NORTHEAST NOW (Assamese)

সকলো মিঞা মিউজিয়াম, মহিলাই মদ খোৱাক লৈ ব্যস্ত; হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ মূল্য

October 28, 2020 9:04 pm · কল্পজ্যোতি শইকীয়া
Updated: October 28, 2020 9:18 pm

ছ’চিয়েল মিডিয়াত এটাৰ পাছত আন এটা ট্ৰেণ্ড চলি আছে। এজনে আনজনক চেৰাই এটাৰ পাছত আন এটা বিতৰ্কিত মন্তব্য কৰি গৈছে। তাত সকলোৱে হাত উজান দিবলৈ আৰম্ভ কৰিছে। মুঠৰ ওপৰত সকলো ব্যস্ত মানে তামাম ব্যস্ত।

কেতিয়াবা যদি বাঘে গৰু খাব নে নাখাব তাক লৈ সৰৱ আলোচনা, তাৰ পাছতে আকৌ কোনোবাই জনাব কাপ’ল চেলেঞ্জ চিংগল চেলেঞ্জ। কেতিয়াবা আকৌ এটা পুতলা শ্বেয়াৰ কৰি মনৰ আশা পূৰণ কৰিব বুলি পোষ্ট কৰে আন কোনোবাই আকৌ তাকে লৈ বিভিন্ন মিম প্ৰস্তুত কৰাত ব্যস্ত।

এতিয়া আকৌ ট্ৰেণ্ডিঙত মিঞা সংগ্ৰহালয় আৰু অসমৰ মহিলাই দেশৰ ভিতৰতে বেছিকৈ মদ্যপান কৰে। তাক লৈ সকলো ছ’চিয়েল মিডিয়াত ব্যস্ত।

মিঞা সংগ্ৰহালয়ক লৈ এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দললৈ বোকা ছটিওৱা আৰম্ভ কৰিছে তাতে আকৌ উগ্ৰ উগ্ৰ মন্তব্যৰে হাত উজান দিছে সমৰ্থকে।

কিন্তু এইবোৰৰ মাজত খবৰ ৰাখিছে নে আপুনি বজাৰৰ কথা? বজাৰত যে আলু-পিয়াজৰ হোৰাহোৰে মূল্য বৃদ্ধি হৈছে সেই প্ৰসংগসমূহো এবাৰ সজোৰে উত্থাপন কৰক। তেতিয়া কুম্ভকৰ্ণ নিদ্ৰাত থকা যোগান মন্ত্ৰী ফণীভুষণ চৌধুৰীয়ে সাৰ পায়েই কিজানি!

তাৎপৰ্যপূৰ্ণভাৱে মহানগৰীৰ বজাৰত এতিয়া ৫০ টকাতকৈ তলত প্ৰতি কিলো শাক-পাছলি পাবলৈ নাইকিয়া হৈছে। প্ৰতি কিলো নতুন আলু যদি ৬০ টকা হৈছে তাৰ বিপৰীতে প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ৮০ টকা পৰ্যন্ত হৈছে।

কিন্তু ইমানৰ পাছতো কোনেও সবল প্ৰতিবাদ গঢ়ি তোলা দেখিবলৈ পোৱা নাই।

সকলো কেৱল নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে আৰু এজনৰ মন্তব্যৰ প্ৰত্যুত্তৰত আগবঢ়াইছে অন্য এক মন্তব্য। এনে হৈছে যেন আলু পিয়াজৰ মূল্য বৃদ্ধি প্ৰসংগ ভাৰ ম্যে যাওঁ।

অসাধু ব্যৱসায়ীয়ে নিজ খেয়াল-খুচি মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ সোধাই আছে। তাৰ পাছতো যেন কোনেও এই প্ৰসংগ গমেই নাপায়।

এনেদৰে যদি সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গৈ থাকে তেন্তে নিশ্চয়কৈ শাসনাধীন বিজেপি চৰকাৰৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি ধোৱাচাঙত উঠিব। লগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰসংগ পুনৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিবলৈ নিশ্চয়কৈ কুন্ঠাবোধ কৰিব।

Related News