DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ষতিপূৰণৰ দাবীত অব্যাহত আছে প্ৰতিবাদ : বগীবিল দলং উদ্বোধনৰ দিনাও চলিব আন্দোলন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 11:07 am
Bogibeel-Bridge-3
382
VIEWS
Share on FacebookShare on Twitter

বগীবিল দলং উদ্বোধনলৈ মাজত মাত্ৰ দুদিনমান বাকী থকা সময়তে উত্তৰপাৰৰ কাৰেংচাপৰি ৰে’ল বিভাগৰ কাৰ্যালয়ত ক্ষতিপূৰণৰ দাবীত ভুক্তভোগীয়ে চলাইছে উত্তাল প্ৰতিবাদ। বগীবিল দলঙৰ উত্তৰপাৰে ডাম্বোকত ২০০৭ চনতে ৰে’ল বিভাগে অধিগ্ৰহণ কৰা ১৪০ বিঘা ভূমিৰ ক্ষতিপূৰণ আদায়ৰ নামত চৰম গাফিলতি কৰাৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে।

আনহাতে, বৃহস্পতিবাৰে দুপৰীয়া ৰে’ল বিভাগৰ বিষয়া-কৰ্মচাৰীক প্ৰৱেশদ্বাৰতেই বাধা প্ৰদান কৰে ক্ষতিগ্ৰস্ত প্ৰতিবাদী ৰাইজে। দুই শতাধিক লোকে বেনাৰ-ফেষ্টুন লৈ ‘টি এম পি কে জিন্দাবাদ, ভূমি ক্ষতিগ্ৰস্তক ভূমিৰ ক্ষতিপূৰণ আদায় দিয়ক, ক্ষতিপূৰণৰ নামত অন্যায় বন্ধ কৰক, ৰে’ল বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ হুঁচিয়াৰ, জিলা প্ৰশাসন মুৰ্দাবাদ, আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

ইপিনে, সময়তে চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰুন্ধতী মিপুন আৰু বগীবিল দলং প্ৰকল্পৰ নিৰ্মাণ শাখাৰ উপ-মুখ্য অভিযন্তা  ধৰ্মানন্দ দাস উপস্থিত হৈ প্ৰতিবাদী ৰাইজক বুজনি দিয়ে যদিও প্ৰতিবাদকাৰীসকলে ক্ষতিপূৰণ আদায় নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ কথা স্পষ্ট কৰি দিয়ে।

তদুপৰি, বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে উপস্থিত হোৱা ৰে’ল বিভাগৰ বিষয়াই প্ৰতিবাদকাৰী ৰাইজৰ নেতৃত্ব বহন কৰাসকলৰ সৈতে ৰে’লৰ শীৰ্ষ বিষয়াৰ টেলিফোনিক বাৰ্তালাপ কৰায় যদিও কোনো সমাধান সূত্ৰ নোলাল। প্ৰতিবাদকাৰীসকলে ক্ষতিপূৰণ আদায়ৰ লিখিত প্ৰতিশ্ৰুতি অবিহনে আন্দোলন বন্ধ নকৰে বুলি জনাই দিয়ে।

আনহাতে, বিগত এঘাৰটা বছৰে ক্ষতিপূৰণৰ নামত ফুটাকড়ি এটাও লাভ নকৰা ক্ষতিগ্ৰস্তই অহা ২৫ ডিচেম্বৰৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া বগীবিল দলং উদ্বোধনী অনুষ্ঠানৰ সময়তো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিছে। পৰিতাপৰ বিষয় যে দলঙৰ নামত নিজৰ পৈতৃক সম্পত্তি মাটি দান কৰা এই নি:স্ব গাওঁবাসীৰ প্ৰতি চৰকাৰ কেতিয়া সদয় হ’ব?

Recent News

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd