NORTHEAST NOW (Assamese)

হাগ্ৰামাৰ ঘোষণা : কোকৰাঝাৰত লোকসভাৰ বিপিএফৰ প্ৰাৰ্থী হ’ব প্ৰমীলা ৰাণী ব্ৰহ্ম

March 12, 2019 6:23 pm · কল্পজ্যোতি শইকীয়া
কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম।

লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ’ব বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। বৰমাত হোৱা বিটিচিৰ  কাৰ্য্যনিৰ্বাহক বৈঠকৰ অন্তত কোকৰাঝাৰ সমষ্টিৰ পৰা ব্ৰহ্মই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

এই ঘোষণাৰ প্ৰতি সন্মান আৰু আদৰণি জনাইছে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয় সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে।

তাৎপৰ্যপূৰ্ণ ভাৱে সাংসদ হিচাপে কোকৰাঝাৰৰ ৰাইজে জয়ী কৰালে বড়ো, অবড়ো সকলো ৰাইজৰ সমানে উন্নয়নৰ হকে কাম কৰি যাব বুলি আমাৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়।

“বিটিচিত থকা বড়ো, অ-বড়ো সকলৰ যি সমস্যা আছে, সেই সমস্যা দূৰ কৰিম। বড়োসকলৰ সৈতে অন্যান্য জনগোষ্ঠীৰ মাজত যি সম্পৰ্ক আছে, সেই সম্পৰ্ক সুন্দৰকৈ গঢ় দিম। বড়ো হিচাপে জাতি আছে, অ-বড়ো হিচাপে কোনো জাতি নাই। বড়ো অ-বড়োৰ মাজৰ পাৰ্থক্য বা মতানক্য নাইকিয়া কৰিম। বিটিচিত সকলোৰে বসবাস কৰাৰ আৰু মত প্ৰকাশ কৰাৰ অধিকাৰ আছে।” আমাৰ সৈতে হোৱা কথা বতৰাত ব্ৰহ্মই এইদৰে কয়।

ইপিনে, কোকৰাঝাৰ সমষ্টিত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা বুলি দাবী কৰাৰ লগতে সমস্যা সমাধানত বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কোনো গুৰুত্ব আৰোপ নকৰা বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ কয়, “শৰণীয়াই কি উন্নয়ন কৰিছে কৰা নাই আমি দেখা নাই। এইয়া বাস্তৱ সত্য, তেওঁ কি উন্নয়ন কৰিছে আমি নাজানো। ৰাইজে যি কৈছে, ৰাইজে কোৱাটোৱেই সত্য।

Related News