মাৰ্ঘেৰিটাত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ চিকিৎসাকৰ্মীৰ; চিকিৎসকৰ সুৰক্ষা দাবী

৯ ফেব্ৰুৱাৰীত অসম বন্ধৰ সময়ত ডিগবৈ অসামৰিক চিকিৎসালয়লৈ গৈ থকা অৱস্থাত চিকিৎসক দম্পতীৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত আজি মাৰ্ঘেৰিটাৰ কল ইণ্ডিয়াত চিকিৎসালয়ত চিকিৎসকসকলে ক’লা বেজ লগাই এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। লগতে এই প্ৰতিবাদী সভাত আঘাতপ্ৰাপ্ত চিকিৎসক দম্পতীয়ো উপস্থিত থাকে

প্ৰতিবাদী সভাত উপস্থিত চিকিৎসকসকলে চৰকাৰক তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে চিকিৎসকক আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ধৃত ব্যক্তিসকলক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে।

আনহাতে তিনিচুকীয়া জিলা আৰক্ষী আৰু ডিগবৈ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ক্ৰমে বিপুল গোহাঁই, বিকাশ গগৈ আৰু জিণ্টু মাউটক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ৯ ফেব্ৰুৱাৰীৰ দিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি কৰণৰ দাবীত তাই আহোম যুৱ ছাত্ৰ পৰিষদ আৰু তাই আহোম ছাত্ৰ সন্থাই ১২ ঘণ্টীয়া অসম বন্ধ জনাইছিল। আৰু এই বন্ধৰ সময়তে মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ চকু চিকিৎসক ডাঃ দিব্যা সিং বৰঠাকুৰে তেওঁৰ চিকিৎসক স্বামী ডা° বিশ্বদিপ বৰঠাকুৰে নিজৰ মাৰুতি ছুইফট এ এছ ০৬ কিয়ো ৫৬৩৬ নম্বৰৰ গাডীখনেৰে গৈ আছিল।

কিন্তু সেই সময়তে ডিগবৈ গোলাইত একাংশ উদণ্ড বন্ধ সমৰ্থকে তেওঁলোকৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰে। ফলত মহিলা চিকিৎসক দিব্যা সিং বৰঠাকুৰ গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাহনখনৰো কিছু ক্ষতি হৈছিল।