কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয় আৰু আলোচনাপন্থী আলফাৰ সৈতে হৈ থকা শান্তি আলোচনাত ব্যাঘাত নজন্মাবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই। বুধবাৰে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে চেতিয়াই।
চেতিয়াই বৰুৱালৈ আহ্বান জনাই কয়, ‘পৰেশ বৰুৱাই পিচিজি গঠন কৰাৰ মানসিকতা লৈছে। যাৰ ফলত আলোচনা দিঘলীয়া হ’ব আৰু আমাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ হৈ থকা আলোচনাত প্ৰভাৱ পৰিব। সেয়েহে পৰেশ বৰুৱাক আহ্বান জনাইছো আমাৰ শান্তি কেন্দ্ৰীয় চৰকাৰৰে চলি থকা আলোচনা প্ৰক্ৰিয়াত ব্যাঘাত নহয় তাৰ বাবে তেওঁ চিন্তা কৰক।‘
তেওঁ লগতে কয় ‘পৰেশ বৰুৱা আলোচনালৈ আহিম বুলি কৈছে, কিন্তু মোৰ কিছু সন্দেহ থাকি গৈছে যে তেওঁ পিচিজি বনোৱাৰ কথা কৈছে। যদি পিচিজি গঠন কৰে তেন্তে শান্তি আলোচনা প্ৰক্ৰিয়াটো বহু দিঘলীয়া হ’ব। আলোচনা দীৰ্ঘম্যাদী হ’লে গুৰুত্ব আৰু মৰ্য্যাদা নাথাকিব। পৰেশ বৰুৱাই শান্তি আলোচনাৰ বিষয়টো কিদৰে চিন্তা চৰ্চা কৰিছে সেইটো স্পষ্ট কৰাটো ভাল।
ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ শান্তি আলোচনা অৱ্যাহত আছে বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘অহা বহাগ বিহুৰ পূৰ্বেই কিবা এটা সমাধান আমি আশা কৰি আছো। অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰাৰ বাবে যি উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছিল তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰিছে। যিহেতু খিলঞ্জীয়া লোকৰ সাংবিধানিক সুৰক্ষা, ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰৰ কথা কৈছো, সেয়েহে আমাৰ দাবী চনদৰ লগত ৬ নং দফাৰ বহুখিনি সামঞ্জস্য আছে। আমি আশা কৰিছো তেওঁলোকে প্ৰতিবেদন দাখিল কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমাৰ আলোচনাটোৰ অধিক গতিশীলতা আহিব।‘
কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়াত এ.বি মাথুৰ মধ্যস্ততাকাৰী হিচাপে আছে বুলি সদৰী কৰি তেওঁ কয় ‘তেওঁ ইতিমধ্যে বড়ো চুক্তিতো স্বাক্ষৰ কৰিছে. অসম আৰু মণিপুৰৰ কাৰণে বিশেষভাৱে তেওঁক নিযুক্তি দিছে।‘
ইপিনে, ৰেৱতী ফুকন সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয় ‘ৰেৱতী ফুকন পৰেশ বৰুৱাৰ লগত আছে নেকি? বুলি তেওঁক সোধা হৈছিল। তেওঁ নিশ্চিত কৰিছে যে পৰেশ বৰুৱাৰ সৈতে ৰেৱতী ফুকন নাই।‘