• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিদৰে যোগদান কৰিব পাৰিব ‘ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতা’ত?

আছে লক্ষাধিক টকাৰ পুৰস্কাৰ, প্ৰতিযোগিতা সন্দৰ্ভত বঙাইগাঁৱত সংবাদমেল

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 17, 2022 1:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত ভাৰতৰ নিৰ্বাচন আয়োগৰ ‘ভোটাৰ সজাগতা প্ৰতিযোগিতা’ সন্দৰ্ভত জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাৰ উপস্থিতিত নিৰ্বাচনী বিষয়া তথা সদৰ মহকুমাধিপতি মগেন নৰহে এখন সংবাদ মেল সম্বোধন কৰে ৷

বঙাইগাঁও আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই সংবাদ মেলত নিৰ্বাচনী বিষয়াগৰাকীয়ে সাংবাদিকসকলক জনায় যে ভাৰতৰ নিৰ্বাচন আয়োগে এই বছৰৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা এক ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভোটাৰ সজাগতা প্ৰতিযোগিতা’ শুভাৰম্ভ কৰিছে ৷ ‘এটা ভোটৰ শক্তি–মোৰ ভোট মোৰ ভৱিষ্যত’ শীৰ্ষক বিষয় লৈ দেশৰ ভোটাৰসকলক তেওঁলোকৰ সৃজনীমূলক প্ৰকাশৰ জৰিয়তে প্ৰতিটো ভোটৰ গুৰুত্ব পুনৰবাৰ দোহাৰাৰ উদ্দেশ্যে উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Apply Now

দেশৰ জনসাধাৰণৰ মেধা আৰু সৃজনীমূলক প্ৰতিভাৰ বিকাশৰ লগতে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে Systematic Voters’ Education and Electoral Partcipation Programme ৰ অধীনত এই ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলিও কয় । এই প্ৰতিযোগিতাত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব।

ইয়াৰ জৰিয়তে গণতন্ত্ৰত এটা ভোটৰ গুৰুত্ব সম্পৰ্কত বিভিন্নজনৰ ভাৱ বহুলোকৰ মাজত বিনিময় হ’ব। উক্ত প্ৰতিযোগিতা ৫ টা দিশত অনুষ্ঠিত হ’ব ৷ কুইজ প্ৰতিযোগিতা, শ্লোগান লিখা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, ভিডিঅ বনোৱা প্ৰতিযোগিতা আৰু পোষ্টাৰ ডিজাইন কৰা প্ৰতিযোগিতাসমূহত ৩ টা শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব ৷ যিকোনো অনুষ্ঠান,সংস্থা যেনে-চৰকাৰী আইনৰ অধীনত পঞ্জীয়নভুক্ত স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰী বা লোক, পেছাদাৰী আৰু অপেছাদাৰী লোকসকলেও অংশগ্ৰহণ কৰিব পাৰিব।

সংগীত প্ৰতিযোগিতাত শিক্ষানুষ্ঠান বা আন অনুষ্ঠানৰ পৰা অংশগ্ৰহণকৰা লোকৰ বাবে প্ৰথম পুৰস্কাৰ ১ লাখ টকা, পেছাদাৰী লোকৰ বাবে প্ৰথম পুৰস্কাৰ ৫০ হেজাৰ টকা আৰু অপেছাদাৰী লোকৰ বাবে ২০ হেজাৰ টকা প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব। ভিডিঅ বনোৱা প্ৰতিযোগিতাত অনুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰা লোকে ২ লাখ টকা, পেছাদাৰী লোকে ৫০ হেজাৰ টকা আৰু অপেছাদাৰী লোকে ৩০ হেজাৰ টকা প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব।

পোষ্টাৰ ডিজাইন কৰা প্ৰতিযোগিতাত অনুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰা লোকে ৫০ হেজাৰ টকা, পেছাদাৰী লোকে ৩০ হেজাৰ টকা আৰু অপেছাদাৰী লোকে ২০ হেজাৰ টকা প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিব। শ্লোগান লিখা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ২০ হেজাৰ টকা লাভ কৰিব আৰু কুইজ প্ৰতিযোগিতাত বিজয়ীসকলে ভাৰতৰ নিৰ্বাচন আয়োগৰ বেজ আৰু আকৰ্ষণীয় উপহাৰ লাভ কৰিব।

উক্ত প্ৰতিযোগিতাসমূহত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা গঠিত জুৰি কমিটীয়ে বিচাৰক হিচাপে মূল্যায়ন কৰিব। উক্ত প্ৰতিযোগিতাসমূহৰ অংশগ্ৰহণকাৰীসকলে নিয়মাৱলী আৰু চৰ্তসমূহ ৱেবচাইট website https://ecisveep.nic.in/contest/.ত চাব পাৰিব।অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ বিষয়সমূহ আৰু প্ৰতিযোগিতাৰ শ্ৰেণী email [email protected] ত মেইল কৰিব লাগিব।আৰু কুইজত অংশগ্ৰহণ কৰিবলৈ নিজৰ নাম contest website ত পঞ্জীয়ন কৰিব লাগিব ৷

ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ১৫ মাৰ্চৰ ভিতৰত নিজৰ বিষয়সমূহ ই-মেইলযোগে দাখিল কৰিব লাগিব বুলিও নিৰ্বাচনী বিষয়া তথা সদৰ মহকুমাধিপতি মগেন নৰহে সংবাদমেলত অৱগত কৰে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd