• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শান্তি আলোচনা প্ৰক্ৰিয়াত ব্যাঘাত নজন্মাবলৈ পৰেশ বৰুৱাক আহ্বান অনুপ চেতিয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2020 6:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয় আৰু আলোচনাপন্থী আলফাৰ সৈতে হৈ থকা শান্তি আলোচনাত ব্যাঘাত নজন্মাবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই। বুধবাৰে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে চেতিয়াই।

চেতিয়াই বৰুৱালৈ আহ্বান জনাই কয়, ‘পৰেশ বৰুৱাই পিচিজি গঠন কৰাৰ মানসিকতা লৈছে। যাৰ ফলত আলোচনা দিঘলীয়া হ’ব আৰু আমাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ হৈ থকা আলোচনাত প্ৰভাৱ পৰিব। সেয়েহে পৰেশ বৰুৱাক আহ্বান জনাইছো আমাৰ শান্তি কেন্দ্ৰীয় চৰকাৰৰে চলি থকা আলোচনা প্ৰক্ৰিয়াত ব্যাঘাত নহয় তাৰ বাবে তেওঁ চিন্তা কৰক।‘

Apply Now

তেওঁ লগতে কয় ‘পৰেশ বৰুৱা আলোচনালৈ আহিম বুলি কৈছে, কিন্তু মোৰ কিছু সন্দেহ থাকি গৈছে যে তেওঁ পিচিজি বনোৱাৰ কথা কৈছে। যদি পিচিজি গঠন কৰে তেন্তে শান্তি আলোচনা প্ৰক্ৰিয়াটো বহু দিঘলীয়া হ’ব। আলোচনা দীৰ্ঘম্যাদী হ’লে গুৰুত্ব আৰু মৰ্য্যাদা নাথাকিব। পৰেশ বৰুৱাই শান্তি আলোচনাৰ বিষয়টো কিদৰে চিন্তা চৰ্চা কৰিছে সেইটো স্পষ্ট কৰাটো ভাল।

ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ শান্তি আলোচনা অৱ্যাহত আছে বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘অহা বহাগ বিহুৰ পূৰ্বেই কিবা এটা সমাধান আমি আশা কৰি আছো। অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰাৰ বাবে যি উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছিল তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰিছে। যিহেতু খিলঞ্জীয়া লোকৰ সাংবিধানিক সুৰক্ষা, ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰৰ কথা কৈছো, সেয়েহে আমাৰ দাবী চনদৰ লগত ৬ নং দফাৰ বহুখিনি সামঞ্জস্য আছে। আমি আশা কৰিছো তেওঁলোকে প্ৰতিবেদন দাখিল কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমাৰ আলোচনাটোৰ অধিক গতিশীলতা আহিব।‘

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়াত এ.বি মাথুৰ মধ্যস্ততাকাৰী হিচাপে আছে বুলি সদৰী কৰি তেওঁ কয় ‘তেওঁ ইতিমধ্যে বড়ো চুক্তিতো স্বাক্ষৰ কৰিছে. অসম আৰু মণিপুৰৰ কাৰণে বিশেষভাৱে তেওঁক নিযুক্তি দিছে।‘

ইপিনে, ৰেৱতী ফুকন সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয় ‘ৰেৱতী ফুকন পৰেশ বৰুৱাৰ লগত আছে নেকি? বুলি তেওঁক সোধা হৈছিল। তেওঁ নিশ্চিত কৰিছে যে পৰেশ বৰুৱাৰ সৈতে ৰেৱতী ফুকন নাই।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd