কটন বিশ্ববিদ্যালয়ৰ উঃ মাঃ প্ৰথম বাৰ্ষিকৰ বিজ্ঞান আৰু কলা শাখাত আসন হ্ৰাসৰ বিৰোধিতা প্ৰাঞ্জল কলিতাৰ

index.jpg99.jpg2

কটন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষৰ নামভৰ্তি বাবে জাৰি কৰিলে জাননী।

বিশ্ববিদ্যালয় কতৃপক্ষই জাৰি কৰা জাননীখনত প্ৰমাণ হৈছে পূর্বতকৈ আসনৰ সংখ্যা হ্ৰাস পাব উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষত।

ক’লা আৰু বাণিজ্যক দুয়োটা শাখাতে আসন হ্ৰাস পোৱাটো চুড়ান্ত হৈছে।

জাননীখনত উল্লেখ থকা অনুসৰি বিশ্ববিদ্যালয়খনত চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান শাখাত চাৰিটা চেক্সন থাকিব।

প্ৰতিটোতে ৮০ জনকৈ ছাত্ৰ-ছাত্ৰীৰ থাকিব অৰ্থাৎ শ্ৰেণীত মুঠ শিক্ষাৰ্থীৰ সংখ্যা হ’ব ৩২০জন।

আনহাতে ক’লা শাখাত প্ৰতিটো চেক্সনত ১২০জনকৈ ছাত্ৰী-ছাত্ৰীক নামভৰ্তি কৰোৱা হ’ব।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনত যোৱা বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান আৰু কলা শাখাত শিক্ষাৰ্থী আছিল ক্ৰমে ৫০০ আৰু ১৬০ শিক্ষাৰ্থী।

কিন্তু ৰহস্যজনকভাৱে ল’কডাউনৰ মাজতে চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ১৮০খন আসন আৰু কলা শাখাত ৪০খন আসন অর্থাৎ ২২০খন আসন হ্ৰাস কৰিছে বিশ্ববিদ্যালয়খনে।

কতৃপক্ষৰ এই সিদ্ধান্ত বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ একতা সভাৰ সাধাৰণ সম্পাদক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাই তীব্ৰ বিৰোধিতা কৰিছে।

কলিতাই এই সন্দৰ্ভত কয় “কোনো কাৰণত এই সিদ্ধান্ত মানি নলয় ছাত্ৰ সমাজে। ৰাজ্যৰ মেধা সম্পন্ন প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কটনত পঢ়িব বিচাৰে।”

“তেওঁলোকক উপযুক্ত শিক্ষা পৰা বঞ্চিত হোৱাটো আমি কেতিয়া কামনা নকৰো।লকডাউনৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক।” কলিতাই কয়।

বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈ থিয় দিবলৈ আহ্বান জনাইছে প্ৰাঞ্জল কলিতাই।

“ইতিমধ্যে শিক্ষাৰ বাণিজ্যিকৰণ আৰম্ভ হৈছে। কটনৰ কোনো গৰিমাৰ ম্লান পৰিবলৈ দিয়া নহ’ব।” কলিতাৰ স্পষ্ট মত।

কোনো কাৰণতে বিশ্ববিদ্যালয়খনৰ আসন হ্ৰাস কৰিবলৈ দিয়া নহব বুলি কয় প্ৰাঞ্জল কলিতাই স্পষ্ট কৰি দিয়ে৷