শ্ৰমিকৰ সৈতে একেলগে বাগিচাত পাত তুলিলে প্ৰিয়ংকা গান্ধীয়ে

Priyanka-750x375

অসম ভ্ৰমণলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে  যোৱা নিশা বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত কটোৱাৰ পিছত পুৱা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাত বুঢ়া মাধব দেৱালয় দৰ্শন কৰি সাক্ষাৎ কৰে চাহ বাগিচাৰ পাত তোলা মহিলা শ্ৰমিক সকলক।

চাহ শ্ৰমিক সকলৰ লগত নেত্ৰী গৰাকীয়ে কিছু সময় মতবিনিময় কৰি নিজেও চাহ পাত তুলে নেত্ৰী গৰাকীয়ে।

তাৰ পিছতে তেওঁ প্ৰতাপগড় চাহ বাগিচাৰ সাধাৰণ শ্ৰমিক অমৃত তচা নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰে ।শ্ৰমিক গৰাকীৰ ঘৰৰ পাকঘৰত প্ৰৱেশ কৰি কংগ্ৰেছ নেত্ৰী গৰাকীয়ে  জুতি ললে ৰঙা চাহৰ।

মতবিনিময় কৰে অমৃত তচাৰ পৰিয়াল আৰু ল’ৰা ছোৱালীৰ লগত।

সাংবাদিকৰ আগত সাক্ষাত কৰি নেত্ৰী গৰাকীয়ে কয় যে চাহ শ্ৰমিক সকলৰ মজুৰি যি হাৰত বৃদ্ধি কৰা হ’ব বুলি ৰাহুল গান্ধীয়ে  উল্লেখ কৰিছিল সেয়া আখৰে আখৰে পালন কৰা হ’ব।

গেছ চিলিণ্ডাৰৰ,পেট্ৰল,ডিজেল প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে।এতিয়া সময় আহি পৰিছে এনে এখন চৰকাৰ গঠন হওক,যি চৰকাৰে জনসাধাৰণৰ কথা শুনে ,বুজে আৰু সেই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা চলায়।

বাগিচাত মহিলা সকলে কৈছে যে বহু নেতা আহে,ডাঙৰ ডাঙৰ কথা কয়,যাৰ বাবে এওঁলোকে বিশ্বাসো কৰিছিল এই সকল নেতাৰ কথাত।প্ৰথম অবস্হাত বাগিচাৰ শ্ৰমিক সকলৰ একাউণ্টত পইচা সোমাইছিল আৰু বিনামূলী্যা চিলিণ্ডাৰো পাইছিল।

কিন্তু এতিয়া দুমাহ ধৰি খালী চিলিণ্ডাৰ এওঁ লোকৰ পাকঘৰত পৰি আছো।

৮০০/৯০০ টকা কাৰ ওচৰত আছে গেছ চিলিণ্ডাৰ ভৰাবলৈ বুলিও প্ৰিয়ংকাই প্ৰশ্ন কৰে।

বিজেপিয়ে বহু ডাঙৰ ডাঙৰ কথা কৈ শাসনত আহিছিল,কিন্তু কথা বোৰ পালন নকৰিলে বুলিও তেওঁ মন্তব্য কৰে।

প্ৰিয়ংকাই কয় যে পুজিপতি উদ্যোগপতি সকলে সকলো বস্তু পাই আছে,কিনি আছে।বিমান বন্দৰ কিনিছে,গুৱাহাটী বিমান বন্দৰ কিনিছে।সকলো সুবিধা কেৱল তেওঁলোকেহে পাই আছে।