NORTHEAST NOW (Assamese)

মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী-বিত্ত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

September 30, 2019 5:42 pm · এন ই নাও নিউজ, কাজি জেইদুল ইছলাম
Updated: September 30, 2019 6:00 pm

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছে মহানগৰীৰ ৰাজপথতে প্ৰধান মন্ত্ৰীৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে।

সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা নিয়ন্ত্ৰণ কৰা আৰু নিৱনুৱাক কৰ্মসংস্থাপন দিয়াৰ দাবীত আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি শতাধিক যুৱক কংগ্ৰেছীয়ে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

যুৱ কংগ্ৰেছী সকলে ৰাজীৱ ভৱনৰ সন্মুখত ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, নিৱনুৱা সমস্যা সমাধান কৰক’ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

তাৰোপৰি প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী উত্থাপন কৰি ডিঙিত পিঁয়াজৰ মালা পিন্ধি পিঁয়াজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰো দাবী জনায়।

বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে বিজেপি দলৰ গুৱাহাটীৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু বিজেপি দলৰ বিধায়ক প্ৰশান্ত ফুকনক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনায় ৷

আনহাতে বিশ্বনাথতো বিশ্বনাথ জিলা যুৱ কংগ্ৰেছে পিয়াঁজৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।

উপ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিমটো দিনত অৰ্থনৈতিক মন্দাৱস্হা, নিৱনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে।

Related News