NORTHEAST NOW (Assamese)

১৩১ সংখ্যক জন্মজয়ন্তীত দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুক স্মৰণ প্ৰধান মন্ত্ৰী মোদীৰ

November 14, 2020 9:56 am · এন ই নাও নিউজ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ১৩১ সংখ্যক জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভাৰতত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তী শিশু দিৱস হিচাপে পালন কৰা হয়।

‘‘দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো,’’ নৰেন্দ্ৰ মোদীয়ে টুইটাৰত এইদৰে লিখে।

নৰেন্দ্ৰ মোদীৰ উপৰিও কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ো জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নেহৰুই দেশৰ প্ৰগতিৰ বাবে আগবঢ়োৱা অৱদানৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰে।

ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে কংগ্ৰেছৰ প্ৰায় সকল নেতাই প্ৰাক্তন প্ৰধান মন্ত্ৰী নেহৰুৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৮৮৯ চনৰ ১৪ নৱেম্বৰত জৱাহৰলাল নেহৰুই উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

Related News