• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰমোদ বড়োক য়ু পি পি এলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি নিযুক্তি

বিজেপিৰ সৈতে হাত মিলোৱাৰ ইংগিত য়ু পি পি এলৰ সভাপতি উৰ্খাউগৌৰা ব্ৰহ্মৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 22, 2020 8:04 pm
Promod Bodo
445
VIEWS
Share on FacebookShare on Twitter

২১ ফেব্ৰুৱাৰিত য়ু পি পি এলত যোগদান কৰা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক দলটোৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। তাৰোপৰি দলটোলৈ আদৰণি জনায় আজি বড়োক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

বিজনীত অনুষ্ঠিত য়ু পি পি এলৰ দুদিনীয়া বৈঠকত আজি দলটোৰ সভাপতি উৰ্খাউগৌৰা ব্ৰহ্মই এই কথা জনায়।

অলপতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত বি টি আৰ শান্তচুক্তিৰ এজন অন্যতম স্বাক্ষৰকাৰী আছিল প্ৰমোদ বড়ো। তেওঁৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাই স্বাধীন বড়োলেণ্ডৰ দাবীত দীৰ্ঘদিনৰ পৰা গণতান্ত্ৰিক আন্দোলন কৰি আহিছিল।

যোৱা ২৭ জানুৱাৰিত নতুন দিল্লীত স্বাক্ষৰিত হোৱা শান্তিচুক্তিখনত এন ডি এফ বিৰ উপৰি এবছুও এটা শক্তিশালী পক্ষ আছিল, যাক প্ৰতিনিধিত্ব কৰিছিল সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে প্ৰতিনিধিত্ব কৰিছিল।

“তেওঁ সমাজৰ এজন বিশিষ্ট ব্যক্তি। এবছুৰ সভাপতি হৈ বড়ো চুক্তিৰ স্বাক্ষৰকাৰী তেওঁ। য়ু পি পি এল পূৰ্বৰ পৰাই শক্তিশালী হৈ আহি আছিল। বি টি আৰ চুক্তিৰ পিছত এটা পৰিৱৰ্তনৰ ধাৰা আহি গ’ল। এতিয়া য়ু পি পি এল এটা বিকল্প ৰাজনৈতিক দল। বি পি এফে ১৫ বছৰ শাসন কৰিলে আৰু এই সময়ত ৰাইজে যি অভিজ্ঞতা পাইছে তাৰ পৰা বিকল্প ৰাজনৈতিক দল হিচাপে য়ু পি পি এলক ৰাইজে আঁকোৱালি লৈছে”, উৰ্খাউগৌৰা ব্ৰহ্মই কয়।

ব্ৰহ্মই বিজেপিকো বি টি আৰত হ’ব লগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনায়।

“তেওঁলোকৰ চৰকাৰে আমাৰ সৈতে চুক্তি কৰি বি টি আৰ গঠন কৰিলে। এতিয়া তেওঁলোকৰ এটা নৈতিক দ্বায়িত্ব হৈছে চুক্তি স্বাক্ষৰকাৰী সকলক চুক্তি ৰূপায়নৰ বাবে শাসন কৰাৰ সুবিধা দিয়াটো। তেওঁলোকে এতিয়া চুক্তি স্বাক্ষৰকাৰী সকলৰ সৈতে আৰু য়ু পি পি এলৰ লগত বন্ধুত্ব ৰাখি মিলাপ্ৰীতিৰে বি টি আৰ চুক্তি ৰূপায়ণৰ বাবে আগ বাঢ়ি আহিবলৈ আমি আহ্বান জনাইছো”, ব্ৰহ্মৰ মন্তব্য।

ব্ৰহ্মই তেওঁৰ দলে বি টি চিৰ ৪০টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ পৰিকল্পনাৰ কথা কয়। তেওঁ জনোৱামতে, প্ৰাৰ্থী বাছনিৰ বাবে অহা ২৫ ফেব্ৰুৱাৰিত মুছলপুৰত কমিটী গঠন কৰা হ’ব।

যোৱা লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফৰ সৈতে মিত্ৰতা কৰা দলটোৰ সভাপতিজনে কয় যে বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত পৰিস্থিতি অলপ বেলেগ হৈছে।

“এতিয়া বি টি আৰ হোৱাৰ পিছত পৰিস্থিতি অলপ পৃথক। কাৰণ বিজেপিয়ে চুক্তিৰ সুবিধা কৰি দিছে। এতিয়া চুক্তি ৰূপায়ণৰ বাবে আমাক বিজেপিৰ সহযোগ লাগিব”।

ৰাজনীতিলৈ অহাত এন ডি এফ বিৰ কিছু অসুবিধা আছে বুলিও মত দিয়ে ব্ৰহ্মই।

“নিয়মত সংগঠন ভংগ নোহোৱালৈকে কোনো দলত যোগদান কৰিব নোৱাৰে। কিন্তু আমি আশাবাদী যে এন ডি এফ বি (প্ৰ)ৰ কেইবাজনো নেতা য়ু পি পি এললৈ আহিব”, ব্ৰহ্মই কয়।

আনহাতে, সভাত সদ্য প্ৰাক্তন এবছুৰ সভাপতি তথা য়ু পি পি এলৰ কাৰ্য্যকৰী সভাপতি প্ৰমোদ বড়োৱে কয়, “এতিয়া আৰু ৰৈ থকাৰ সময় নাই। কাম কৰিব লাগে। দীৰ্ঘদিন সংগ্ৰামত থাকিলো আৰু উপলব্ধি কৰিছো যে সংগ্ৰাম কৰি আমি কিছু কাম কৰিব পাৰো আৰু সেই মতেই আমি কৰি আহিছিলো। আজি যি দেখিলো চৰকাৰ ঠিক নহ’লে চৰকাৰৰ আঁচনিসমূহ ঠিক নহ’লে সমাজখন আগুৱাই যোৱাটো কেতিয়াও নিশ্চিত নহয়। সেই কাৰনে বি টি আৰত যোৱা ১৭ বছৰ যি দলে শাসন কৰিলে, সেই দলে ইয়াত কোনো নতুনত্ব আনিব নোৱাৰিলে, কোনো প্ৰকল্প নাই, নতুন কোনো আঁচনি নাই, এই অঞ্চলৰ ৰাইজৰ বাবে কোনো চিন্তাধাৰা নাই। কোনো জাতি-জনগোষ্ঠীৰ কথাও ভবা নাই। মাথো এজন দুজন ব্যাক্তিক লৈহে ৰাজনীতি কৰি আছে। নিৰ্বাচন আহিলে ধনবল-বাহুবল ব্যৱহাৰ কৰি জিকাৰ এটা কৌশল কৰে আৰু জয়ী হোৱাৰ পিছত সকলো পাহৰি যায়। সেই কাৰণে আজি সকলো জাতি-জনগোষ্ঠীৰ নেতৃস্থানীয় লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু য়ু পি পি এলত যোগদান কৰিছে। মই নিজেও দীৰ্ঘদিন সংগ্ৰাম কৰি আহি আজি ৰাজনৈতিক দলত যোগদান কৰি যিখিনি আধৰুৱা কাম আছে যাৰ দ্বাৰা সমাজ আগুৱাই লব পাৰিম”।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd