট কৰে। হাৰ্দিক ৰাজৰ ৪ উইকেট, ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিতৰ ২ উইকেটৰ পিছত মুম্বাইৰ ইনিংছ শেষ হয় ৩৮০ ৰানত।

যেতিয়া ফাইনেলত ইমান ডাঙৰ ৰান সন্মুখত থাকে, তেতিয়া বহু ক্ষেত্ৰত বিপক্ষ দলে আত্মবিশ্বাস হেৰুৱাই পেলায়। কিন্তু কৰ্ণাটকৰ ক্ষেত্ৰত দেখা গ’ল ইয়াৰ সম্পূৰ্ণ বিপৰীত।

কৰ্ণাটকৰ অ’পেনাৰ প্ৰখৰ চতুৰ্বেদীয়ে আৰম্ভণিৰ পৰা শেষলৈকে বেটিং কৰে! মেচখন টাই হ’লেও কৰ্ণাটক প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰি কোচবিহাৰ ট্ৰফীৰ চেম্পিয়ন হয়। প্ৰখৰে এটা ফালে দৃঢ়তাৰে থিয় হৈ ৰয়। কৰ্ণাটকৰ ইনিংছ ২২৩ অভাৰত চলিল! চাৰিদিনীয়া খেল। সময় শেষ নহ’লে মুম্বাইৰ বলাৰ-ফিল্ডাৰসকলৰ আৰু ঘাম বাহিৰ হৈ গ’লহেঁতেন ৷

কৰ্ণাটকৰ আন এজন অ’পেনাৰ কাৰ্তিকে অৰ্ধশতক অৰ্জন কৰে। তিনি নম্বৰত নমা হৰ্শিল ধৰ্মানীয়ে ১৬৯ ৰান সংগ্ৰহ কৰে। সমিত দ্ৰাবিড়ৰ অৱদান ২২। অৱশ্যেই ইনিংছৰ মূল আকৰ্ষণ আছিল প্ৰখৰৰ মাৰাথন ইনিংছ।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটে হওক বা টেষ্টতেই হওক। সৰ্বোচ্চ নম্বৰৰ অভিলেখ আছে কিংবদন্তি ব্রায়ান চাৰ্লছ লাৰাৰ। প্ৰখৰৰ ইনিংছো তেনেকুৱাই অনবদ্য। ৬৩৮ বল, অপৰাজিত ৪০৪ ৰান! নিজৰ ইনিংছটোত প্ৰখৰ চতুৰ্বেদীয়ে ৪৬টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰী কোবায়।