NORTHEAST NOW (Assamese)

কাজিৰঙাত বানঃ উদ্বিগ্ন ব্ৰিটেইনৰ ৰাজকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ লিখিলে পত্ৰ

July 24, 2020 2:25 pm · এন ই নাও নিউজ
Updated: July 24, 2020 3:31 pm

বিধ্বংসী বানত বুৰ যোৱা কাজিৰঙাত এতিয়া বন্য জীৱ-জন্তুৰ আলাই আথানি নোহোৱা অৱস্থা হৈছে।

প্ৰায় ৯৫ শতাংশ অঞ্চল কালান্তক বানৰ গ্ৰাসত পৰা কাজিৰঙাত এতিয়ালৈকে ১২৩ টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে।

ইয়াৰ ভিতৰত আছে ১২ টাকৈ অসম গৌৰৱ এশিঙীয়া গঁড়।

মৃত্যু ঘটিছে ৯৩ টা হৰিণাৰ,প্ৰাণ গৈছে ৪ টা ম’হৰ।

খাদ্য আৰু আশ্ৰয়স্থলৰ অভাৱত বন্য জন্তু বোৰে জন অৰণলৈ ওলাই অহাৰ চেষ্টা চলাইছে।

বানে বিধ্বস্ত  কৰা কাজিৰঙাৰ এনে ছবিয়ে অন্তৰ বিদ্ধ কৰিছে ব্ৰিটেইনৰ ৰাজকুমাৰ তথা ডিউক অৱ কেম্ব্ৰিজ যুৱৰাজ উইলিয়ামৰ।

কাজিৰঙাৰ কালান্তক বান সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰি ৰাজকুমাৰ উলিয়ামে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰলৈ লিখিছে এখন পত্ৰ।

পত্ৰখনত ৰাজকুমাৰ উইলিয়ামে এইবুলি কৈছে—‘ধাৰাসাৰ বৰষুণৰ বাবে প্লাৱিত হৈ পৰা কাজিৰঙাৰ বন্য জীৱৰ দুৰ্দশাই কেথেৰিন আৰু মোৰ হৃদয় থানবান কৰি দিছে।’

তেওঁ আৰু লিখিছে—‘২০১৬ৰ এপ্ৰিল মাহত কাজিৰঙা ভ্ৰমণৰ মধুৰ স্মৃতিয়ে আমনি কৰি থকাৰ সময়তে এনে দুৰ্দশাৰ কথাই আমাক আচৰিত কৰি তুলিছে।

কাজিৰঙা কৰ্তৃপক্ষলৈ ৰাজকুমাৰ উইলিয়ামে লিখা চিঠি খন

আমি আমাৰ ভ্ৰমণ কালত দেখিছো কিদৰে কাজিৰঙাৰ সকলো কৰ্মীয়ে নিঃস্বাৰ্থ ভাৱে বন্য প্ৰাণী বোৰৰ যত্ন লৈছে।এতিয়া কল্পনাও কৰিব পৰা নাই কেনে জটিল সময় তেওঁলোকে পাৰ কৰিছে।

কেথেৰিন আৰু মই সেই সকল বন কৰ্মী আৰু ৰেঞ্জাৰক প্ৰশংসা কৰিছো যিসকলে নিজৰ জীৱন তুচ্ছ কৰি হ’লেও জীৱ-জন্তুৰ উদ্ধাৰ কাৰ্যত ব্যস্ত হৈ আছে।

কোভিড-১৯ মহামাৰীৰ সময়ত বানে অসমত জীৱন আৰু সম্পত্তিৰ হানি কৰাত আমি উদ্বিগ্ন ।

ক্ষতিগ্ৰস্ত সকলোলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’

অসমৰ বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজকুমাৰ উইলিয়ামে লিখা পত্ৰ খন টুইটাৰত প্ৰকাশ কৰিছে।

Related News