ৰাজ্যৰ বজাৰ সমূহত শাক পাচলিৰ উৰ্ধমুখী দামে বিপাঙত পেলাইছে সাধাৰণ জনতাক ।
শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম নিয়ন্ত্ৰণ কৰাৰ সলনি ৰাজ্য চৰকাৰ ব্যস্ত বিভিন্ন বিষয়কলৈহে l
কায্যত: দিশহাৰা জনসাধাৰণ l ৰাজনৈতিক দল সমূহো ব্যস্ত দিছপুৰ দখলৰ অংকত ।
জাতীয়তাবাদী সংগঠন সমূহো প্ৰায় নিৰৱ l বিপৰীতে নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী। আজি পুৱা যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰাৰ সপ্তাহিক বজাৰত দেখা গ’ল শাক পাচলিৰ উৰ্ধমুখী দাম l
বিপাঙত সাধাৰণ জনতা, ক্ৰেতা । প্ৰতিটো পাচলিৰ মূল্য প্ৰায় ৫০ -৬০ টকাৰ ওপৰত। তথাপি পুৱাই অত্যধিক মূল্য বৃদ্ধি হ’লেও প্ৰয়োজনীয় শাক পাচলি কিনিবলৈ বজাৰত ভিৰ কৰিছে সাধাৰণ ক্ৰেতাই।
জনতা এতিয়া উপায়হীন। নাই কাৰো প্ৰতিবাদ l সকলো নিৰৱ l