নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক বাৰ্ষিক অধিবেশন খনি অহা ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত অনুষ্ঠিত হ’ব। সমূহ কাৰ্যসূচী পৰিচালনা কৰাৰ অৰ্থে চিনাকান্ত বসুমতাৰীক সভাপতি আৰু বলোৰাম বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ এখন শক্তিশালী আভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।
তদুপৰি মঞ্চ, ৰভা, পোহৰ, শব্দ, খাদ্য, স্বাস্থ্য, প্ৰদৰ্শনী, স্মৃতিগ্ৰন্থ আদিকে ধৰি বিভিন্ন বিভাগৰ সুকীয়া সুকীয়াকৈ ২৩ খন উপ সমিতি গঠন কৰি অধিবেশনৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। দিনে নিশাই আভ্যৰ্থনা সমিতিৰ বিষয়-ববীয়া, সদস্য, প্ৰতিখন উপ-সমিতিৰ বিষয়-ববীয়া, সদস্য আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ পাঁচ শতাধিক ৰাইজে কাম কৰি আছে।
আভ্যৰ্থনা সমিতিৰ সভাপতি চিনাকান্ত বসুমতাৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে অধিবেশন খনৰ বাবে প্ৰায় এক কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। দুই হাজাৰ বিঘা মাটি-কালিৰে আৱৰা গৌজন ফৌথাৰত এক বিশালকায় ৰভা, মঞ্চ, প্ৰদৰ্শনীথলী, গ্ৰন্থমেলাথলী আদিৰ ব্যৱস্থা কৰা হৈছে।
অতি আকৰ্ষণীয় আৰু ব্যতিক্ৰমী ৰূপত আঢ়ৈ লাখ টকীয়া মুখ্য তোৰণ, এক লাখ টকীয়া পতাকা উত্তোলনথলী আৰু পঞ্চল্লিছ হেজাৰ টকা ব্যয় সাপেক্ষে শ্বহীদ বেদী স্থানীয় কেইবা গৰাকী শিল্পীৰ দ্বাৰা সজাই তোলাৰ কাম পূৰ্ণ গতিত চলাই থকা হৈছে। এই অধিবেশনৰ বাবে পঞ্চাশটা চৌকাৰে ৰান্ধনিশাল নিৰ্মাণ কৰাৰ উপৰিও প্ৰায় দুই হেজাৰ লোকে একেলগে খাব পৰাকৈ এক বৃহৎ আকাৰৰ ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে।
অভ্যৰ্থনা সমিতিয়ে জনোৱা মতে অধিবেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত অসমৰ নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ উপৰি সুলেখা বসুমতাৰী, বি. বিগৰাই আদিকে ধৰি কেবা গৰাকীও প্ৰতিষ্ঠিত শিল্পীয়ে গীত পৰিবেশন কৰিব।
আনহাতে, অসমৰ উপৰি অধিবেশনৰ তিনিও দিনতে দিল্লী, চণ্ডীগড়কে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ গোট সমূহ আৰু নেপাল, ভূটান আদি বিদেশী ৰাষ্ট্ৰৰ পৰাও প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব। এই অধিবেশনত কৃষি ক্ষেত্ৰ, শিক্ষা, মহিলা সৱলীকৰণ আদিক লৈ বিভিন্ন দিশত পৃথকে পৃথকে আলোচনা চক্ৰও অনুষ্ঠিত কৰা হব বুলি অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰিছে।