পথ সুৰক্ষা অভ্যাসৰ ওপৰত গুৰুত্ব দিয়াৰ লক্ষ্যৰে প্ৰ’ডিজিয়ে গুৱাহাটী যান-বাহন আৰক্ষীৰ সহযোগিতাত দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ ওচৰৰ এ বি চি পইণ্টত পথ সুৰক্ষা সজাগতামূলক প্ৰচাৰ চলায়।
প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত গুৱাহাটী মহানগৰ ডি টি অ’ গৌতম দাস, অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া, মলয়া গোস্বামী, বিশিষ্ট সাংবাদিক তথা প্ৰচাৰটোৰ ব্ৰেণ্ড এম্বেছেডৰ দিগন্ত দাস উপস্থিত থাকে।
এই প্ৰচেষ্টাটোৰ বিষয়ে বক্তব্য ৰাখি, পি চি এম পি এল-ৰ এম ডি শ্ৰী নীতীন জৈনে কয়, “প্ৰ’ডিজিত আমি বিশ্বাস কৰোঁ যে কেৱল এক সুৰক্ষিত অনুকূল পৰিৱেশতহে সমাজৰ প্ৰগতি হ’ব পাৰে আৰু পথ সুৰক্ষাৰ দায়িত্ব হৈছে আমাৰ নাগৰিকসকলৰ। লোকসকলৰ মনত সৰল গাড়ী চলোৱাৰ শিষ্টাচাৰ আৰু নিয়মবোৰ সুমুৱাই দিব লাগে যাতে তেওঁলোকৰ আৰু আনৰো সুৰক্ষা নিশ্চিত হয়। মই সকলোকে যান-বাহনৰ নিয়মাৱলী পালন কৰিবলৈ আৰু সুৰক্ষিত থাকিবলৈ আহ্বান জনাইছোঁ”।
“নাগৰিকসকলৰ সহযোগিতা অবিহনে যান-বাহন সুৰক্ষা অসম্ভৱ। ৰাজহুৱা সজাগতাৰ যোগেৰে চালকসকলক সুৰক্ষিতভাৱে যাতায়াত কৰিবলৈ অনুপ্ৰেৰিত কৰিব লাগে। ‘এলাৰ্ট টুডে এলাইভ টুমৰো’ৰ দৰে অভিযান অধিক সঘনাই আয়োজন কৰা উচিত কিয়নো জন সজাগতাৰ বাবে এয়া অপৰিহাৰ্য্য আৰু যেতিয়া এনে প্ৰচেষ্টাই সফলতাৰে যান-বাহনৰ নিয়মাৱলী বলবৎ কৰাত সহায় কৰে তেতিয়া যান-বাহন মসৃণভাৱে চলে”, প্ৰচাৰটোৰ ব্ৰেণ্ডএম্বাচাডৰ দিগন্ত দাসে কয়।
অভিযানটোৰ সময়ত পথচাৰী, চালক, যাত্ৰী আদিসকলৰ মাজত বিষয়টোৰ প্ৰচাৰৰ বাবে প্লেকাৰ্ড, পত্ৰিকা, ষ্টিকাৰ আদি ব্যৱহাৰ কৰা হৈছিল। অভিযানটো এক বাইক আৰু কাৰ ৰেলীৰ সৈতে সমাপ্ত হয়।
ৰেলীটোৱে এ বি চি পইণ্টত আৰম্ভ হৈ আৰু গনেশগুৰি, জু ৰ’ড, চানমাৰি, গুৱাহাটী ক্লাব, উলুবাৰী আৰু ভঙাগড়ৰ এলেকাবোৰক সামৰি লৈছিল।
এবিচি পইণ্টৰ পৰা প্ৰ’ডিজি কমিউনিকেইশ্যনৰ পৰিচালন সম্পাদক নীতীন জৈন আৰু সঞ্চালক ফাল্গুনী চৌধৰী জৈনে মটৰ বাইক ৰেলীৰ শুভ উদ্বোধন কৰে।
কাৰ্য্যসূচীটোৰ মাজত, যান-বাহনৰ আৰক্ষীৰ সহযোগত যান-বাহন নিয়মৱালী উলংঘা কৰা লোকসকলৰ ওপৰত জৰিমনা বিহা হৈছিল আৰু নিষ্ঠাৰে যান-বাহনৰ নিয়ম অনুসৰণ কৰা লোকসকলক শলাগৰ এক প্ৰতীকেৰে পুৰস্কৃত কৰা হৈছিল।