• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী-নীতিশ কুমাৰৰ পুত্ৰ সন্তান জন্মৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লালুৱে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2022 8:15 pm
Lalu Prasad jumps into 'parivarwad' row
205
VIEWS
Share on FacebookShare on Twitter

কোৱা হয় যে জব তক চামোচা মে আলু, তব তক বিহাৰ মে লালু! পুনৰ শিৰোনামাত প্ৰাক্তন ৰেল মন্ত্ৰী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কৰা তেওঁৰ শেহতীয়া এক টিপ্পনিয়ে ব্যাপক আমোদৰ সৃষ্টি কৰিছে। সংবাদমাধ্যমৰ আগত লালুৱে কয় যে মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুত্ৰ সন্তান পোৱাৰ কামনাৰে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ সংবাদসংস্থা এএনআইক এটা দীঘলীয়া সাক্ষাৎকাৰ দিছিল।

তাত মোদীয়ে পৰিবাৰবাদী তথা বংশানুক্ৰমিক ৰাজনীতিক আক্ৰমণ কৰিছিল। ইয়াক গণতন্ত্ৰৰ পৰিপন্থী বুলি মোদীয়ে অভিহিত কৰিছিল।

মূলতঃ ৰাহুল গান্ধী, অখিলেশ যাদৱ আৰু লালু প্ৰসাদ যাদৱকে মোদীয়ে এইক্ষেত্ৰত লক্ষ্য কৰি লৈছিল। তাৰ বিপৰীতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তেওঁ প্ৰশংসা কৰিছিল।

তাৰ প্ৰতু্ত্তৰত সংবাদিকৰ আগত লালুৱে কয় যে মোদীৰ যদি ল’ৰা নাই, তেন্তে তাৰ বাবে লালুৰ কি দোষ?

আনহাতে, নীতিশ কুমাৰৰ ক্ষেত্ৰত লালুৱে কয় যে কুমাৰৰ এজন ল’ৰা আছে কিন্তু ৰাজনৈতিকভাৱে অযোগ্য। তেনেস্থলত ইয়াত লালুৰ কি দোষ?

সেয়ে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মন মেলিছে। লালুৱে কয় যে অচিৰেই তেওঁ প্ৰাৰ্থনা কৰিব যাতে মোদী আৰু নীতিশ কুমাৰে একোটাকৈ পুত্ৰসন্তান লাভ কৰে।

উল্লেখযোগ্য যে লালু প্ৰসাদ যাদৱৰ ৯টাকৈ সন্তান আছে। তেওঁৰ পুত্ৰ তেজস্বী যাদৱে পিতৃৰ পদাংক অনুসৰণ কৰি বৰ্তমান বিহাৰৰ মূল বিৰোধী নেতা হিচাপে পৰিচিতি লাভ কৰিছে।

কেৱল তেজস্বীয়েই নহয়, লালুৰ সন্তান তেজ প্ৰতাপ যাদৱে বৰ্তমান বিধায়ক আৰু মিছ ভাৰতীয়ে সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

তদুপৰি তেওঁৰ পত্নী ৰাবৰী দেৱীয়েও বিহাৰৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd