কৃষক বিদ্ৰোহৰ ১০০ দিন : ‘৩ কষি আইন বাতিল নকৰালৈকে অব্যাহত থাকিব কৃষক বিক্ষোভ’, টিকাইত

rakeshtikait-1613549030

দিল্লী সীমান্তত অব্যাহত থকা কৃষক বিদ্ৰোহে ১০০ টা দিন অতিক্রম কৰিলে। আজিৰ পৰা এশ দিনৰ পূৰ্বে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত কেন্দ্ৰই প্ৰণয়ন কৰা তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী ঘেৰাও কৰাৰ মানসেৰে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

কিন্তু দিল্লী আৰক্ষীয়ে দেশৰ ৰাজধানীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰাৰ ফলত বিদ্ৰোহী কৃষকসকলক হাৰিয়ানা আৰু দিল্লী সীমান্তৱৰ্তী অঞ্চলত অবিৰতভাৱে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পিছতে ৰহাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উত্তৰাখাণ্ড, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ কৃষকসকলেও দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ আৰু দিল্লী সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে।

এই অবিৰত বিক্ষোভে আজি ১০০ টা দিন অতিক্ৰম কৰিছে। এই এশদিনীয়া বিক্ষোভৰ সময়ত চৰকাৰৰ সৈতে কৃষক নেতৃত্বৰ ১০ লানিৰো অধিক বৈঠক অনুষ্ঠিত হৈছিল যদিও প্ৰতিখন বৈঠকতেই কোনো সমাধান সূত্ৰ নোলাল, কাৰ্যতঃ বৈঠকসমূহ বিফল হয়।

ইয়াৰ মাজতে সংযুক্ত কৃষক মৰ্চাই ২৬ জানুৱাৰিত দিল্লী ট্ৰেক্টৰ ৰেলী, ভাৰত বন্ধ, দেশজুৰি চকা বন্ধ, চাৰি ঘণ্টীয়া ৰে’ল অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ল’লেও চৰকাৰে কৃষি আইন বাতিলৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

সংযুক্ত কৃষক মৰ্চাই ইয়াৰ পিছত কেবা লাখ ট্ৰেক্টৰেৰে পুনৰ দিল্লী চলো ট্ৰেক্টৰ ৰেলী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰি আহিছে।

ইফালে কৃষক বিক্ষোভে এশ দিন অতিক্ৰম কৰাৰ দিনটোতে সংযুক্ত কিষাণ মৰ্চাৰ নেতা ৰাকেশ টাকইতে ঘোষণা কৰিছে যে কেন্দ্ৰই তিনি কৃষি আইন বাতিল নকৰাৰ পৰ্যন্ত কৃষক বিক্ষোভ অব্যাহত থাকিব।

কৃষক বিক্ষোভে ১০০ দিন সম্পূৰ্ণ কৰাৰ দিনা অৰ্থাৎ শনিবাৰে মুজাফাৰনগৰৰ ৰামৰঞ্জানত কৃষকক উদ্দেশ্যি টিকাইতে কয় যে চৰকাৰে আমাৰ দাবী মানি কৃষি আইন বাতিল নকৰাৰ পৰ্যন্ত আমি আমাৰ দাবীত অটল হৈ থাকিম।

টিকাইতে লগতে কয় যে তিনি কৃষি আইন বাতিলৰ দাবীত অহা ২৭ মাৰ্চত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ পৰা বহু ট্ৰেক্টৰ গাজীপুৰত বিক্ষোভস্থলীত উপস্থিত হ’ব।