থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক; সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ

নলবাৰীৰ ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া বিমান ৰয়ক নিলম্বন কৰা হৈছে। বৃহস্পতিবাৰে আবেলি টুইটযোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

আনহাতে, পলাতক হৈ আছে আৰক্ষী বিষয়া বিমান ৰয়। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। সঞ্চালক প্ৰধানগৰাকীয়ে পলাতক বিমান আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰিছে।

জানিব পৰা মতে, ভুক্তভোগী কিশোৰীগৰাকীয়ে নিৰ্যাতনৰ সমগ্ৰ ঘটনা প্ৰথমতে উপ-পৰিদৰ্শক লিজা টায়েক জনাইছিল। কিন্তু টায়ে কিশোৰীগৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান দিছিল। এগৰাকী আৰক্ষী বিষয়াৰ কাণ্ডকলৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: লক্ষ্য মোডী চৰকাৰক ‘উৎখাত’; পুনৰ জুলাইত বেংগালুৰুত বিৰোধী দলসমূহৰ মহা বৈঠক

উল্লেখ্য যে বুধবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে উত্থাপন হৈছিল এক বিস্ফোৰক অভিযোগ।  

অভিযোগ অনুসৰি, ঘগ্ৰাপাৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক ৰয়ে লক-আপৰ ভিতৰতে আন আৰক্ষী বিষয়াৰ সন্মুখত এগৰাকী কিশোৰীক উলংগ কৰি ফটো তুলিছিল।

ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা এফআইআৰ অনুসৰি যোৱা ২৬ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, যোৱা ২১ জুনত ভুক্তভোগী ছোৱালীজনীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল। অৱশ্যে তেওঁলোকক আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ থানালৈ লৈ আনে। দুয়োকে সেই নিশা লকআপৰ ভিতৰতে ৰখা হয়।

“এছ আইয়ে মোক কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল, কিন্তু, মই অস্বীকাৰ কৰিলোঁ। তাৰ পিছত তেওঁ মোক ভাবুকি দিলে আৰু সেয়েহে মই ভয় খাই কাপোৰ খুলিলোঁ। এছ আইয়ে মোৰ উলংগ ছবি ক্লিক কৰি অশ্লীল ইংগিতেৰে মোক নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল। ৰাতিপুৱা মই এই বিষয়ে এগৰাকী মহিলা আৰক্ষীক জনাইছিলোঁ যদিও তেওঁ মোক মনে মনে থাকিবলৈ কৈছিল।’’ – অভিযোগ পত্ৰত এইদৰে কয় অভিযোগকাৰী কিশোৰীগৰাকীয়ে।

লগতে পঢ়ক: শেষ সুযোগ! কাইলৈ পান-আধাৰ লিংকৰ অন্তিম দিন; নহ’লে কি হ’ব?

ইয়াৰ পিছতে নলবাৰী থানাৰ ২৮৭/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪(খ)/৫০৯ আৰু POCSO আইনৰ আৰ/ডব্লিউ ধাৰা ১২/১৪(১)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সুধাকৰ সিঙক অৱগত কৰা হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

ইফালে কিশোৰীগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰিছে আৰক্ষীয়ে। তদুপৰি, বুধবাৰে আদালতত ভুক্তভোগী ছোৱালীজনীৰ বক্তব্যও লিপিবদ্ধ কৰা হয়।