• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পহিলা মাঘৰ দিনাখনে শিৱসাগৰৰ ডিমৌমুখত ‘জাতি গৰ্জন’ শীৰ্ষক C(A)A বিৰোধী প্ৰতিবাদ    

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 16, 2020 7:55 pm
Protest at Sivsagar

শিৱসাগৰত 'কা' বিৰোধী প্ৰতিবাদ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে ৰাজ্যত আন্দোলন অব্যাহত আছে। পহিলা মাঘৰ দিনাখনে শিৱসাগৰৰ ডিমৌমুখত দুই সহস্ৰাধিক জনতাৰ উপস্থিতিত ‘জাতি গৰ্জন’ শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি দুই সহস্ৰাধিক লোকে সমস্বৰে ‘কা’ আমি নামানো বুলি চৰকাৰলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে।

Apply Now

আজি সদৌ মৰিয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত অনুষ্ঠিত হোৱা ‘জাতি গৰ্জন’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিশিষ্ট নিৱন্ধকাৰ চামচুল বাৰিকে কয়,  ‘‘কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ খনে বৰ্তমান দেশ আৰু ৰাজ্যত আধুনিক হিটলাৰী শাসন চলাইছে। উচ্চতম ন্যায়ালয়ত C(A)A সন্দৰ্ভত আবেদনৰ শুনানি হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আইনখন ৰাজপত্ৰিত অধিসূচনা জাৰি কৰি ততাতয়াকৈ বলবৎ কৰাটোৱে চৰকাৰৰ ফেচিবাদী স্বৰূপ উদঙাই দিছে।’’

আনহাতে, জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।

হাজৰিকাই ঐতিহাসিক অসম আন্দোলনৰ কথা সোঁৱৰণ কৰি ৮৫৫ জন চহিদৰ চৰম ত্যাগক ভেঙুচালি কৰি সৰ্বানন্দ সোণোৱালে বিদেশীক স্বদেশী কৰিব বিচৰাটো দূৰ্ভাগ্যজনক আখ্যা দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীত মহেন্দ্ৰ হাজৰিকাই ‘‘শাসন কৰাৰ চলেৰে শোষণ কৰিছ কিয় তহঁতে’’ শীৰ্ষক গীতটোকে ধৰি কেইবাটাও সংগ্ৰামী গীত পৰিৱেশন কৰে।

অসমৰ অন্য এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰাইও ‘জাতি গৰ্জন’ কাৰ্যসূচীত অংশ লৈ চৰকাৰৰ সিদ্ধান্তই অসমৰ ভাষা, সংস্কৃতি আৰু সভ্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাৱ বুলি কয়।

আনহাতে, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰি বিজেপি চৰকাৰে অসমত ধৰ্মৰ নামত হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখ ধৰ্মালম্বী এই পাঁচটা ধৰ্মৰ লোকক সংস্থাপিত কৰিব বিচৰা কাৰ্যক আছুৱে কোনো পধ্যেই মানি নলয় বুলি কয়।

বিদেশী চিনাক্তকৰণ আৰু বিতাৰণ প্ৰক্ৰিয়া অসম চুক্তিৰ মৰ্মেই হ’ব লাগিব বুলি আছু নেতা গৰাকীয়ে দাবী কৰি ‘কা’ বিৰোধী আন্দোলনত  অংশ লোৱা কেইবাজনো সংগ্ৰামীক চৰকাৰে জঘন্য আইন প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দিয়ে।

প্ৰতিবাদত অংশ লৈ বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই ‘কা’ বিৰোধী আন্দোলনক দমন কৰিবলৈ চৰকাৰে যিমানেই নিৰ্যাতন চলাবলৈ চেষ্টা নকৰক কিয় অসমৰ ৰাইজে আন্দোলন বন্ধ নকৰে বুলি উল্লেখ কৰে।

‘‘অসমীয়া জাতিয়ে ১৭ বাৰ আক্ৰমণৰ সন্মুখীন হৈয়ো মোগলৰ ওচৰত বশ্যতা স্বীকাৰ নকৰিলে এতিয়া জাতি ৰক্ষাৰ বাবে আমি বিদেশীৰ লগত যুঁজিবলৈ প্ৰস্তুত,’’ চিতু বৰুৱাৰ মন্তব্য।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ চেতিয়া, অসম আন্দোলনৰ নেতা ৰূপম কাকতি, প্ৰাক্তন বিজেপি নেতা জয়ন্ত ৰাজকোঁৱৰ,  সাংবাদিক অনন্ত স্মিথ, ফিৰোজ খান, বামপন্থী নেতা কনক গগৈ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দেৱজিত দত্ত, ঐক্য সেনাৰ ফৰিদ ইছলাম হাজৰিকা, জিন্তু মেছ, অনুসুচিত জাতি ছাত্ৰ সন্থাৰ পৰশ জ্যোতি দাসে  আদিকে ধরি বহু কেইটা দল-সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি ব্যক্তব্য দাঙি ধৰে।

ইয়াৰ পূৰ্বে ‘কা’ বিৰোধী সংগ্ৰামত চহিদ হোৱা পাঁচগৰাকী চহিদৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd