ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অসম ইছলামিক সাহিত্য সভা ভংগ কৰি দিয়াৰ বাবে সাজু হৈছে সংগঠনটোৰ বিষয়ববীয়াসকল।
অহা ১৩, ১৪ আৰু ১৫ মাৰ্চত নলবাৰীৰ আদাবাৰীত সংগঠনটোৰ কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হোৱাৰ কথা আছিল।
কিন্তু ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছত সংগঠনটোৰ সভাপতি চৈয়দ ইফতিকাৰ হুছেইনে ৮ জানুৱাৰিত সংবাদ মাধ্যমৰ আগত সংগঠনটো ভংগ কৰি দিয়াৰ প্ৰস্তাৱৰ বিষয়ে কয়। লগতে প্ৰস্তাৱিত কেন্দ্ৰীয় অভিৱৰ্তনখনো বাতিল কৰা বুলি জনায়।
উল্লেখযোগ্য যে ধৰ্মৰ নামত সাহিত্যক ভাগ কৰিব খোজা সংগঠনটোৰ অস্তিত্বৰ কথা পোহৰলৈ অহাৰ পিছতে বিভিন্নজনে “সন্দেহ” প্ৰক্ষেপ কৰাৰ উপৰি ইয়াৰ জন্মৰ প্ৰয়োজনৰ ওপৰত প্ৰশ্ন তোলে।
বিশেষকৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হোৱা ইয়াৰ সমালোচনা আৰু বিতৰ্কবোৰে সমাজৰ গৰিষ্ঠ অংশৰ বিবেক স্পৰ্শ কৰিবলৈ সক্ষম হয়।
ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেইচবুক য়ুজাৰসকলৰ বেছিসংখ্যকেই মত আগ বঢ়াই কয়, “সাহিত্য ভাষা কেন্দ্ৰিকহে, ধৰ্মৰ নামত সাহিত্য সভা কিয়?”
অসমৰ খোদ ইছলাম ধৰ্মীয় সমাজখনৰ পৰাই সংগঠনটোৱে তীব্ৰ বিৰোধিতাৰ সন্মুখীন হয়।
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৭ জানুৱাৰিত এটা প্ৰতিক্ৰিয়াত অসমভূমিৰ সমাজ-সংস্কৃতিক নস্যাৎ কৰি ইছলমিক সাহিত্য সভা গঠন কৰা কাৰ্য গ্ৰহনযোগ্য নহয় বুলি মন্তব্য কৰিছিল। লগতে সংগঠনটোৱে ধৰ্মৰ নামত সাহিত্য পৰিষদ গঠন কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নিও দিছিল।
লগতে পঢ়ক “অসম ইছলামিক সাহিত্য সভা”, ছ’চিয়েল মিডিয়াৰ নতুন বিতৰ্ক
৮ জানুৱাৰিত বীৰ লাচিত সেনাই শিৱসাগৰত এখন সংবাদমেল দি ইছলামিক সাহিত্য সভা, সদৌ অসম হিন্দুত্ব সাহিত্য সভাৰ দৰে ধৰ্ম ভিত্তিক সাহিত্য সভা গঠন নকৰিবলৈ সকীয়াই দিছিল।
অসম ইছলামিক সাহিত্য সভাৰ অস্তিত্ব পোহৰলৈ অহাৰ পিছতে “সদৌ অসম হিন্দুত্ব সাহিত্য সভা” নামৰ এটা অখ্যাত সংগঠনৰ কথাও পোহৰলৈ আহিছিল। ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰা সংগঠনটোৰ এখন প্ৰচাৰ পত্ৰত হিন্দুত্ববাদী লেখক-লেখিকাসকলক সংগঠিত আৰু তেওঁলোকৰ লেখা-মেলা আৰু পুথি আদি প্ৰকাশ কৰা হ’ব বুলি কোৱা হৈছে।
আনহাতে ইছলামিক সাহিত্য সভাৰ উদ্দেশ্য সম্পৰ্কে সংগঠনটোৱে ইছলামীয়, বিশেষকৈ কোৰান কেন্দ্ৰিক সাহিত্যবোৰ প্ৰচাৰেৰে অসমীয়া সাহিত্যলৈ বৰঙনি আগ বঢ়োৱাৰ কথা কোৱা হৈছে।
লগতে পঢ়ক কেৱল ইছলামিক সাহিত্য সভা নহয়, ৰাজ্যত আৱিৰ্ভাৱ হৈছে “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”
সংগঠনটোৰ অহা মাৰ্চত হ’ব লগীয়া কেন্দ্ৰীয় অভিবৰ্তনখনৰ আয়োজক সমিতিত মুখ্য পৃষ্ঠপোষক হিচাপে বিজেপিৰ বিধায়ক নাৰায়ণ ডেকাৰ নামটো উল্লেখ আছিল যদিও বিতৰ্কৰ পিছত বিধায়কজনে তেওঁক মুখ্য পৃষ্ঠপোষক হিচাপে ৰখাৰ বিষয়ে জ্ঞাত নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।