• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োক য়ু পি পি এলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি নিযুক্তি

বিজেপিৰ সৈতে হাত মিলোৱাৰ ইংগিত য়ু পি পি এলৰ সভাপতি উৰ্খাউগৌৰা ব্ৰহ্মৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 22, 2020 8:04 pm
Promod Bodo
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ ফেব্ৰুৱাৰিত য়ু পি পি এলত যোগদান কৰা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক দলটোৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। তাৰোপৰি দলটোলৈ আদৰণি জনায় আজি বড়োক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

বিজনীত অনুষ্ঠিত য়ু পি পি এলৰ দুদিনীয়া বৈঠকত আজি দলটোৰ সভাপতি উৰ্খাউগৌৰা ব্ৰহ্মই এই কথা জনায়।

Apply Now

অলপতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত বি টি আৰ শান্তচুক্তিৰ এজন অন্যতম স্বাক্ষৰকাৰী আছিল প্ৰমোদ বড়ো। তেওঁৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাই স্বাধীন বড়োলেণ্ডৰ দাবীত দীৰ্ঘদিনৰ পৰা গণতান্ত্ৰিক আন্দোলন কৰি আহিছিল।

যোৱা ২৭ জানুৱাৰিত নতুন দিল্লীত স্বাক্ষৰিত হোৱা শান্তিচুক্তিখনত এন ডি এফ বিৰ উপৰি এবছুও এটা শক্তিশালী পক্ষ আছিল, যাক প্ৰতিনিধিত্ব কৰিছিল সভাপতি প্ৰমোদ বড়ো আৰু সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে প্ৰতিনিধিত্ব কৰিছিল।

“তেওঁ সমাজৰ এজন বিশিষ্ট ব্যক্তি। এবছুৰ সভাপতি হৈ বড়ো চুক্তিৰ স্বাক্ষৰকাৰী তেওঁ। য়ু পি পি এল পূৰ্বৰ পৰাই শক্তিশালী হৈ আহি আছিল। বি টি আৰ চুক্তিৰ পিছত এটা পৰিৱৰ্তনৰ ধাৰা আহি গ’ল। এতিয়া য়ু পি পি এল এটা বিকল্প ৰাজনৈতিক দল। বি পি এফে ১৫ বছৰ শাসন কৰিলে আৰু এই সময়ত ৰাইজে যি অভিজ্ঞতা পাইছে তাৰ পৰা বিকল্প ৰাজনৈতিক দল হিচাপে য়ু পি পি এলক ৰাইজে আঁকোৱালি লৈছে”, উৰ্খাউগৌৰা ব্ৰহ্মই কয়।

ব্ৰহ্মই বিজেপিকো বি টি আৰত হ’ব লগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনায়।

“তেওঁলোকৰ চৰকাৰে আমাৰ সৈতে চুক্তি কৰি বি টি আৰ গঠন কৰিলে। এতিয়া তেওঁলোকৰ এটা নৈতিক দ্বায়িত্ব হৈছে চুক্তি স্বাক্ষৰকাৰী সকলক চুক্তি ৰূপায়নৰ বাবে শাসন কৰাৰ সুবিধা দিয়াটো। তেওঁলোকে এতিয়া চুক্তি স্বাক্ষৰকাৰী সকলৰ সৈতে আৰু য়ু পি পি এলৰ লগত বন্ধুত্ব ৰাখি মিলাপ্ৰীতিৰে বি টি আৰ চুক্তি ৰূপায়ণৰ বাবে আগ বাঢ়ি আহিবলৈ আমি আহ্বান জনাইছো”, ব্ৰহ্মৰ মন্তব্য।

ব্ৰহ্মই তেওঁৰ দলে বি টি চিৰ ৪০টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ পৰিকল্পনাৰ কথা কয়। তেওঁ জনোৱামতে, প্ৰাৰ্থী বাছনিৰ বাবে অহা ২৫ ফেব্ৰুৱাৰিত মুছলপুৰত কমিটী গঠন কৰা হ’ব।

যোৱা লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফৰ সৈতে মিত্ৰতা কৰা দলটোৰ সভাপতিজনে কয় যে বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত পৰিস্থিতি অলপ বেলেগ হৈছে।

“এতিয়া বি টি আৰ হোৱাৰ পিছত পৰিস্থিতি অলপ পৃথক। কাৰণ বিজেপিয়ে চুক্তিৰ সুবিধা কৰি দিছে। এতিয়া চুক্তি ৰূপায়ণৰ বাবে আমাক বিজেপিৰ সহযোগ লাগিব”।

ৰাজনীতিলৈ অহাত এন ডি এফ বিৰ কিছু অসুবিধা আছে বুলিও মত দিয়ে ব্ৰহ্মই।

“নিয়মত সংগঠন ভংগ নোহোৱালৈকে কোনো দলত যোগদান কৰিব নোৱাৰে। কিন্তু আমি আশাবাদী যে এন ডি এফ বি (প্ৰ)ৰ কেইবাজনো নেতা য়ু পি পি এললৈ আহিব”, ব্ৰহ্মই কয়।

আনহাতে, সভাত সদ্য প্ৰাক্তন এবছুৰ সভাপতি তথা য়ু পি পি এলৰ কাৰ্য্যকৰী সভাপতি প্ৰমোদ বড়োৱে কয়, “এতিয়া আৰু ৰৈ থকাৰ সময় নাই। কাম কৰিব লাগে। দীৰ্ঘদিন সংগ্ৰামত থাকিলো আৰু উপলব্ধি কৰিছো যে সংগ্ৰাম কৰি আমি কিছু কাম কৰিব পাৰো আৰু সেই মতেই আমি কৰি আহিছিলো। আজি যি দেখিলো চৰকাৰ ঠিক নহ’লে চৰকাৰৰ আঁচনিসমূহ ঠিক নহ’লে সমাজখন আগুৱাই যোৱাটো কেতিয়াও নিশ্চিত নহয়। সেই কাৰনে বি টি আৰত যোৱা ১৭ বছৰ যি দলে শাসন কৰিলে, সেই দলে ইয়াত কোনো নতুনত্ব আনিব নোৱাৰিলে, কোনো প্ৰকল্প নাই, নতুন কোনো আঁচনি নাই, এই অঞ্চলৰ ৰাইজৰ বাবে কোনো চিন্তাধাৰা নাই। কোনো জাতি-জনগোষ্ঠীৰ কথাও ভবা নাই। মাথো এজন দুজন ব্যাক্তিক লৈহে ৰাজনীতি কৰি আছে। নিৰ্বাচন আহিলে ধনবল-বাহুবল ব্যৱহাৰ কৰি জিকাৰ এটা কৌশল কৰে আৰু জয়ী হোৱাৰ পিছত সকলো পাহৰি যায়। সেই কাৰণে আজি সকলো জাতি-জনগোষ্ঠীৰ নেতৃস্থানীয় লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু য়ু পি পি এলত যোগদান কৰিছে। মই নিজেও দীৰ্ঘদিন সংগ্ৰাম কৰি আহি আজি ৰাজনৈতিক দলত যোগদান কৰি যিখিনি আধৰুৱা কাম আছে যাৰ দ্বাৰা সমাজ আগুৱাই লব পাৰিম”।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd