• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুলে এৰি যোৱা ৱায়ানাদৰ পৰা নিৰ্বাচন খেলিব প্ৰিয়ংকাই : নিৰ্বাচনৰ আয়োগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ দিন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 9:39 am
757
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে বিধানসভাৰ লগতে লোকসভাৰো উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি অহা ১৩ নবেম্বৰত লোকসভাৰ উপ-নিৰ্বাচনৰ ভোট গণনা হ’ব আৰু ২৩ নবেম্বৰত ফলাফল ঘোষণা কৰা হ’ব।

নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ পিছতে ৱায়ানাদৰ প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছে। ৱায়ানাদত প্ৰিয়ংকা গান্ধীয়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি বিবৃত্তি প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে।

উল্লেখ্য যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰায়বৰেলী আৰু ৱায়ানাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল গান্ধীয়ে। তেওঁ দুয়োখন আসনত বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল। দুখন আসনত জয় লাভ কৰিলেও নিয়ম অনুসৰি দুখন আসনৰ পৰা লোকসভাত প্ৰতিনিধিত্ব কৰিব নোৱাৰি। যাৰ বাবে যিকোনো এখন আসন এৰি দিব লগা হৈছিল তেওঁ। শেষত ৰায়বৰেলী সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত ল’লে গান্ধীয়ে। তেতিয়াৰ পৰা সাংসদবিহীন হৈ আছে ৱায়ানাদ সমষ্টিটো।

দীৰ্ঘদিন ধৰি ৰাজনীতিৰ লগত জড়িত হৈ আছে প্ৰিয়ংকা গান্ধী। দেশৰ ভিতৰতে এগৰাকী অতি জনপ্ৰিয় নেত্ৰী প্ৰিয়ংকা গান্ধী। দলৰ আভ্যন্তৰীণ বৈঠক আৰু প্ৰচাৰত সক্ৰিয় হ’লেও প্ৰিয়ংকাৰ বাবে এয়া হ’ব প্ৰথমখন প্ৰত্যক্ষ নিৰ্বাচনী যুঁজ।

উল্লেখ্য যে ৱায়ানাদ সমষ্টিত এইবাৰ বিৰোধী দলৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে। ইণ্ডিয়া এলায়েন্সৰ হৈ যুঁজি নিদিয়ে প্ৰিয়ংকা গান্ধীয়ে। ইণ্ডিয়া এলায়েন্সৰ হৈ সেই সমষ্টিত যুঁজ দিব কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াই।

আশা কৰা অনুসৰি, এইবাৰ প্ৰিয়ংকাৰ মূল যুঁজ হ’ব বাওঁপন্থী দলৰ সৈতে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd