• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীক প্ৰত্যাক্ৰমণ প্ৰিয়ংকা গান্ধী, কেজৰিৱালৰ; নিশা যোগী-কেজৰিৱালৰ টুইটাৰ যুঁজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 3:38 pm
Arvind Kejriwal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ আৰু কেজৰিৱালে বিয়পাইছিল ক’ভিড-১৯! বিৰোধী দলৰ বাবে মহামাৰিয়ে মাৰাত্মক ৰূপ ল’লে দেশত! ৰ’ব। এইধৰণৰ গা এৰা মন্তব্য কোনো উলা-মূলা বিজেপি নেতা-পালিনেতাই দিয়া নাই। স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কৈছিল।

সোমবাৰে লোকসভাত দিয়া ভাষণত মোদীয়ে কয় যে তেওঁৰ চৰকাৰে মহামাৰি নিয়ন্ত্ৰণৰ সফলতাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে জাকত জিলিকি পৰিছে। কিন্তু কংগ্ৰেছ আৰু কেজৰিৱালে মহামাৰি বিয়পোৱাত সহায় কৰিছিল।

Apply Now

ক’ভিডৰ প্ৰথম ঢৌৰ সময়ছোৱাত মুম্বাইত কংগ্ৰেছ আৰু দিল্লীত কেজৰিৱালে প্ৰব্ৰজিত শ্ৰমিকসকলক নিজা নিজা ৰাজ্যলৈ উভটাই পঠাইছিল। মোদীয়ে অভিযোগ কৰে যে ইয়াৰ ফলস্বৰূপে শ্ৰমিকসকলৰ গৃহৰাজ্য উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু বিহাৰত মহামাৰিয়ে মাৰাত্মক ৰূপ লৈছিল।

মোদীৰ এই মন্তব্যৰ পাছতে দেশৰ ৰাজনীতি উত্তপ্ত হৈ আছে। চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী নেতাসমূহ। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কয় যে মহামাৰিৰ সময়ছোৱাত উক্ত শ্ৰমিকসকলক মোদীয়ে কিয় কোনো সহায় নকৰিলে?

বংগ নিৰ্বাচনৰ সময়ত মোদীৰ বৃহৎ জনসভাসমূহৰ কথাও গান্ধীয়ে উল্লেখ কৰে। কয় যে মহামাৰিৰ দ্বিতীয় ঢৌৰ সময়ত এইদৰে জনসভাসমূহ সম্বোধন কৰি মোদীয়ে ক’ভিড বিয়পোৱা নাছিলনে?

লগতে পঢ়ক: পোহৰলৈ আহিল পিএম-কেয়াৰ্ছৰ ‘অডিট ৰিপ’ৰ্ট’; এবছৰত সংগ্ৰহ ১১হাজাৰ কোটি, ক’ত কৰিলে খৰচ?

প্ৰিয়ংকা গান্ধীৰ উপৰিও মোদীৰ সমালোচনাত মুখৰ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালো। টুইটাৰযোগে তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ ভাষ্য সম্পূৰ্ণ ভুৱা। মানুহৰ যন্ত্ৰণাক লৈ ৰাজনীতি কৰাটো প্ৰধানমন্ত্ৰীৰ বাবে শোভা নাপায় বুলিও তেওঁ কয়।

তদুপৰি প্ৰধানমন্ত্ৰীৰ বক্তব্যক কেন্দ্ৰ কৰি কেজৰিৱালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ স’তেও বিতৰ্কত লিপ্ত হয়। কালি ৰাতি হোৱা তেওঁলোকৰ টুইটাৰযুদ্ধত যোগীয়ে কেজৰিৱালক মানৱতাৰ শত্ৰু আখ্যা দিয়ে।

যোগীয়ে লিখে যে উত্তৰপ্ৰদেশৰ শ্ৰমিকসকলক কেজৰিৱালে ক’ভিডৰ সময়ত দিল্লী এৰিবলৈ বাধ্য কৰিছিল। ইয়াক মানৱতা আৰু গণতন্ত্ৰৰ পৰিপন্থী বুলি অভিহিত কৰে যোগীয়ে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কেজৰিৱালে টুইট কৰি লিখে যে যোগীৰ দৰে হৃদয়হীন আৰু নিৰ্দয় শাসক তেওঁ কাহানিও দেখা নাই। যিসময়ত নদীত মৃতদেহ উটি গৈছিল, সেইসময়ত যোগীয়ে নিজৰ বিজ্ঞাপনত কোটি কোটি টকা খৰচ কৰিছিল বুলিও কেজৰিৱালে অভিযোগ কৰে।

 

सुनो योगी,

आप तो रहने ही दो। जिस तरह UP के लोगों की लाशें नदी में बह रहीं थीं और आप करोड़ों रुपए खर्च करके Times मैगज़ीन में अपनी झूठी वाह वाही के विज्ञापन दे रहे थे। आप जैसा निर्दयी और क्रूर शासक मैंने नहीं देखा। https://t.co/qxcs2w60lG

— Arvind Kejriwal (@ArvindKejriwal) February 7, 2022

উল্লেখযোগ্য যে, ২০২১ চনৰ এপ্ৰিল মাহত নিৰ্বাচনমুখৰ পশ্চিম বংগৰ আছানছোলত বিজেপিৰ এখন বৃহৎ জনসভা অনুষ্ঠিত হৈছিল। উক্ত জনসভাখনত মোদীয়ে চিঞৰি চিঞৰি কৈছিল যে তেওঁ ইমান মানুহ কেতিয়াও একেলগে দেখা নাই।

লগতে পঢ়ক : চিৰাঙত সাংবাদিকক আৰক্ষীয়ে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদ

আনহাতে, সেই সময়ছোৱাত ক’ভিডৰ দ্বিতীয় ঢৌ তুংগত আছিল। দৈনিক ২ লাখ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল। ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় মহামাৰিক লৈ মোদী চৰকাৰ কিমান স্পৰ্শকাতৰ!

মোদীয়ে লোকসভাক দিয়া এই বক্তব্যই প্ৰতীয়মান কৰে যে নিজৰ সকলো অসফলতাৰ বাবে বিৰোধীক দোষাৰোপ কৰাত তেওঁ সিদ্ধহস্ত!

Tags: Arvind KejriwalBJPCONGRESSNarendra Modipriyanka Gandhitwitter war
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd