NORTHEAST NOW (Assamese)

মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

November 12, 2020 8:12 pm · পাৰ্শ্বজ্যোতি গগৈ

মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাৰ ঋণ ৰেহাইৰ দাবীত আজি শিৱসাগৰত এক প্ৰতিবাদী   কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু কলিতা ছাত্ৰ সন্থাই  সাব্যস্ত কৰে এই প্ৰতিবাদ।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া প্ৰতিবাদী ধৰ্মঘট পালন কৰে সংগঠন দুটাই।

সংগঠন দুটাৰ স্পষ্ট দাবী গাঁৱৰ মহিলা সকলে স্বাৱালম্বী হবলৈ বিভিন্ন মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ পৰা ঋণ লৈছিল যদিও লকডাউনৰ বাবে ঋণ পৰিশোধ কৰাত সমস্যা হৈছিল। যাৰ বাবে বিভিন্ন সময়ত এই মাইক্ৰ’ফাইনেঞ্চ কোম্পানী বিলাকে মহিলা সকলক ঋণ পৰিশোধ কৰিবলৈ ভিতি প্ৰদৰ্শণ কৰি আহিছে।

কলিতা ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ সভাপতি যুগান্তৰ বৰদলৈয়ে কয়, কেন্দ্ৰীয়  চৰকাৰে আম্বানী আদানী বিজয় মালিয়াৰ দৰে বহু উদ্যোগপতিৰ  হাজাৰ হাজৰ কোটি টকাৰ ঋণ মাফ কৰিব পাৰে যদি গাঁৱৰ এইসকল দৰিদ্ৰ মহিলাৰও ঋণ মাফ কৰিব লাগিব।

অন্যথা এই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি মন্তব্য কৰে।

Related News