NORTHEAST NOW (Assamese)

প্ৰিন্স চাৰ্লছৰ সংস্থালৈ বৃহৎ পৰিমাণৰ ধন দান বিন লাডেনৰ পৰিয়ালৰ

August 1, 2022 11:28 am · এন ই নাও নিউজ, গুৱাহাটী

ওচামা বিন লাডেনৰ পৰিয়ালে ব্ৰিটেইনৰ প্ৰিন্স চাৰ্লছৰ কল্যাণ পুঁজিলৈ ১.১৯ মিলিয়ন মাৰ্কিন ডলাৰ দান কৰিছে। ৯/১১ ৰ আক্ৰমণৰ মূল অভিযুক্ত বিন লাডেনৰ পৰিয়ালে কৰিলে এই বৃহৎ দান।

চানডে টাইমছত প্ৰকাশিত বাতৰিত এইকথা কোৱা হৈছে। এই বৃহৎ দানকলৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে।

বাতৰি অনুসৰি, চাৰ্লছৰ বহু শুভাকাংক্ষীয়ে তেওঁক লাডেনৰ পৰিয়ালৰ পৰা কোনো ধৰণৰ সহায় নল’বলৈ নিষেধ কৰিছিল। কিন্তু শেষত চাৰ্লছৰ সংস্থাই এই অনুদান ল’বলৈ সন্মত হয়।

লগতে পঢ়ক: India records first Monkeypox death: দেশত মাঙ্কিপক্সত প্ৰথম মৃত্যু! বিদেশৰ পৰা উভতি অহাৰ পিছতেই মৃত্যু কেৰালাৰ যুৱকৰ

প্ৰিন্স অফ ৱেলছ চেৰিটেবল ফাণ্ডলৈ দান কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধন।

প্ৰিন্স অফ ৱেলছ চেৰিটেবল ফাণ্ডৰ অধ্যক্ষ য়েল চেচিৰে সদৰী কৰে যে পাঁচজন ট্ৰাষ্টীয়ে এই অনুদান গ্ৰহণ কৰিবলৈ সন্মত হয়। যোৱা ফেব্ৰুৱাৰী মাহত ব্ৰিটিছ আৰক্ষীয়ে চাৰ্লছৰ দাতব্য পুঁজিকলৈ এক তদন্ত আৰম্ভ কৰিছিল।

এজন চৌদি ব্যৱসায়ীৰ দ্বাৰা দান কৰা ধনৰ সৈতে জড়িত এক কেলেংকাৰীৰ সন্দৰ্ভত এই তদন্তটো আৰম্ভ হৈছিল।

এই অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতাৰ পিছত ফাউণ্ডেচনৰ মুৰব্বীয়ে যোৱা বছৰ পদত্যাগো কৰিছিল।

লগতে পঢ়ক: Cooch Behar Tragedy: মৰ্মান্তিক! শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা কমেও ১০ জন ভক্তৰ বিদ্যুৎস্পৃষ্ট মৃত্যু

মেহফুজ মাৰি মোবাৰক বিন মেহফুজ নামৰ ব্যৱসায়ীজনে এই বৃহৎ পৰিমাণৰ ধন দান কৰিছিল। পিছলৈ ইয়াকে লৈ বহু কেলেংকাৰী পোহৰলৈ আহে।

Related News