NORTHEAST NOW (Assamese)

দশমৰ বৰ্ড পৰীক্ষাত ৯৯.৭ শতাংশ নম্বৰ পোৱা পিয়নে নাজানে লিখিব-পঢ়িব! অভিযোগৰ পিছত আৰম্ভ তদন্ত

May 25, 2024 10:15 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

কৰ্ণাটকৰ কোপ্পালৰ স্থানীয় এখন আদালতত এই ঘটনা। প্ৰভু লক্ষ্মীকান্ত লোকাৰে তাত পিয়ন হিচাপে চাকৰি পাইছে। ২৩ বছৰীয়া লোকাৰেৰ বিৰুদ্ধে অভিযোগ উঠিছে যে দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত চাকৰি পালেও তেওঁ পঢ়িব বা লিখিব নাজানে।

ইয়াতেই শেষ নহয়। দশম শ্ৰেণীৰ বৰ্ড পৰীক্ষাত লক্ষ্মীকান্তৰ নম্বৰ হৈছে ৯৯.৭ শতাংশ। তাতেই উত্থাপন হৈছে প্ৰশ্ন। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি লক্ষ্মীকান্তৰ শৈক্ষিক অভিলেখৰ তদন্তৰ নিৰ্দেশ দিছে আদালতে।

২২ এপ্ৰিলত লক্ষ্মীকান্তই দশম শ্ৰেণীৰ নম্বৰৰ ভিত্তিত কৰ্ণাটকৰ কোপ্পালৰ স্থানীয় আদালতত চাকৰি লাভ কৰে। তেতিয়াৰ পৰাই কৰ্মজীৱনত লক্ষ্মীকান্তৰ দৈনন্দিন কাম-কাজ আৰম্ভ হ’ল। কিন্তু এই কামকাজক কেন্দ্ৰ কৰিয়েই সমস্যাটো ঘটিল। কাৰণ আদালতৰ ন্যায়াধীশে লক্ষ্য কৰিছিল যে লক্ষ্মীকান্তই পঢ়িব-লিখিব পৰা নাই। ন্যায়াধীশজনে নিজেই আৰক্ষীৰ ওচৰলৈ গৈ এফআইআৰ দাখিল কৰে।

লগতে পঢ়কঃ Microplastics in Testicles: সভ্যতাৰ অভিশাপ! অণ্ডকোষত জমা হৈছে প্লাষ্টিকৰ টুকুৰা; ক্ৰমান্বয়ে শুক্ৰাণুহীন হৈ পৰিছে পুৰুষ!

এফ আই আৰ অনুসৰি লক্ষ্মীকান্তৰ শৈক্ষিক অভিলেখত তথ্য আছে যে তেওঁ সপ্তম শ্ৰেণীৰ পিছত পোনপটীয়াকৈ দশম শ্ৰেণীৰ পৰীক্ষাত বহিছিল। দশম শ্ৰেণীত তেওঁ লাভ কৰিছে ৬৩৫ৰ ভিতৰত ৬২৩ নম্বৰ।

যদিও অভিযোগ, লক্ষ্মীকান্তই নিজৰ মাতৃভাষা কানাড়া পঢ়িব বা লিখিব নোৱাৰে। হিন্দী বা ইংৰাজী পঢ়িব বা লিখিব নোৱাৰে। ফলত তেওঁৰ শৈক্ষিক প্ৰমাণপত্ৰক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। ন্যায়াধীশগৰাকীয়ে লক্ষ্মীকান্তৰ দৰে আন কোনোবাই এনেদৰে চৰকাৰী চাকৰি পালে নেকি তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জনায়। লগতে তেওঁৰ আবেদনত আহ্বান জনোৱা হৈছে যে দশম শ্ৰেণীৰ উত্তৰবহীত লক্ষ্মীকান্তে লিখা হাতৰ আখৰ আৰু তেওঁৰ বৰ্তমানৰ হাতৰ আখৰৰ মিল আছে নে নাই তাৰ তদন্ত কৰিব লাগে।

লগতে পঢ়কঃ IPL 2024: স্নায়ুযুঁজত ৰাজস্থানৰ বিদায়! আই পি এলৰ ফাইনেলত কলকাতাৰ বিৰুদ্ধে খেলিব হায়দৰাবাদে

লক্ষ্মীকান্তৰ দাবী, ২০১৭-১৮ বৰ্ষৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত তেওঁ প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল। দিল্লী এডুকেশ্যন ব’ৰ্ডে এই পৰীক্ষা অনুষ্ঠিত কৰে। কৰ্ণাটকৰ বগালাকোটেত পৰীক্ষা অনুষ্ঠিত হোৱা বুলিও তেওঁ দাবী কৰে। সম্প্ৰতি গোটেই বিষয়টোৰ তদন্ত অব্যাহত আছে। 

Related News