NORTHEAST NOW (Assamese)

টীয়কত কোৱাৰেণ্টাইন কক্ষ স্থাপনৰ বাবে জিলা প্ৰশাসনক হস্তান্তৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়

March 31, 2020 3:57 pm · নিৰ্মলানেন্দু পাঠক
ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন

মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ সমান্তৰালকৈ ৰাজ্যখনৰ বহু হৃদয়বান লোকেও বিভিন্ন প্ৰকাৰে এইক্ষেত্ৰত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে ।

বহু লোকে আৰ্থিকভাৱে সহযোগিতা আগবঢ়োৱাৰ উপৰিও প্ৰয়োজন হ’লে কুৱাৰেন্টাইন কক্ষ, চিকিৎসালয় স্থাপনৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ পাছত চিকিৎসালয় স্থাপনৰ কৰিবলৈ ভূমি পৰ্যন্ত দান দিবলৈ ওলাই আহি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে।

যোৰহাট জিলাৰ টীয়কৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্মাৰ্ট জেন স্কুল কৰ্তৃপক্ষই বিদ্যালয়খনত ক’ৰ’না ভাইৰাছৰ কুৱাৰেন্টাইন কক্ষ স্থাপনৰ বাবে জিলা প্ৰশাসনক বিদ্যালয়খন হস্তান্তৰ কৰে।

ইতিমধ্যে, জিলাৰ স্বাস্থ্য বিভাগৰ এটা দলে বিদ্যালয়খন পৰ্যবেক্ষণ কৰি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ উপযোগী হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

টীয়ক নগৰৰ মাহাৰা তিনিআলি স্থিত ক্ষীৰদা ট্ৰাষ্ট তথা স্মাৰ্ট জেন স্কুলৰ কৰ্তৃপক্ষ আৰু বিদ্যালয়ৰ শিক্ষক গোটৰ সহমতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে বিদ্যালয়ৰ পৰিচালন সঞ্চালক জোনাৰাম বৰাই l

টীয়কৰ দৰে সৰু চহৰত চিকিৎসালয়ৰ অভাৱত যাতে ৰোগীৰ অসুবিধা সৃষ্টি নহয় সেয়ে ৰাইজৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰদ্বাৰা নিশ্চয়কৈ ৰাইজ চিকিৎসাৰ ক্ষেত্ৰত উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে সঞ্চালক জোনাৰাম বৰাই।

বিদ্যালয়খনৰ নৱনিৰ্মিত সাতটা কোঠাত সাতজনকৈ মুঠ ৫০ জন ৰোগী থকাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related News