উচ্চ নিৰিখৰ মাচুল : শিক্ষণৰ গুণ-মান নহয়, ডিগ্ৰী বিক্ৰীৰ ৰমৰমীয়া ব্যৱসায়ত পৰিণত হৈছে ব্যক্তিগত খণ্ডৰ বি এড কলেজবোৰ

B. Ed College Photo

চৰকাৰে মাধ্যমিক স্তৰৰ শিক্ষকতাৰ বাবে বি এড ডিগ্ৰী বাধ্যতামূলক কৰাৰ পিছতে ৰাজ্যখনত কাঠফুলাৰ দৰে হঠাতে যেনি-তেনি গজি উঠিল বি এড কলেজবোৰ।

ফলত ইয়াক লৈ এটা ৰমৰমীয়া ব্যৱসায় চলাইছে এচামে। পৰিস্থিতি এতিয়া এনেকুৱা হৈছেগৈ যে এইবোৰ এতিয়া উপযুক্ত গুণ-মানৰ শিক্ষণৰ পাঠ দিয়াৰ পৰিৱৰ্তে হৈছেগৈ টকাৰ বিনিময়ত ডিগ্ৰী দিয়া অনুষ্ঠান।

উল্লেখযোগ্য যে আজি আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ চৰকাৰী অথবা বেচৰকাৰী বি এড শিক্ষাৰ প্ৰতিষ্ঠানসমূহে ১০ হাজাৰ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা বুলি গুৰুতৰ অভিযোগ তোলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মহানগৰ জিলা সমিতিৰ সভাপতি মৃন্ময় বৰুৱাই।

সংবাদমেলত মৃণ্ময় বৰুৱাই কয় যে যোৱা ৫ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তালিকা মতে ৰাজ্যৰ মুঠ বি এড কলেজৰ সংখ্যা ৩৭খন। ইয়াৰে ৩৫খনেই ব্যক্তিগত খণ্ডৰ।

ব্যক্তিগত খণ্ডৰ ৩৫খনত মুঠ আসনৰ সংখ্যা ৩৪৫০খন হোৱাৰ বিপৰীতে চৰকাৰী বি এড মহাবিদ্যালয়ৰ আসনৰ সংখ্যা কেৱল ৬৫০খন বুলিহে প্ৰকাশ কৰিছিল উক্ত তালিকাত।

আনহাতে বৰুৱাই কয়, “যোৱা ১০ আগষ্টত প্ৰকাশ কৰা তালিকাত ৰহস্যজনকভাৱে ৩৪৫০খন আসনৰ পৰা হ্ৰাস পাই বেচৰকাৰী প্ৰতিষ্ঠানবোৰত আসনৰ সংখ্যা হ’লগৈ ২৯৮৮খন আৰু চৰকাৰী বি এড মহাবিদ্যালয়ত আসন মাত্ৰ ১৮৮খন হ’ল।”

ইয়াৰোপৰি তেওঁ চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, “এইবেলি যিহেতু চৰকাৰী বি এড কলেজত ১৮৮গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে অধ্যয়নৰ সুবিধা লাভ কৰিব, তেনে স্থলত বাকী দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে বেচৰকাৰী বি এড প্ৰতিষ্ঠানত ৫০-৬০ হাজাৰ টকা খৰচ কৰি কেনেকৈ অধ্যয়ন কৰিব?

আনহাতে, চৰকাৰে বেচৰকাৰী বি এড প্ৰতিষ্ঠানসমূহে নামভৰ্তিৰ নামত  প্ৰয়োজনতকৈ বেছি মাচুল সংগ্ৰহেৰে শিক্ষাৰ্থীসকলক মাধমাৰ শোধোৱা ব্যৱস্থাটোক সমৰ্থন কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে।

তেওঁ লগতে কয় “এখন ব্যক্তিগত বি এড কলেজৰ আসনৰ সংখ্যা ১০০খন থাকিলে এগৰাকী শিক্ষাৰ্থীৰ পৰা ৫০ হাজাৰকৈ দুবছৰত ১লাখ টকা আদায় কৰে। সেইদৰে আৰু ১০০গৰাকী শিক্ষাৰ্থীৰ পৰা দুবছৰত প্ৰতিষ্ঠানটোৱে ১ কোটি টকা পৰ্য্যন্ত লাভ কৰে।

মৃণ্ময় বৰুৱাই উক্ত সংবাদমেলতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ প্ৰতি কেইটামান দাবীও তোলে। সেই দাবীসমূহ ক্ৰমে :

১. ৰাজ্যখনত অতি শীঘ্ৰে ৫০খন চৰকাৰী বি এড প্ৰতিষ্ঠান গঢ়ি তোলা।

২. ব্যক্তিগত খণ্ডৰ বি এড কলেজসমূহত চলি থকা বেমেজালি বন্ধ কৰা।

৩. বি এড কলেজসমূহত নুন্যতম ২০ হাজাৰ টকাৰ ভিতৰত পাঠ্যক্ৰম প্ৰদান কৰা।

৪. শিক্ষকসকলৰ বাবে সুকীয়া বি এড কলেজ প্ৰতিষ্ঠা কৰা।

৫. বি  এডৰ পাঠ্যক্ৰম এবছৰীয়া কৰা।

উপৰোক্ত দাবীসমূহ গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্য্যায়ত শিক্ষাবিভাগৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

সংগঠনটোৰ মতে, ৰাজ্যৰ চাকৰি প্ৰত্যাশী দুখীয়া নিবনুৱাই ভৱিষ্যতে শিক্ষকৰ চাকৰিত সোমাম বুলি ভাবিলেও এই বি এড কলেজৰ উৎকট ব্যৱসায় এক অন্তৰায় হৈ দেখা দিছে।